PM to address Swachhagrahis in Champaran tomorrow

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাষ্ট্ৰৰ সৈতে বিহাৰত চম্পাৰণ সত্যাগ্ৰহ শতবাৰ্ষিকীৰ সমাপ্তি সমাৰোহত অংশগ্ৰহণ কৰিব৷

তেওঁ ২০,০০০ স্বচ্ছগ্ৰাহী অথবা স্বচ্ছতাৰ ৰাষ্ট্ৰদূতসকলক উদ্দেশ্যি এই সমাৰোহ উপলক্ষে মতিহাৰীত বক্তৃতা প্ৰদান কৰিব৷ গ্ৰামীণ পৰ্যায়ত অনাময় ব্যৱস্থা প্ৰণয়নৰ বাবে স্বচ্ছগ্ৰাহীসকল হ’ল ‘পদাতিক সৈন্য’ তথা পথ প্ৰদৰ্শকস্বৰূপ৷ ৰাষ্ট্ৰক মুক্ত মলত্যাগৰ পৰা মুক্ত কৰিবলৈ স্বচ্ছগ্ৰাহীসকলে প্ৰধান ভূমিকা পালন কৰি আহিছে৷

মহাত্মা গান্ধীয়ে এক শতিকা পূৰ্বে ১৯১৭ চনৰ ১০ এপ্ৰিলত ব্ৰিটিছসকলে ইণ্ডিগ’ কৃষিপদ্ধতি প্ৰণয়ন কৰিবলৈ বাধ্য কৰোৱা কৃষকসকলৰ হকে যুঁজ দিবলৈ এই চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল৷ ২০১৮ চনৰ এপ্ৰিলৰ ১০ তাৰিখে চম্পাৰণ সত্যাগ্ৰহৰ এটা শতিকা সম্পূৰ্ণ হ’ব আৰু ইয়াক ‘সত্যাগ্ৰহ সে স্বচ্ছগ্ৰহ’ৰ শিবিৰৰ জৰিয়তে উদযাপন কৰা হ’ব৷

এই সমাৰোহ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বিষয়ে সদৰী কৰিব৷ যেনে-

·         মতিঝীল প্ৰকল্প; এএমআৰইউটিৰ অন্তৰ্গত বেটিয়াহ নগৰ পৰিষদ পানী যোগান আঁচনি; ১১১১.৫৬ কোটি টকাৰ চাৰিটা নৰ্দমা প্ৰকল্প, যি নমামি গংগাৰ অধীনত প্ৰতিদিনে পাটনাৰ বাবে ৬০ মিলিয়ন লিটাৰ মল সামৰ্থৰ ধাৰণ ক্ষমতাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে; মুজাফ্ফৰপুৰ আৰু ছাগাৱালি তথা ছাগাৱলি আৰু বাল্মিকীনগৰৰ মাজত দ্বৈত ৰে’লপথ; মতিহাৰী-আম্বেলখাং অইল পাইপ লাইন প্ৰকল্পৰ আধাৰশিলা স্থাপন অথবা মুকলি

  •  ৰাষ্ট্ৰলৈ মাধেপুৰ বৈদ্যুতিক লক’ম’টিভ কাৰখানাৰ প্ৰথম পৰ্যায়ৰ উচৰ্গা৷
  •  প্ৰথম ১২০০০ এইচপি মালবাহী বৈদ্যুতিক লক’ম’টিভ আৰু চম্পাৰণ হামচফৰ এক্সপ্ৰেছৰ ফ্লেগিং অফ৷

প্ৰধানমন্ত্ৰীয়ে চম্পাৰণ স্বচ্ছগ্ৰাহীসকলক পুৰস্কাৰো বিতৰণ কৰিব৷ 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.