প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ অক্টোবৰত ‘মেই নহী হাম’ প’ৰ্টেল আৰু এপছ মুকলি অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ তথ্য-প্ৰযুক্তি আৰু বৈদ্যুতিক সামগ্ৰী নিৰ্মাণ পেছাদাৰীৰে মতবিনিময়ত ভাগ ল’ব।

‘ছেলফ ফৰ ছ’চাইটী’ শীৰ্ষক বিষয়বস্তুৰে মুকলি হোৱা এই প’ৰ্টেলে তথ্য-প্ৰযুক্তি প্ৰফেছনেল আৰু প্ৰতিষ্ঠানসমূহক একেখন মঞ্চতে সংঘবদ্ধ কৰিব৷ ইয়াৰ সহায়ত প’ৰ্টেলটোৱে সমাজৰ দূৰ্বল শ্ৰেণীলৈ তথ্য-প্ৰযুক্তিৰ উপযোগিতা সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে৷ সমাজৰ কল্যাণৰ বাবে কাম কৰিবলৈ আগ্ৰহী লোকসকলক কাম কৰাৰ বিস্তৃত সুযোগ দিয়াৰ ক্ষেত্ৰতো ইয়ে সহায় আগবঢ়াব৷

প্ৰধানমন্ত্ৰীয়ে আগশাৰীৰ ঔদ্যোগিক নেতাসকলকো সাক্ষাৎ কৰিব৷ তথ্য-প্ৰযুক্তি প্ৰ’ফেছনেল আৰু বৈদ্যুতিক সামগ্ৰী নিৰ্মাণ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক তেওঁ সম্বোধন কৰিব৷ টাউনহল ষ্টাইল ফৰ্মেটত প্ৰধানমন্ত্ৰীয়ে মতবিনিময়ত ভাগ ল’ব৷ ভাৰতৰ প্ৰায় ১০০টা স্থানৰ তথ্য-প্ৰযুক্তি আৰু বৈদ্যুতিক সামগ্ৰী নিৰ্মাণ পেছাদাৰীয়ে ভিডিঅ’-কনফাৰেন্সৰ মাধ্যমেৰে অনুষ্ঠানত অংশ লোৱাৰ সম্ভাৱনা আছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi