প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ জানুৱাৰী, ২০২১ত কলকাতা ভ্ৰমণ কৰিব, য’ত তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকীৰ স্মৃতিত কলকাতা উদযাপন কৰিবলগীয়া ‘পৰাক্ৰম দিৱস’ত ভাষণ আগবঢ়াব৷ প্ৰধানমন্ত্ৰীয়ে লগতে অসমৰ শিৱসাগৰৰ জেৰেঙা পথাৰত ১.০৬ লাখ লোকক ভুমি পট্টা/আৱণ্টন পত্ৰ বিতৰণ কৰিব৷

পশ্চিমবংগত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে কলকাতাৰ ভিক্টোৰিয়া মেম’ৰিয়েলত উদযাপন কৰিবলগীয়া ‘পৰাক্ৰম দিৱস’ৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰিব৷ নেতাজীৰ অদম্য উৎসাহ আৰু দেশৰ প্ৰতি নিস্বাৰ্থ সেৱাৰ সন্মানাৰ্থে তথা স্মৃতিত ভাৰত চৰকাৰে প্ৰতি বছৰৰ ২৩ জানুৱাৰীৰ দিনটো ‘পৰাক্ৰম দিৱস’ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে, যাতে দেশবাসী, বিশেষকৈ যুৱপ্ৰজন্ম অনুপ্ৰাণিত হৈ নেতাজীৰ দৰে প্ৰতিকূল পৰিস্থিতি সন্মুখীন হ’লেও তাৰ মাজতো দেশপ্ৰেমৰ মনোভাৱ জাগ্ৰত কৰিবলৈ প্ৰেৰণা লাভ কৰে৷

এই উপলক্ষে এক স্থায়ী প্ৰদৰ্শনী আৰু এক প্ৰকল্প মেপিং শ্ব’ও শুভাৰম্ভ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে এক স্মাৰক মুদ্ৰা আৰু ডাক টিকটো মুকলি কৰিব৷ এই উপলক্ষে ‘আমৰা নিউটন যৌৱনেৰী দুত’ শীৰ্ষক নেতাজীক লৈ এক বিশেষ সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ’ব৷

এই অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কলকাতাৰ নেচনেল লাইব্ৰেৰী পৰিদৰ্শন কৰিব, য’ত ‘একবিংশ শতিকাত নেতাজী সুভাষৰ ঐতিহ্যক উভতি চোৱা’ শীৰ্ষক এক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক শিল্পী শিৱিৰ আয়োজন কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে শিল্পী আৰু সন্মিলনত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব৷

অসমত প্ৰধানমন্ত্ৰী

পুৱাৰ ভাগত প্ৰধানমন্ত্ৰীয়ে অসমৰ শিৱসাগৰত ১.০৬লাখ লোকক ভূমি পট্টা/আৱণ্টন পত্ৰ বিতৰণ কৰিব৷ ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ ভূমি সুৰক্ষা আৰু জৰুৰী অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এক নতুন ভূমি নীতি গ্ৰহণ কৰি খিলঞ্জীয়া লোকসকলৰ ভূমি সুৰক্ষাৰ দিশটো অধিক গুৰুত্ব আৰোপ কৰে৷

অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবে পট্টা/আৱণ্টন পত্ৰ প্ৰদান কৰাটোৱে তেওঁলোকৰ মাজৰ সুৰক্ষা ভাৱনা গঢ় দিয়াত সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে৷ ২০১৬ চনত অসমত ৫.৭৫লাখ ভূমিহীন লোক আছিল৷ বৰ্তমানৰ চৰকাৰে ২০১৬ৰ মে’ৰ পৰা বৰ্তমানলৈকে ইতিমধ্যে ২.২৮লাখ ভূমি পট্টা/আৱণ্টন পত্ৰ প্ৰদান কৰিছে৷ ২৩ জানুৱাৰীৰ অনুষ্ঠানো এই প্ৰচেষ্টাৰে অংশবিশেষ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
National Technology Day Special: India’s patent boom is rewiring the auto industry

Media Coverage

National Technology Day Special: India’s patent boom is rewiring the auto industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মে’ 2026
May 12, 2026

Building a Trusted India: Modi's Leadership in Finance, Manufacturing, and Global Partnerships