প্ৰধানমন্ত্ৰীৰ তৃণমূল পৰ্য্যায়তে প্ৰমুখ্য কৰি নাৰী সবলীকৰণৰ দৃষ্টিৰে সংগতি ৰাখি এই কাৰ্য্যক্ৰম
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৬ লাখ মহিলা সদস্যক লাভান্বিত কৰি এছএইচজিলৈ ১০০০ কোটি টকা হস্তান্তৰ কৰিব
প্ৰধানমন্ত্ৰীয়ে বিজনেছ কৰেছপণ্ডেন্ট-সখীসকললৈ প্ৰথম মাহৰ বেতন হস্তান্তৰ আৰু লগতে মুখ্য মন্ত্ৰী কন্যা সুমংগলা আঁচনিৰ ১ লাখৰো অধিক হিতাধিকাৰীলৈ ধন হস্তান্তৰ কৰিব
প্ৰধানমন্ত্ৰীয়ে ২০০ ৰোধিক পৰিপূৰক পুষ্টি নিৰ্মাণ গোটৰ আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ২১ ডিচেম্বৰত প্ৰয়াগৰাজ ভ্ৰমণ আৰু দুপৰীয়া প্ৰায় ১ বজাত ২ লাখৰো অধিক মহিলা সমবেত হোৱা এটি কাৰ্য্যক্ৰমত অংশগ্ৰহণ কৰিব।

মহিলাসকলক তৃণমূল পৰ্য্যায়তে প্ৰমুখ্য কৰি আৱশ্যকীয় দক্ষতা, উদগনি আৰু সম্পদ প্ৰদানেৰে সবলীকৰণৰ অৰ্থে প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিৰে সংগতি ৰাখি এই কাৰ্য্যক্ৰমৰ আয়োজন কৰা হৈছে। মহিলাসকলক সমৰ্থনৰ বাবে এই প্ৰচেষ্টাত প্ৰধানমন্ত্ৰীগৰাকীয়ে আত্ম সহায়ক গোট (SHG) ৰ বেংক একাউণ্টসমূহলৈ ১০০০ কোটি টকা হস্তান্তৰ কৰিব, যাৰ ফলত আত্ম সহায়ক গোটসমূহৰ প্ৰায় ১৬ লাখ মহিলা সদস্য উপকৃত হ'ব। দীনদয়াল অন্ত্যোদয়া যোজনা- ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (DAY-NRLM) ৰ অধীনত এই হস্তান্তৰ কৰা হৈছে। যাৰ জৰিয়তে, ৮০,০০০ এছএইচজিৰ প্ৰতি এছএইচজিয়ে ১.১০ লাখ টকাৰ সামূহিক বিনিয়োগ পুঁজি (CIF) আৰু ৬০,০০০ এছএইচজিৰ প্ৰতি এছএইচজিয়ে ১৫০০০ টকাৰ ঘূৰ্ণায়মান পুঁজি লাভ কৰিছে।

এই কাৰ্য্যক্ৰমত প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০,০০০ বিজনেছ কৰেছপণ্ডেন্ট-সখী (বি.চি.-সখী) সকলৰ একাউন্টত প্ৰথম মাহৰ বেতন হিচাপে ৪০০০ টকাকৈ হস্তান্তৰেৰে বি.চি.-সখীসকলক উৎসাহিত কৰিব। বি.চি.-সখীসকলে তৃণমূল পৰ্য্যায়ত দুৱাৰমুখতে বিত্তীয় সেৱা প্ৰদানকাৰী হিচাপে তেওঁলোকৰ কাম আৰম্ভ কৰোতে তেওঁলোকক ছয় মাহৰ বাবে ৪০০০ টকাকৈ বেতন প্ৰদান কৰাত তেওঁলোক তেওঁলোকৰ কামত স্থিৰ হয় আৰু তাৰ পিছত লেন-দেনৰ ওপৰত কমিছনৰ জৰিয়তে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে।

এই কাৰ্য্যক্ৰমতে প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মুখ্য মন্ত্ৰী কন্যা সুমংগলা আঁচনিৰ অধীনত ১ লাখৰোধিক হিতাধিকাৰীলৈ মুঠ ২০ কোটিৰো অধিক পৰিমাণ হস্তান্তৰ কৰিব। আঁচনিখনে এগৰাকী কন্যা শিশুলৈ তেওঁৰ জীৱনৰ বিভিন্ন পৰ্য্যায়ত চৰ্তসাপেক্ষে নগদ হস্তান্তৰ আগবঢ়াইছে। মুঠ হস্তান্তৰ হৈছে প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ১৫০০০ টকা। এই স্তৰসমূহ হৈছেঃ জন্মত (২,০০০ টকা), এবছৰীয়া সম্পূৰ্ণ টীকাকৰণত (১০০০ টকা), ১ম-শ্ৰেণীত নামভৰ্তিত (২০০০ টকা), ৬ষ্ঠ-শ্ৰেণীত নামভৰ্তিত (২০০০ টকা), ৯ম-শ্ৰেণীত নামভৰ্তিত (৩০০০ টকা), ১০ম বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত যিকোনো ডিগ্ৰী/ডিপ্লমা পাঠ্যক্ৰমত নামভৰ্তিত (৫০০০ টকা)।

প্ৰধানমন্ত্ৰীয়ে ২০২ টা পৰিপূৰক পুষ্টি নিৰ্মাণ গোটৰ আধাৰশিলা স্থাপন কৰিব। এই গোটসমূহক আত্ম সহায়ক গোটৰদ্বাৰা পুঁজি যোগান ধৰা হৈছে আৰু এটা গোটৰ বাবে প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব। এই গোটসমূহে ৰাজ্যখনৰ ৬০০ টা খণ্ডত সংহত শিশু বিকাশ আঁচনি (ICDS) ৰ অধীনত পৰিপূৰক পুষ্টি যোগান ধৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Railways to operate over 300 special trains for Jagannath Rath Yatra, 100 for Onam: Ashwini Vaishnaw

Media Coverage

Railways to operate over 300 special trains for Jagannath Rath Yatra, 100 for Onam: Ashwini Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 জুলাই 2026
July 07, 2026

PM Modi Elevating India’s Global Standing Through Diplomacy and Development