দেশজুৰি দ্ৰুত গতিত কানেক্টিভিটি প্ৰদান কৰা সম্পৰ্কীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰে অনুপ্ৰাণিত এই পৰিকল্পনা
এক্সপ্ৰেছ-ৱে মেৰঠৰ পৰা প্ৰয়াগৰাজলৈকে ইউপিৰ ১২খন জিলা হৈ পাৰ হ'ব, ৰাজ্যখনৰ পশ্চিম আৰু পূবৰ ক্ষেত্ৰসমূহক সংযুক্ত কৰিব
ই ইউপিৰ সবাতোকৈ দীৰ্ঘ এক্সপ্ৰেছ-ৱে হ'ব, যাক ৩৬,২০০ কোটি টকাতকৈ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ'ব
এক্সপ্ৰেছ-ৱেত শাহজাহানপুৰত ৩.৫ কিলোমিটাৰ দীঘল এয়াৰ ষ্ট্ৰিপ নিৰ্মাণ কৰা হ'ব, যি বায়ু সেনাৰ বিমানক জৰুৰী উড়ণ আৰু অৱতৰণত সহায় কৰিব
 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ ডিচেম্বৰ, ২০২১ৰ দিনৰ প্ৰায় ১ বজাত উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত গংগা এক্সপ্ৰেছ-ৱেৰ আধাৰশিলা স্থাপন কৰিব।

দেশজুৰি দ্ৰুত গতিত কানেক্টিভিটি প্ৰদান কৰা সম্পৰ্কীয় প্ৰধানমন্ত্ৰীৰ ভিজন এক্সপ্ৰেছ-ৱেৰ দ্বাৰা ই অনুপ্ৰাণিত। ৫৯৪ কিলোমিটাৰ দীঘল তথা ছয় লেনৰ এক্সপ্ৰেছ-ৱে ৩৬,২০০ কোটি টকাতকৈ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। মেৰঠৰ বিজৌলী গাঁৱৰ ওচৰৰ পৰা আৰম্ভ হৈ এক্সপ্ৰেছ-ৱে প্ৰয়াগৰাজৰ জুদাপুৰ দাণ্ডূ গাঁৱলৈকে যাব। ই মেৰঠ, হাপুড়, বুলন্দশহৰ, অমৰোহা, সম্ভল, বদায়ুঁ, শাহজাহানপুৰ, হৰদোই, উন্নাও, ৰায়বৰেলী,প্ৰতাপগঢ় আৰু প্ৰয়াগৰাজ হৈ পাৰ হ'ব। সম্পূৰ্ণৰূপে নিৰ্মিত হোৱাৰ পিছত, ই ৰাজ্যখনৰ পশ্চিম আৰু পূবৰ ক্ষেত্ৰসমূহক সংযুক্ত কৰা উত্তৰ প্ৰদেশৰ সবাতোকৈ দীৰ্ঘ এক্সপ্ৰেছ-ৱে হ'ব। এক্সপ্ৰেছ-ৱেত শাহজাহানপুৰত ৩.৫ কিলোমিটাৰ দীঘল এয়াৰ ষ্ট্ৰিপ নিৰ্মাণ কৰা হ'ব, যি বায়ু সেনাৰ বিমানক জৰুৰীকালীন উড়ণ আৰু অৱতৰণত সহায় কৰিব। এক্সপ্ৰেছ-ৱেৰ লগতে এক ঔদ্যোগিক কৰিডৰ বনোৱাৰো প্ৰস্তাৱ আছে।

এক্সপ্ৰেছ-ৱেৰ জৰিয়তে ঔদ্যোগিক বিকাশ, বাণিজ্য, কৃষি, পৰ্যটন আদি ক্ষেত্ৰই উদগণি লাভ কৰিব। ইয়াৰ ফলত ক্ষেত্ৰৰ সামাজিক-অৰ্থনৈতিক বিকাশো উৎসাহিত হ'ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026 aims to build job-ready, formal talent base, say experts

Media Coverage

Budget 2026 aims to build job-ready, formal talent base, say experts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ফেব্ৰুৱাৰী 2026
February 03, 2026

Modi Hai Toh Mumkin Hai: India Gains Competitive Boost in US Market, Slamming Doubters