২৭ জানুৱাৰী ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ মাডুৰাই ভ্ৰমণ কৰিব৷ মাডুৰাইত নতুন এইমছৰ আধাৰশিলা স্থাপন তথা মাডুৰাই, থানজাৱাৰ আৰু তিৰুনেলভেলীৰ চৰকাৰী চিকিৎসা মহাবিদ্যালৰ উন্নীতকৰণ প্ৰকল্প মুকলিৰ জৰিয়তে অঞ্চলটোত স্বাস্থ্য সেৱা খণ্ডত অধিক সুবিধা লাভ হ’ব৷ প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে ৰাজহুৱা সভাত জনতাক সম্বোধনো কৰিব৷

এইমছমাডুৰাই

প্ৰধানমন্ত্ৰীয়ে মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ১৭.১২.২০১৮ তাৰিখে মাডুৰাইৰ থপ্পুৰত এইমছ স্থাপনৰ বাবে অনুমোদন প্ৰদান কৰিছিল৷ ২০১৫–১৬ৰ বাজেটত তামিলনাডুৰ এইমছৰ বিষয়ে ঘোষণা কৰা হৈছিল৷ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ১২৬৪ কোটি টকাৰ বাজেটেৰে এই নতুন এইমছৰ নিৰ্মাণ, কাৰ্যাৱলী আৰু প্ৰতিপালন ব্যয় বহন কৰা হ’ব৷ ইয়াক ৪৫ মাহৰ ভিতৰত অৰ্থাৎ ২০২২ চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হ’ব৷

মাডুৰাইৰ এইমছখন ৭৫০খন বিচনাযুক্ত হ’ব য’ত ৩০খন জৰুৰীকালীন/ট্ৰ’মা বিচনা, আইচিইউ আৰু সংকটকালীন ইউনিটত ৭৫খন বিচনা, ছুপাৰ স্পেচিয়েলিটী ইউনিটত ২১৫খন বিচনা, ছাৰ্জিকেল আৰু মেডিকেল ইউনিটত ২৮৫খন বিচনা, আয়ুস আৰু ব্যক্তিগত ৱাৰ্ড প্ৰত্যেকৰে বাবে ৩০খনকৈ বিচনা থাকিব৷ তাৰোপৰি ইয়াত প্ৰশাসনীয় ভৱন, প্ৰেক্ষাগৃহ, নিশাৰ আশ্ৰয়, অতিথি গৃহ, হোষ্টেল আৰু আৱাসিক সুবিধাও থাকিব৷

এইমছ মাডুৰাই পিজি আৰু উচ্চ শিক্ষা তথা গৱেষণাৰ উদ্দেশ্যে দীৰ্ঘকালীন লক্ষ্যৰ বাবে স্থাপন কৰা হৈছে৷ ইয়াত ১০০খন এমবিবিএছ আসন আৰু ৬০খন বি.এছচি (নাৰ্ছিং)ৰ আসন থাকিব৷

নতুন এইমছৰ স্থাপনে অঞ্চলটোত স্বাস্থ্য সেৱা, স্বাস্থ্য শিক্ষা তথা প্ৰশিক্ষণ সুবিধাৰ আমুল পৰিৱৰ্তন কৰিব৷ ইয়াৰ দ্বাৰা স্বাস্থ্য সেৱাৰ সৈতে জড়িত ব্যক্তিৰ অভাৱো পূৰণ হ’ব৷ এই নতুন এইমছে কেৱল স্বাস্থ্য সেৱা প্ৰদান কৰাই নহয়, ইয়াৰ দ্বাৰা অঞ্চলটোত প্ৰাথমিক আৰু দ্বিতীয় পৰ্যায়ৰ স্বাস্থ্যখণ্ডসমূহৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এনএইচএম)ৰ অধীনত বৃহৎ সংখ্যক চিকিৎসক তথা স্বাস্থ্য কৰ্মীৰো সৃষ্টি কৰিব৷

চৰকাৰী চিকিৎসা মহাবিদ্যালয় উন্নীতকৰণ প্ৰকল্প

প্ৰধানমন্ত্ৰীয়ে মাডুৰাই ৰাজাজী চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী ব্ল’কো মুকলি কৰিব৷ চৰকাৰী চিকিৎসা মহাবিদ্যালয় উন্নীতকৰণ প্ৰকল্পৰ অংশ হিচাপে থানজাৱাৰ চিকিৎসা মহাবিদ্যালয় আৰু তিৰুনেলভেলি চিকিৎসা মহাবিদ্যালয়ৰো ছুপাৰ স্পেচিয়েলিটী ব্ল’ক মুকলি কৰা হ’ব৷ এই তিনিওখন চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী ব্ল’কৰ উন্নীতকৰণত মুঠ ৪৫০ কোটি টকা ব্যয় হ’ব৷

মাডুৰাইৰ ৰাজাজী চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণত ৩২০খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটী ব্ল’ক অন্তৰ্ভুক্ত থাকিব য’ত নিউৰ’ছাৰ্জাৰী, নিউৰ’লজী, নেফ্ৰ’লজী, প্লাষ্টিক ছাৰ্জাৰী, ইউৰ’লজী, মাইক্ৰ’ভাস্কুলাৰ আৰু মেডিকেল তথা ছাৰ্জিকেল গেষ্ট্ৰ’এণ্টেৰ’লজী শীৰ্ষক ৭টা বিভাগো থাকিব৷

থানজাৱাৰৰ থানজাৱাৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণত ২৯০খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটী ব্ল’ক অন্তৰ্ভুক্ত থাকিব য’ত কাৰ্ডিঅ’লজী, কাৰ্ডিয়াক ছাৰ্জাৰী (চিটিভিএছ), নিউৰ’লজী, নিউৰ’ছাৰ্জাৰী, ইউৰ’লজী, নেফ্ৰ’লজী, প্লাষ্টিক আৰু পুনৰ নিৰ্মাণ ছাৰ্জাৰী,মেডিকেল গেষ্ট্ৰ’এণ্টেৰ’লজী, ছাৰ্জিকেল গেষ্ট্ৰ’এণ্টেৰ’লজী, ভাস্কুলাৰ ছাৰ্জাৰী শীৰ্ষক ১০টা বিভাগ থকাৰ লগতে ৫টা অস্ত্ৰোপচাৰ কক্ষও থাকিব৷

তিৰুনেলভেলিৰ তিৰুনেলভেলি চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণত ৩৩০খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটী ব্ল’ক অন্তৰ্ভুক্ত থাকিব য’ত কাৰ্ডিঅ’লজী, কাৰ্ডিয়াক ছাৰ্জাৰী (চিটিভিএছ), নিউৰ’লজী, ইউৰ’লজী, নেফ্ৰ’লজী, পুনৰ গঠন ছাৰ্জাৰী, মেডিকেল গেষ্ট্ৰ’এণ্টেৰ’লজী আৰু ছাৰ্জিকেল গেষ্ট্ৰ’এণ্টেৰ’লজী শীৰ্ষক ৮টা বিভাগ থকাৰ লগতে ৭টা অস্ত্ৰোপচাৰ কক্ষও থাকিব৷

এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত গ্ৰহণ কৰা হৈছে৷ ইয়াৰ জৰিয়তে সমগ্ৰ দেশত ২০খন এইমছ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে য’ত ছয়খন ইতিমধ্যেই স্থাপন কৰা হৈছে আৰু ৭৩খন চিকিৎসা মহাবিদ্যালয়ৰ উন্নীতকৰণৰ কামো হাতত লোৱা হৈছে৷ নতুন এইমছ আৰু তামিলনাডুৰ তিনিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ছুপাৰ স্পেচিয়েলিটী ব্ল’কৰ মুকলিৰ দ্বাৰা চৰকাৰে সুস্থ ভাৰতৰ বাবে প্ৰদান কৰা প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে৷  

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Exports may hit $1 Tn in FY27 on new trade deals, tariff cuts

Media Coverage

Exports may hit $1 Tn in FY27 on new trade deals, tariff cuts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ফেব্ৰুৱাৰী 2026
February 10, 2026

Stable Banks, Soaring Growth, Sectoral Wins: Celebrating India's Unstoppable Rise in 2026 Under PM Modi