কৃষি আৰু সংশ্লিষ্ট খণ্ডত ৪২ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প আৰু আঁচনি আৰম্ভ, উদ্বোধন, আধাৰশিলা
স্থাপন আৰু উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
২৪ হাজাৰ কোটি টকা ব্যয়ৰে প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী ধন ধন্য কৃষি যোজনা
১০০ খন জিলাত কৃষি ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এই আঁচনি
আত্মনিৰ্ভৰ মিছন আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিব ১১,৪৪০ কোটি টকাৰ প্ৰকল্প
উৎপাদনশীলতা বৃদ্ধি, কৃষিক্ষেত্ৰৰ সম্প্ৰসাৰণ আৰু মূল্য শৃংখল শক্তিশালী কৰাৰ জৰিয়তে মাহ জাতীয় শস্যত আত্মনিৰ্ভৰশীলতা লাভ কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে অভিযান

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ অক্টোবৰ ২০২৫ তাৰিখে পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত এক বিশেষ কৃষি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে কৃষকৰ সৈতে মত বিনিময় কৰিব আৰু তাৰ পিছত ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, য’ত তেওঁ ৰাজহুৱা  সভাতো ভাষণ দিব।

এই কাৰ্যসূচীয়ে কৃষকৰ কল্যাণ, কৃষি আত্মনিৰ্ভৰশীলতা, আৰু গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ অবিৰত দায়বদ্ধতাকে আলোকপাত কৰিছে। ইয়াত আধুনিক কৃষি পদ্ধতিৰ প্ৰসাৰ, কৃষকক সহায় কৰা  আৰু কৃষককেন্দ্ৰিক পদক্ষেপত উল্লেখযোগ্য মাইলৰ খুঁটিৰ বিষয়ে  বিশেষ গুৰুত্ব আৰোপ কৰা  হ’ব।

প্ৰধানমন্ত্ৰীয়ে কৃষি খণ্ডত দুখন বৃহৎ আঁচনি আৰম্ভ কৰিব, যাৰ ব্যয় হ’ব ৩৫,৪৪০ কোটি টকা। ২৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী ধন ধন্য কৃষি যোজনা আৰম্ভ কৰিব। ইয়াৰ উদ্দেশ্য হৈছে কৃষি উৎপাদনশীলতা বৃদ্ধি কৰা, শস্যৰ বৈচিত্ৰ্যতা আৰু বহনক্ষম কৃষি পদ্ধতিৰ গ্ৰহণ বৃদ্ধি কৰা, পঞ্চায়ত আৰু ব্লক পৰ্যায়ত চপোৱাৰ পিছৰ মজুতকৰণৰ সুবিধা  বৃদ্ধি কৰা, জলসিঞ্চনৰ সুবিধা উন্নত কৰা আৰু নিৰ্বাচিত ১০০ খন জিলাত দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী ঋণৰ উপলব্ধতা সহজ কৰি তোলা।

প্ৰধানমন্ত্ৰীয়ে ১১,৪৪০ কোটি টকা ব্যয় সাপেক্ষে  মাহ জাতীয় শস্যত আত্মনিৰ্ভৰ মিছন আৰম্ভ কৰিব। ইয়াৰ লক্ষ্য হৈছে মাহজাতীয় শস্যৰ উৎপাদনশীলতাৰ স্তৰ উন্নত কৰা, দালি খেতিৰ অধীনত থকা অঞ্চলটো সম্প্ৰসাৰণ কৰা, মূল্য শৃংখল শক্তিশালী কৰা – ক্ৰয়, সংৰক্ষণ, প্ৰক্ৰিয়াকৰণ – আৰু লোকচান হ্ৰাস কৰাটো নিশ্চিত কৰা।

 

প্ৰধানমন্ত্ৰীয়ে কৃষি, পশুপালন, মীন, আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত ৫,৪৫০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পসমূহো উদ্বোধন আৰু দেশৰ প্ৰতি উৎসৰ্গা কৰাৰ লগতে প্ৰায় ৮১৫ কোটি টকাৰ অতিৰিক্ত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া  প্ৰকল্পসমূহৰ ভিতৰত আছে বাংগালুৰু আৰু জম্মু-কাশ্মীৰত কৃত্ৰিম প্ৰজনন প্ৰশিক্ষণ কেন্দ্ৰ; আমৰেলি আৰু বানাছত চেণ্টাৰ অৱ এক্সেলেন্স; ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত অসমত আইভিএফ লেব স্থাপন; মেহছানা, ইন্দোৰ, আৰু ভিলৱাৰাত গাখীৰৰ গুড়ি প্ৰকল্প ; অসমৰ তেজপুৰত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ আঁচনিৰ অধীনত মৎস্য খাদ্য উদ্যোগ; কৃষি-প্ৰচেছিং ক্লাষ্টাৰৰ বাবে আন্তঃগাঁথনি, সংহত শীতল শৃংখল, আৰু মূল্য সংযোজন আন্তঃগাঁথনি তথা অন্যান্য ।

প্ৰধানমন্ত্ৰীয়ে যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব সেইবোৰৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণত সংহত শীতল শৃংখল আৰু মূল্য সংযোজন আন্তঃগাঁথনি; উত্তৰাখণ্ডত ট্ৰাউট মীনপালন; নাগালেণ্ডৰ সংহত একুৱা পাৰ্ক; পুডুচেৰীৰ কাৰাইকালত স্মাৰ্ট এণ্ড ইন্টিগ্ৰেটেড ফিছিং হাৰ্বাৰ আৰু অন্যান্যৰ লগতে ওড়িশাৰ হিৰাকুডত অত্যাধুনিক সংহত একুৱাপাৰ্ক।

এই কাৰ্যসূচীৰ অধীনত  প্ৰধানমন্ত্ৰীয়ে ক্ৰমে প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ (পিএমকেএছকে) আৰু সাধাৰণ সেৱা কেন্দ্ৰ (চিএছচি)লৈ ৰূপান্তৰিত ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষি অভিযানৰ অধীনত প্ৰমাণিত কৃষক, মাইট্ৰি টেকনিচিয়ান, আৰু প্ৰাথমিক কৃষি সমবায় ঋণ সমিতি (পিএচিএছ)ক প্ৰমাণ পত্ৰ বিতৰণ কৰিব।

এই কাৰ্যসূচীয়ে চৰকাৰী পদক্ষেপৰ অধীনত লাভ কৰা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিসমূহো চিহ্নিত  হৈছে  ১০,০০০ এফপিঅ’ত ৫০ লাখ কৃষকৰ সদস্যপদ অন্তৰ্ভুক্ত কৰা হ’ব, ইয়াৰে ১১০০টা এফপিঅ’ই ২০২৪-২৫ চনত ১ কোটি টকাতকৈ অধিক বাৰ্ষিক লেনদেন নিথিভুক্ত কৰা।অন্যান্য সাফল্যসমূহৰ ভিতৰত আছে নেচনেল মিছন ফৰ নেচাৰেল ফাৰ্মিঙৰ অধীনত ৫০,০০০ কৃষকক প্ৰমাণপত্ৰ প্ৰদান; ৩৮,০০০ মৈত্ৰী (ভাৰতৰ গ্ৰাম্যত বহুমুখী এআই টেকনিচিয়ান)ৰ প্ৰমাণপত্ৰ; কম্পিউটাৰাইজেচনৰ বাবে ১০,০০০ তকৈ অধিক বহুমুখী আৰু ই-পিএচিএছৰ অনুমোদন আৰু কাৰ্য্যকৰীকৰণ আৰু পেকছ, দুগ্ধ, আৰু মীন সমবায় সমিতি গঠন আৰু শক্তিশালী কৰা। ১০,০০০ৰো অধিক পিএচিএছ  প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ (পিএমকেএছকে) আৰু কমন চাৰ্ভিচ চেণ্টাৰ (চিএছচি) হিচাপে কাম কৰাত নিজৰ কাৰ্য্যকলাপৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিছে।

 

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মাহ জাতীয়  খেতিত নিয়োজিত কৃষকসকলৰ সৈতে মত বিনিময় কৰিব, যিসকলে কৃষি, পশুপালন, আৰু মীন ক্ষেত্ৰত মূল্য শৃংখল ভিত্তিক পদ্ধতি প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বিভিন্ন চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হৈছে। কৃষক উৎপাদক সংস্থা (এফ পি অ’)ৰ সদস্যপদ আৰু কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত সহায়ৰ পৰাও এই কৃষকসকলে লাভ কৰিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auto PLI disbursals to reach Rs 4,000 crore in FY27

Media Coverage

Auto PLI disbursals to reach Rs 4,000 crore in FY27
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥