প্ৰধানমন্ত্ৰী মোদীৰ তত্বাৱধানত নিৰ্মাণ কৰা সংগ্ৰহালয়ৰ লক্ষ্য হৈছে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ অৱদানৰ প্ৰতি সন্মান জনোৱা
সংগ্ৰহালয় নিৰ্মাণ প্ৰতিগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰতি এক শ্ৰদ্ধাঃ ইয়াত স্বাধীনোত্তৰ ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ জীৱন আৰু তেওঁলোকৰ অৱদানৰ কাহিনী বৰ্ণনা কৰা হৈছে
সংগ্ৰহালয়ৰ ল’গ’ত সন্নিৱিষ্ট ধৰ্মচক্ৰ ধৰি ৰখা ভাৰতীয় লোকসকলৰ হাতে ৰাষ্ট্ৰ আৰু গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰিছে
সংগ্ৰহালয়ত সন্নিৱিষ্ট প্ৰযুক্তিভিত্তিক ব্যৱস্থাই ইয়াক অন্তৰংগ মনোগ্ৰাহী কৰি তুলিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ এপ্ৰিল, ২০২২ৰ পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী সংগ্ৰহালয় উদ্বোধন কৰিব৷ আজাদী কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি উদ্বোধন কৰিবলগীয়া এই সংগ্ৰহালয়ত স্বাধীনোত্তৰ ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ জীৱন আৰু তেওঁলোকৰ অৱদানৰ কাহিনী বৰ্ণনা কৰা হৈছে৷ প্ৰধানমন্ত্ৰী মোদীৰ তত্বাৱধানত নিৰ্মাণ কৰা সংগ্ৰহালয়ৰ লক্ষ্য হৈছে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ অৱদানৰ প্ৰতি সন্মান জনোৱা আৰু যিটো আদৰ্শ আৰু কাৰ্যকাল নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰতি এক শ্ৰদ্ধা হিচাপে বিবেচিত হৈছে৷ এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গ্ৰহণ কৰা এনে এক পদক্ষেপ, যাৰ লক্ষ্য হৈছে যুৱ প্ৰজন্মক আমাৰ সকলো প্ৰধানমন্ত্ৰীৰ নেতৃত্ব, সপোন আৰু সফলতাৰ প্ৰতি সংবেদনশীল হোৱাৰ লগতে প্ৰেৰণা যোগোৱা৷

পুৰণি আৰু নতুন মাজত মসৃণ সম্পৰ্কক প্ৰতিনিধিত্ব কৰা সংগ্ৰহালয়ৰ ত্ৰিমূৰ্তি ভৱনক ১নং ব্লক, নতুনকৈ নিৰ্মাণ কৰা ভৱনক ২নং ব্লক হিচাপে নামকৰণ কৰা হৈছে৷ দুয়োটা ব্লকৰ মুঠ এলেকা হৈছে ১৫,৬০০ বৰ্গ মিটাৰ৷

সংগ্ৰহালয়ৰ ভৱনৰ ডিজাইন উদিত ভাৰতৰ কাহিনীৰ প্ৰেৰণা লৈ আৰু ইয়াৰ নেতৃবৰ্গৰ হাতেৰে গঢ় দিয়া হৈছে৷ ডিজাইনত বহনক্ষম আৰু শক্তি সংৰক্ষণ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে৷ এই প্ৰকল্প নিৰ্মাণৰ সময়ত এজোপাও গছ কটা নাই বা স্থানান্তৰ কৰিবলগীয়া হোৱা নাই৷ সংগ্ৰহালয়ৰ ল’গ’ত সন্নিৱিষ্ট ধৰ্মচক্ৰ প্ৰতীক ধৰি ৰখা ভাৰতীয় লোকসকলৰ হাতে ৰাষ্ট্ৰ আৰু গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰিছে৷

সংগ্ৰহালয়ৰ বাবে প্ৰয়োজনীয় তথ্য প্ৰতিষ্ঠানৰ সম্পদ/ভাণ্ডাৰ যেনে-প্ৰসাৰ ভাৰতী, দূৰদৰ্শন, চলচ্ছিত্ৰ বিভাগ, সংসদ টিভি, প্ৰতিৰক্ষা মন্ত্ৰালয়, সংবাদ গোষ্ঠী (ভাৰতীয় আৰু বিদেশ), বিদেশী সংবাদ সংস্থা ইত্যাদিৰ পৰা সংগ্ৰহ কৰা হৈছে৷ অভিলেখাগাৰত উপযুক্ত ব্যৱহাৰ (সংগৃহীত কাম আৰু অন্যান্য সাহিত্য কৰ্ম, গুৰুত্বপূৰ্ণ সংবাদ), কেতবোৰ ব্যক্তিগত সামগ্ৰী, উপহাৰ আৰু স্মাৰক (সম্বৰ্ধনা, সন্মান, লাভ কৰা পদক, স্মাৰক ডাক টিকট, মুদ্ৰা ইত্যাদি), প্ৰধানমন্ত্ৰীৰ ভাষণ আৰু মতাদৰ্শৰ কাল্পনিক উপস্থাপন তথা প্ৰধানমন্ত্ৰীসকলৰ জীৱনৰ বিভিন্ন দিশত বিষয়বস্তুভিত্তিক বিন্যাসত উপস্থাপন কৰা হ’ব৷

সংগ্ৰহালয়ত সামগ্ৰীৰ ভিন্নতা আৰু প্ৰদৰ্শনীৰ সঘন সাল-সলনি কৰাৰ বাবে অত্যাধূনিক প্ৰযুক্তিভিত্তিক ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে৷ সংগ্ৰহালয়ত হ’ল’গ্ৰাম, ভাৰ্চুৱেল বাস্তৱতা, উদ্দীপ্ত বাস্তৱতা, মাল্টি টাচ, মাল্টিমিডিয়া, ইণ্টাৰেক্টিভ কিয়স্ক, কম্পিউটাৰাইজড কাইনেটিক ভাস্কৰ্য, স্মাৰ্টফোন এপ্লিকেশ্যন, ইণ্টাৰেক্টিভ স্ক্ৰীণ, ব্যৱহাৰিক সুবিধা ইত্যাদিয়ে প্ৰদৰ্শনীৰ সকলো দিশ অধিক অন্তৰংগ আৰু আকৰ্ষণীয় কৰিব তুলিছে৷

সংগ্ৰহালয়ত মুঠ ৪৩টা গেলাৰী আছে৷ মুক্তিযোদ্ধাসকলৰ পৰা আৰম্ভ কৰি সংবিধান প্ৰণেতাসকললৈকে ফটো সন্নিৱিষ্ট কৰা সংগ্ৰহালয়ে আমাৰ প্ৰধানমন্ত্ৰীসকলে বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো কিদৰে দেশখনক মাৰ্গদৰ্শন কৰাৰ লগতে দেশৰ সামগ্ৰিক প্ৰগতি সুনিশ্চিত কৰিছিল, তাৰ এক কাহিনী উপস্থাপন কৰা হৈছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hosts Commonwealth Games 2026 medal winners
August 09, 2026

The Prime Minister, Shri Narendra Modi today hosted India’s outstanding medal winners from the Commonwealth Games 2026 at 7 Lok Kalyan Marg. Shri Modi interacted with the athletes and heard about their experiences from the Games.

The Prime Minister said that the athletes’ achievements are a source of immense pride for the entire country and will inspire many youngsters to take up sports.

Shri Modi posted on X:

Delighted to host our outstanding medal winners from the Commonwealth Games 2026 at 7, Lok Kalyan Marg. Heard about their experiences from the Games.

Each one of them has made our nation proud through their exceptional performances. Their success will motivate many youngsters.