প্ৰধানমন্ত্ৰীয়ে কাইলৈ গুৱাহাটী, ইটানগৰ আৰু আগৰতলা ভ্ৰমণ কৰিব৷ কাইলৈ তেওঁ ইটানগৰত গ্ৰীণফিল্ড বিমানবন্দৰ, ছেলা টানেল আৰু উত্তৰ পূব গেছ গ্ৰীডৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ পিছত তেওঁ ডিডি অৰুণ প্ৰভা চেনেল আৰু গাৰ্জী-বেল’নিয়া ৰে’লৱে পথ মুকলি কৰিব৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে তিনিখন ৰাজ্যত বিভিন্ন উন্নয়নমূলক প্ৰকল্পও মুকলি কৰিব৷

 

অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে কাইলৈ ৰাতিপুৱা গুৱাহাটীৰ পৰা ইটানগৰত উপস্থিত হ’ব৷ ইটানগৰৰ আইজি পাৰ্কত কাইলৈ তেওঁ বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে হলংগি গ্ৰীণফিল্ড বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰিব৷ বৰ্তমানে ইটানগৰৰ নিকটৱৰ্তী বিমানবন্দৰটো হ’ল অসমৰ লীলাবাৰী বিমানবন্দৰটো যি ইটানগৰৰ পৰা ৮০ কিলোমিটাৰ দূৰৈত অৱস্থিত৷ হলংগি বিমানবন্দৰে এই দূৰত্ব চাৰিগুণলৈ হ্ৰাস কৰিব৷ এই বিমানবন্দৰে অঞ্চলটোত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ উপৰিও পৰ্যটনৰো বিকাশ কৰিব৷ তাৰোপৰি অঞ্চলটোৰ অৰ্থনৈতিক উত্তৰণৰ দ্বাৰা ৰাষ্ট্ৰৰ বাবেও ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ বিমানবন্দৰটোত কেতবোৰ বিশেষ সুবিধা উপলব্ধ কৰোৱা হৈছে৷ যেনে শব্দ প্ৰতিৰোধী ব্যৱস্থা, বৰষুণৰ পানী জমা কৰাৰ ব্যৱস্থা, শক্তিৰ দক্ষতা বৃদ্ধিৰ সঁজুলি ইত্যাদি৷

প্ৰধানমন্ত্ৰীয়ে কাইলৈ অৰুণাচল প্ৰদেশত ছেলা টানেলৰ আধাৰশিলাও স্থাপন কৰিব৷ ইয়াৰ দ্বাৰা টাৱাং উপত্যকাৰ বাসিন্দাই বছৰৰ সকলো সময়তে যাতায়াতৰ সুবিধা লাভ কৰাৰ লগতে যাত্ৰাৰ দূৰত্ব এঘণ্টালৈ হ্ৰাস হ’ব৷ ফলত অঞ্চলটোত পৰ্যটনৰ সুবিধা অধিক বিকশিত হোৱাৰ সম্ভাৱনা আছে৷

অৰুণাচল প্ৰদেশৰ বাবে দূৰদৰ্শনৰ এটা নতুন চেনেল ডিডি অৰুণ প্ৰভা কাইলৈ প্ৰধানমন্ত্ৰীয়ে ইটানগৰৰ আইজি পাৰ্কত মুকলি কৰিব৷ দূৰদৰ্শনৰ এই চেনেলটো ২৪ ঘণ্টাই উপভোগ কৰিব পৰা হ’ব৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে কাইলৈ অৰুণাচল প্ৰদেশত ১১০ মেগাৱাটৰ পাৰে হাইড্ৰ’ইলেক্ট্ৰিক উত্পাদন ক্ষেত্ৰ দেশবাসীলৈ উচৰ্গা কৰিব৷ নীপকোৰ দ্বাৰা নিৰ্মাণ হোৱা এই প্ৰকল্পই ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ দিক্ৰঙৰ পৰা জল বিদ্যুৎউৎপাদন কৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ বিদ্যুৎশক্তি যোগান ধৰিব৷

বিভিন্ন প্ৰকল্পৰ মুকলি অনুষ্ঠান উপলক্ষে প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ জোটেত ফিল্ম এণ্ড টেলিভিচন ইন্সটিটিউট অব্ ইণ্ডিয়া (এফটিআইআই)ৰ স্থায়ী আৱাসক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ নিৰ্মাণৰ শিক্ষাৰ্থীসকল উপকৃত হ’ব৷

প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ উন্নীত তেজু বিমানবন্দৰো মুকলি কৰিব৷ এই বিমানবন্দৰটো উড়ান আঁচনিৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু বাণিজ্যিক ব্যৱহাৰৰ বাবে টাৰ্মিনেল বিল্ডিঙৰো নিৰ্মাণ কৰা হৈছে৷

কাইলৈ প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশত আয়ুষ্মান ভাৰতৰ অধীনত ৫০টা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ মুকলি কৰিব৷ তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশক সৌভাগ্য যোজনাৰ অধীনত ১০০% বৈদ্যুতিকীকৰণ ৰাজ্য হিচাপে ঘোষণা কৰিব৷

     

অসমত প্ৰধানমন্ত্ৰী

ইটানগৰৰ পৰা প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ ৰাওনা হ’ব৷ গুৱাহাটীত তেওঁ উত্তৰ পূব গেছ গ্ৰীডৰ আধাৰশিলা স্থাপন কৰিব যাৰ দ্বাৰা অঞ্চলটোত প্ৰাকৃতিক গেছৰ উপলব্ধতা সহজ হৈ পৰিব৷ এই গ্ৰীড চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত কম মূল্য তথা গুণগতমানৰ গেছ প্ৰদান কৰাৰ পদক্ষেপৰ এক অংশ৷ তেওঁ কামৰুপ, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ চিটী গেছ বিতৰণ নেটৱৰ্কৰ আধাৰশিলা স্থাপন কৰিব৷ চিটী গেছ বিতৰণে ঘৰ, উদ্যোগ আৰু বাণিজ্যিক সংস্থাসমূহলৈ স্বচ্ছ ইন্ধন (পিএনজি) যোগানৰ নিশ্চিত প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰীয়ে অসমৰ তিনিচুকীয়া জিলাত হলং মডুলাৰ গেছ প্ৰচেছিং কাৰখানা মুকলি কৰিব৷ ইয়াৰ জৰিয়তে অসমৰ মুঠ উত্পাদিত গেছৰ ১৫% যোগান সম্ভৱ হৈ উঠিব৷ তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে উত্তৰ গুৱাহাটীত মাউণ্টেড  ষ্ট’ৰেজ ভেছেলৰ এলপিজি সামৰ্থ বৃদ্ধি প্ৰকল্পও মুকলি কৰিব৷ এই অনুষ্ঠানতে নুমলীগড়ত এনআৰএল বায়’ ৰিফাইনাৰী আৰু বিহাৰ, পশ্চিম বংগ, ছিক্কিম আৰু অসমৰ মাজেৰে পাৰ হৈ যোৱা ৭২৯ কিলোমিটাৰৰ বাৰাউনী-গুৱাহাটী গেছ পাইপলাইনৰ আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে৷

 

ত্ৰিপুৰাত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীৰ উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণৰ শেষচোৱাত তেওঁ আগৰতলা ভ্ৰমণ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে স্বামী বিবেকানন্দ ষ্টেডিয়ামৰ পৰা গাৰ্জী –বেল’নিয়া ৰে’লৱে পথৰ ফলক মুকলি কৰি ৰাষ্ট্ৰলৈ উচৰ্গা কৰিব৷ ইয়াৰ জৰিয়তে ত্ৰিপুৰা দক্ষিণ আৰু দক্ষিণ পূব এচিয়াৰ বাবে দুৱাৰমুখ হৈ পৰিব৷ তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে নৰসিংগড়ত ত্ৰিপুৰা ইন্সটিটিউট অব্ টেকন’ল’জীৰ নতুন আৱাসিক ভৱনো মুকলি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰৰ মূৰ্তি মুকলি কৰিব৷ মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰক আধুনিক ত্ৰিপুৰাৰ জনক হিচাপে জনা যায়৷ এই মূৰ্তি মুকলি কৰি কেন্দ্ৰীয় চৰকাৰে ভাৰত নিৰ্মাণৰ অজানা বীৰসকলক সন্মান জনোৱাৰ পদক্ষেপৰ উদ্দেশ্যসাধিত কৰিব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership