দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বায়ুৰ মানদণ্ড উন্নত কৰিবলৈ গঠিত উচ্চ পৰ্যায়ৰ টাস্কফ’ৰ্চৰ বৈঠক প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি.কে. মিশ্ৰৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। এই বৈঠকখনিত দিল্লী, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ মুখ্য সচিবসকল, পৰিবেশ, বন ও জলবায়ু পৰিৱৰ্তন, কৃষি, পথ, পেট্ৰ’লিয়াম মন্ত্ৰণালয়কে ধৰি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগ/মন্ত্ৰালয়ৰ সচিবসকল আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়বয়ীয়াই ভাগ লয়।

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবে আগতীয়াকৈ এই বৈঠকখনি অনুষ্ঠিত কৰা সন্দৰ্ভত উপস্থিতসকলক জনাই যে শস্য চপোৱাৰ আৰম্ভণি আৰু শীতকালৰ আৰম্ভৰ আগেয়েই এই বৈঠকখনিৰ জৰিয়তে যথাসময়ত বায়ু প্ৰদূষণৰ ফলত সৃষ্টি হ’বলগীয়া সমস্যাসমূহেৰে মোকাবিলা কৰিবলৈ যথোচিত সতৰ্কতা আৰু প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ অৰ্থেই অনুষ্ঠিত কৰা হৈছে।

ইয়াত বায়ু প্ৰদূষণৰ মূল উৎস, ৰাজ্য চৰকাৰ আৰু ভিন্ন মন্ত্ৰালয়ৰদ্বাৰা গ্ৰহণ কৰা ব্যৱস্থা আৰু অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে যোৱা দুটা বছৰত নৰা জ্বলোৱাৰ প্ৰকোপ ৫০% ৰোধিক হ্ৰাস পাইছে আৰু ভাল একিউআই দিনসমূহৰ অৱসান ঘটিছে।

পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ চৰকাৰৰদ্বাৰা শস্যৰ অৱশিষ্ট অংশৰ জ্বলনৰ নিয়ন্ত্ৰণৰ অৰ্থে গ্ৰহণ কৰা প্ৰচেষ্টা আৰু ইয়াক ৰোধ কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত বিস্তৃতভাৱে পৰীক্ষা কৰা যায়। ইয়াৰোপৰি, শস্যৰ অৱশিষ্ট অংশৰ স্বাভাৱিক ব্যৱস্থাপনাৰ অৰ্থে যন্ত্ৰাদিৰ উপলব্ধতা আৰু তৃণমূল পৰ্যায়ত ইয়াৰ মোতায়েন সন্দৰ্ভতো বিস্তৃত পৰ্যালোচনা কৰা হয়।

বৈঠকত উল্লেখ কৰা হয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নেতৃত্বত অগ্ৰাধিকাৰমূলক ক্ষেত্ৰৰ অধীনত অৱশিষ্ট অংশ ভিত্তিক শক্তি/ইন্ধন প্লান্টৰ শেহতীয়া অন্তৰ্ভুক্তিৰ ফলশ্ৰুতিত, এনে ইউনিটসমূহৰ ক্ষীপ্ৰ মোতায়েনৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়াভাৱে কৰ্ম পৰিকল্পনা যুগুত কৰা উচিত। শস্যৰ বৈচিত্ৰতা আৰু যোগান শৃংখলৰ শক্তিশালীকৰণ সম্পৰ্কীয় ব্যৱস্থা সন্দৰ্ভতো বৈঠকখনিত বিতংভাৱে আলোচনা কৰা যায়।

প্ৰধান সচিবে কৃষি মন্ত্ৰালয়ৰ শস্য অৱশিষ্ট আঁচনিৰ বৰ্তমানে থকা স্বাভাৱিক ব্যৱস্থাপনা ৰাজ্যসমূহে ফলপ্ৰসূতাৰে ৰূপায়ণ কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ তদুপৰি, শস্য চপোৱাৰ আৰম্ভণিৰ পূৰ্বেই এই বৰ্ষত মোতায়েন কৰা নতুন যন্ত্ৰাদি যাতে কৃষক ৰাইজৰ কাষ পাইগৈ সেয়া ৰাজ্য চৰকাৰসমূহে নিশ্চিত কৰিব লাগে বুলি কয়। এই সংক্ৰান্তত কৃষি মন্ত্ৰালয়ক ইতিমধ্য়ে সকলো যাৱতীয় সহায় আগবঢ়াবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে।

নৰা জ্বলোৱাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ, তৃণমূল পৰ্যায়ত যথোচিত টীম মোতায়েন কৰা আৰু পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশকে প্ৰমুখ্য কৰি ভিন্ন অঞ্চলসমূহত যাতে এনে ঘটনা সংঘটিত নহয়, সেয়া নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰা যায়। এই ৰাজ্যকেইখনে ইয়াৰ সংশ্লিষ্ট জিলাসমূহত অতিৰিক্ত প্ৰচেষ্টা গ্ৰহণ আৰু যথোচিত ব্যৱস্থা গ্ৰহণত জোৰ দিয়া হয়।

জিএনচিটি-দিল্লীৰ চৰকাৰক প্ৰদূষণৰ স্থানীয় উৎস নিয়ন্ত্ৰণ কৰিবলৈ অনুৰোধ কৰা হয়। প্ৰধান সচিবে উল্লেখ কৰে যে মুকলি স্থানত আৱৰ্জনা জ্বলোৱা নিয়ন্ত্ৰণ, মেকানিকেল ৰ’ড ছুইপাৰৰ আইটি-নিৰ্ভৰ নিৰীক্ষণ, নিৰ্মাণ ও উচ্ছেদৰ আৱৰ্জনাৰ উপযোগিতা বৃদ্ধি আৰু চিনাক্ত কৰা হট স্পটসমূহৰ বাবে ক্ষেত্ৰ বিশেষে ৰূপায়ণৰ কাৰণে টীম গঠনৰ পোষকতা কৰে। এই বৈঠকখনিত এনচিআৰৰ অধীনস্থ এলেকাৰ বাবে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশে সমজাতীয় ক্ষেত্ৰ নিৰ্দিষ্ট কৰ্ম পৰিকল্পনা যুগুত কৰি উলিওৱা আৰু ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

প্ৰধান সচিবে পৰিস্থিতি তীব্ৰ হোৱাৰ পূৰ্বোই যথোচিত ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰে, তদুপৰি ছেটেলাইন ঔদ্যোগিক ক্ষেত্ৰসমূহত উদ্যোগসমূহে নিৰ্গমন বিধি মানি চলাত তেওঁ গুৰুত্ব দিয়ে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Textile Exports May Gain Nearly $1 Bn From UK FTA: Ind-Ra

Media Coverage

India's Textile Exports May Gain Nearly $1 Bn From UK FTA: Ind-Ra
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥