প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ যোগেদি আগন্তুক ৯ মাৰ্চৰ দুপৰীয়া ১২ বজাত ভাৰত-বাংলাদেশৰ মাজত ‘মৈত্ৰী সেঁতু’ উদ্বোধন কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ একাধিক আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰাৰ উপৰিও আধাৰশিলাও স্থাপন কৰিব।

‘মৈত্ৰী সেঁতু’খন ফেনীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। এই নদীটো ভাৰতৰ ত্ৰিপুৰা সীমান্ত আৰু বাংলাদেশৰ মাজেৰে প্ৰবাহিত হৈছে। ‘মৈত্ৰী সেঁতু’ নামটো ভাৰত আৰু বাংলাদেশৰ মাজৰ ক্ৰমবৰ্ধমান দ্বিপাক্ষিক সম্পৰ্ক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ প্ৰতীক। এই সেঁতুখন নিৰ্মাণ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে। এই প্ৰকল্পৰ বাবে ব্যয় হৈছে ১৩৩ কোটি টকা। ১.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনে ভাৰতৰ ছাবৰূমৰ সৈতে বাংলাদেশৰ ৰামগড়ক সংযুক্ত কৰিছে। এই দলং উদ্বোধনৰ ফলত ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্য আৰু সাধাৰণ মানুহৰ যাতায়াতৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হ’ব। এই দলং উদ্বোধনৰ সৈতে ত্ৰিপুৰাৰ ছাবৰূমৰ পৰা মাত্ৰ ৮০ কিলোমিটাৰ দূৰৈৰ বাংলাদেশৰ চট্টগ্ৰাম বন্দৰৰ সৈতে যোগাযোগ গঢ়ি উঠাৰ সমান্তৰালকৈ ‘উত্তৰ পূৱৰ প্ৰৱেশ দ্বাৰ’ হৈ উঠিব।

প্ৰধানমন্ত্ৰীয়ে ছাবৰূমত সুসংহত চেক পোষ্ট নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিব। এই চেক পোষ্টে দুই দেশৰ মাজত পণ্য আৰু যাত্ৰীৰ চলাচল সহজ কৰি তুলিব। আনকি উত্তৰ পূৱৰ ৰাজ্যবোৰৰ উৎপাদিত পণ্য সামগ্ৰীৰ বাবে নতুন বজাৰৰ সুযোগ সৃষ্টি হ’ব আৰু ভাৰত আৰু বাংলাদেশৰ মাজত নিৰ্বিঘ্নে যাত্ৰী চলাচলৰ ক্ষেত্ৰত সহায়ক হ’ব। এই প্ৰকল্পৰ দায়িত্বত আছে ভাৰতৰ স্থল বন্দৰ কৰ্তৃপক্ষ। ইয়াৰ বাবে ব্যয় হৈছে ২৩২ কোটি টকা।

প্ৰধানমন্ত্ৰীয়ে কৈলাশাহাৰৰ উনাকোটি জিলা সদৰৰ সৈতে সংযুক্তকাৰী ২০৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব। ইয়াক ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিকল্প পথ হিচাপে গঢ়ি তোলা হ’ব। ৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২০৮ নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ দায়িত্বত আছে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড। এই প্ৰকল্পৰ বাবে খৰচ হ’ব ১০৭৮ কোটি টকা।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যিক ঘাইপথ আৰু অন্যান্য জিলা পথ, ৰাজ্য চৰকাৰৰ উন্নয়নমূলক প্ৰকল্পও উদ্বোধন কৰিব। ইয়াৰ বাবে ব্যয় কৰা হ’ব ৬৩.৭৫ কোটি টকা।

প্ৰধানমন্ত্ৰীয়ে একেদিনাই ‘প্ৰধানমন্ত্ৰী আবাস যোজনা (নগৰ)’ ৰ অধীনত নিৰ্মিত ৪০৯৭৮ টা ঘৰো উদ্বোধন কৰিব। ইয়াৰ বাবে ব্যয় কৰা হ’ব প্ৰায় ৮১৩ কোটি টকা। তেওঁ আগৰতলা স্মাৰ্ট চিটি মিশ্যনৰ অধীনত নিৰ্মিত ইন্ট্ৰিগ্ৰেটেড কমাণ্ড এণ্ড কন্ট্ৰ’ল চেন্টাৰৰ উদ্বোধন কৰিব।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে অ’ল্ড মটৰ ষ্টেণ্ডত মাল্টি লেভেল কাৰ পাৰ্কিং আৰু বাণিজ্যিক কমপ্লেক্সৰ উন্নয়নৰ বাবে আধাৰশিলা স্থাপন কৰিব। এই উন্নয়নৰ বাবে ২০০ কোটি টকা বিনিয়োগ কৰা হ’ব। তেওঁ লিচু বাগানৰ পৰা বিমানবন্দৰ পৰ্যন্ত দুটা লেনযুক্ত পথক ফ’ৰলেনযুক্ত কৰিবৰ বাবে আধাৰশিলাও স্থাপন কৰিব। আগৰতলা স্মাৰ্ট চিটি মিশ্যন প্ৰায় ৯৬ কোটি টকা ব্যয়েৰে এই প্ৰকল্পটো ৰূপায়ণ কৰা হ’ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership