১২ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ কুৰুক্ষেত্ৰ ভ্ৰমণ কৰিব৷ তাতে তেওঁ স্বচ্ছ শক্তি–২০১৯ত অংশগ্ৰহণ কৰিব৷ তাৰোপৰি তেওঁ হাৰিয়ানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্পও মুকলি কৰিব৷

স্বচ্ছ শক্তি ২০১৯

প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ শক্তি ২০১৯ত অংশগ্ৰহণ কৰি স্বচ্ছ শক্তি–২০১৯ বঁটা বিতৰণ কৰিব৷ কুৰুক্ষেত্ৰত অনুষ্ঠিত স্বচ্ছ সুন্দৰ শৌচালয়ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ জনতাক সম্বোধি ভাষণ প্ৰদান কৰিব৷

স্বচ্ছ শক্তি ২০১৯ত সমগ্ৰ দেশৰ পঞ্চায়তৰ মহিলা নেত্ৰীসকলে অংশগ্ৰহণ কৰিব৷ এই বৰ্ষত প্ৰায় ১৫,০০০ গৰাকী মহিলাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ এই অনুষ্ঠানৰ জৰিয়তে মহিলা সৱলীকৰণত গুৰুত্ব প্ৰদান কৰা হৈছে৷

উল্লেখ্য, স্বচ্ছ শক্তি কাৰ্যসূচীৰ প্ৰথম সংস্কৰণ গুজৰাটৰ গান্ধীনগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে মুকলি কৰিছিল৷ দ্বিতীয় সংস্কৰণ ২০১৮ চনত লক্ষ্ণৌত মুকলি কৰা হৈছিল৷ আৰু তৃতীয়টো সংস্কৰণ কুৰুক্ষেত্ৰত মুকলি কৰা হ’ব৷

উন্নয়নমূলক প্ৰকল্পসমূহ

ঝাঝৰৰ ভাড়চাৰ ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠান ৰাষ্ট্ৰলৈ বুলি উচৰ্গা

৭০০খন বিচনাযুক্ত এই ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠান ঝাঝৰৰ এইমছৰ প্ৰাংগনত নিৰ্মাণ কৰা হৈছে৷ ইয়াত ছাৰ্জিকেল অংকলজিৰেডিয়েচন অংকলজিমেডিকেল অংকলজিএনাচথেচিয়াপেলিভেটিভ কেয়াৰ আৰু নিউক্লিয়াৰ মেডিচিনৰ সুবিধা প্ৰদান কৰাৰ উপৰিও চিকিৎসক আৰু ৰোগীৰ সহযোগীৰ বাবে হোষ্টেলৰো ব্যৱস্থা কৰা হৈছে৷ এই প্ৰতিষ্ঠান দেশৰ কৰ্কট ৰোগৰ সকলো ধৰণৰ কাৰ্যকলাপৰ এক কেন্দ্ৰীয় স্থান হিচাপে পৰিগণিত হব আৰু দেশৰ বিভিন্ন কৰ্কট প্ৰতিষ্ঠানৰ সৈতে সংযোজিত হব৷ ভাৰতৰ কৰ্কট ৰোগৰ প্ৰিমিয়াৰ প্ৰতিষ্ঠান হিচাপে এনচিআইয়ে মলেকুলাৰ বায়লজীজিনমিকছপ্ৰটিঅমিকছকেন্সাৰ এপিডেমিঅজিৰেডিয়েচন বায়লজী আৰু কেন্সাৰ ভেকচিনৰ বাবে গৱেষণা তথা বিকাশৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰাত অগ্ৰাধিকাৰ লাভ কৰিব৷

ফৰিদাবাদৰ ইএছআইচি  চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মুকলি

ই উত্তৰ ভাৰতৰ প্ৰথমখন ইএছআইচি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় হিচাপে পৰিচিত হব৷ ৫১০খন বিচনাযুক্ত এই চিকিৎসালয়খনে বীমাকৃত ব্যক্তিক সামাজিক নিৰাপত্তা প্ৰদান কৰিব৷

পঞ্চকুলাৰ আয়ুৰ্বেদৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন

পঞ্চকুলাৰ আয়ুৰ্বেদ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান পঞ্চকুলাৰ শ্ৰী মাতা মনসা দেৱী মন্দিৰৰ প্ৰাংগনত স্থাপন কৰা হৈছে৷ ই আয়ুৰ্বেদিক চিকিৎসাশিক্ষা আৰু গৱেষণাৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হব৷ এবাৰ সম্পূৰ্ণ হোৱাৰ পিছত ই হাৰিয়ানা তথা নিকটৱৰ্তী ৰাজ্যসমূহক উপকৃত কৰিব৷

কুৰুক্ষেত্ৰত শ্ৰী কৃষ্ণ আয়ুস বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন

শ্ৰী কৃষ্ণ আয়ুস বিশ্ববিদ্যালয় ভাৰতীয় পৰম্পৰাগত চিকিৎসাৰ শিক্ষা প্ৰদান কৰা প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হব৷

পাণিপথত পাণিপথ যুদ্ধৰ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন

 এই সংগ্ৰহালয়টোৰ জৰিয়তে পাণিপথৰ যোদ্ধাসকলক সন্মান প্ৰদৰ্শন কৰা হব৷ এই সংগ্ৰহালয়টো কেন্দ্ৰীয় চৰকাৰৰ ভাৰতৰ অজানা নায়কসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন এক পদক্ষেপ হিচাপে বিবেচিত হব৷

কাৰ্ণালত স্বাস্থ্য বিজ্ঞানৰ পণ্ডিত দীন দয়াল উপাধ্যায় বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন

প্ৰধানমন্ত্ৰীয়ে কাৰ্ণালত স্বাস্থ্য বিজ্ঞানৰ পণ্ডিত দীন দয়াল উপাধ্যায় বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব৷

এই প্ৰকল্পসমূহৰ জৰিয়তে হাৰিয়ানাৰ শিক্ষা, স্বাস্থ্য আৰু সাংস্কৃতিক দিশ বিকশিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'We'll provide AI skill training to 1 crore youth': PM Modi's big announcement on Independence Day 2026

Media Coverage

'We'll provide AI skill training to 1 crore youth': PM Modi's big announcement on Independence Day 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 আগষ্ট 2026
August 15, 2026

Azadi Ka Amrit Mahotsav Continues: PM Modi’s Independence Day Vision Unites Growth, Youth Power & National Pride