২১ জুন, ২০১৮ত উদযাপন কৰিবলগীয়া চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত নেতৃত্ব দিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে হিমালয়ৰ বুকুত অৱস্থিত ডেৰাদূনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ বাগিচাত হাজাৰ হাজাৰ স্বেচ্ছাসেৱকৰ সৈতে যোগাসন কৰিব।

বিশ্ব যোগ দিৱসৰ সৈতে সংগতি ৰাখি সমগ্ৰ বিশ্বতে এলানি যোগ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে ২০১৫ চনত নতুন দিল্লীৰ ৰাজপথত, ২০১৬ত চণ্ডীগড়ৰ কেপিটেল কমপ্লেক্সত আৰু ২০১৭ত লক্ষ্ণৌৰ ৰামাবাই আম্বেদকাৰ সভাস্থলত যোগ দিৱস উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

বিশ্বৰ যোগৰ প্ৰতি উৎসাহী লোকসকলক শুভেচ্ছা প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোগ হৈছে প্ৰাচীন ভাৰতীয় ঋষি-মুনিসকলে মানৱজাতিক প্ৰদান কৰা আটাইতকৈ বহুমুলীয়া উপহাৰ।

“যোগ কেৱল আমাৰ শৰীৰ সুস্থ কৰি ৰখাৰ বাবে কৰা ব্যায়াম নহয়, ই স্বাস্থ্য ভালে ৰখাৰ উপৰি ফিটনেছ আৰু সুস্থতাৰ এক চাবি-কাঠি। যোগ কেৱল পুৱাৰ ভাগতে যে কৰিব লাগে এনে নহয়। আপোনাৰ অধ্যৱসায় আৰু সম্পূর্ণ সচেতনতাৰে কৰা দৈনন্দিন কাম-কাজো এক প্ৰকাৰৰ যোগ।” প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।

“তদুপৰি, যোগে মনৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বজাই ৰখাত সহায় কৰে। মানসিক অৱসাদত ভূগি থকা বিশ্ববাসীক যোগে শান্ত কৰিব পাৰে। বিভ্ৰান্ত বিশ্বক, নিৰ্দিষ্ট দিশত ধ্যান দিয়াত যোগে সহায় কৰে। ভীতিগ্ৰস্ত বিশ্ববাসীক, যোগে আশা, শক্তি আৰু সাহস প্ৰদান কৰে।” প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন যোগাসনৰ গূঢ়াৰ্থক শ্বেয়াৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে বিশ্বৰ বিভিন্ন স্থানত একাংশ লোকে যোগ অনুশীলন কৰি থকা একাধিক ফটোও শ্বেয়াৰ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways renews 54,600 km of tracks since 2014, boosting speed potential and safety

Media Coverage

Indian Railways renews 54,600 km of tracks since 2014, boosting speed potential and safety
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মাৰ্চ 2026
March 12, 2026

Citizens Appreciate Building a Viksit Bharat: PM Modi's Leadership Fuels Jobs, Clean Energy, and Regional Unity in 2026