প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জানুৱাৰী, ২০১৯ত ঝাৰখণ্ড আৰু ওড়িশা ভ্ৰমণ কৰিব৷

ঝাৰখণ্ডত প্ৰধানমন্ত্ৰীয়ে নৰ্থ কোৱেল(মণ্ডল ডাম) প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণ আৰু কানহাৰ ষ্টন পাইপলাইন জলসিঞ্চনৰ ব্যৱস্থাৰ আধাৰশিলা স্থাপন উপলক্ষে নামফলক উন্মোচন কৰিব৷ তেওঁ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ২৫,০০০ হিতাধিকাৰীৰ সামূহিক ই-গৃহপ্ৰৱেশৰ শুভাৰম্ভ কৰিব৷ এক ৰাজহুৱা সভাতো ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে৷

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী ওড়িশালৈ যাব৷ বৰীপাড়াত তেওঁ আইঅ’চিএলৰ এলপিজি পাইপলাইন প্ৰকল্পৰ বালাছৰ-হালদিয়া-দুৰ্গাপুৰ অংশ আৰু বালাছৰ মাল্টিমডেল লজিষ্টিক পাৰ্ক দেশবাসীৰ নামত উচৰ্গা কৰিব৷

প্ৰধানমন্ত্ৰীয়ে হৰিপুৰগড়ৰ প্ৰাচীন দুৰ্গত ৰছিতা ৰায় মন্দিৰৰ উন্নয়ন তথা সংৰক্ষণমূলক কাম-কাজৰ শুভাৰম্ভ উপলক্ষে নামফলক উন্মোচন কৰিব৷ তেওঁ একাধিক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ফ’ৰলেন আধাৰশিলা আৰু ৬টা পাছপ’ৰ্ট সেৱা কেন্দ্ৰ উদ্বোধন কৰিব৷ তেওঁ টাটানগৰৰ পৰা বাদামপাহাৰৰ মাজত চলিবলগীয়া দ্বিতীয়খন যাত্ৰীবাহী ৰে’লৰো ফ্লেগ অফ কৰিব৷

বৰীপাড়াতো এখন সভাত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi