প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ৩১ জানুৱাৰীৰ বিয়লি প্ৰায় ৩:১৫ বজাত ১৮৯৬ ত স্বামী বিবেকানন্দই আৰম্ভ কৰা ৰামকৃষ্ণ সংঘৰ মাহেকীয়া পত্ৰিকা ‘প্ৰবুদ্ধ ভাৰত’ৰ ১২৫ সংখ্যক বাৰ্ষিকী উদযাপন সম্বোধন কৰিব। মায়াবতীৰ অদ্বৈত আশ্ৰমত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

‘প্ৰবুদ্ধ ভাৰত’ সম্পৰ্কে

ভাৰতৰ পুৰাতন আধ্যাত্মিক জ্ঞানৰ বাৰ্তা বিয়পাই দিবলৈ ‘প্ৰবুদ্ধ ভাৰত’ পত্ৰিকাখনি গুৰুত্বপূৰ্ণ মাধ্যম হৈ আহিছে। চেন্নাই (পূৰ্বে মাদ্ৰাজ) ৰ পৰা ইয়াৰ প্ৰকাশ আৰম্ভ হৈছিল, ইয়াৰপৰা দুবছৰৰ বাবে পত্ৰিকাখনি প্ৰকাশ পাই, ইয়াৰ পাছত আলমোড়াৰপৰা ইয়াৰ প্ৰকাশ হ’বলৈ ধৰে। ইয়াৰো পাছত, ১৮৯৯ ৰ এপ্ৰিলত, পত্ৰিকাখনিৰ প্ৰকাশৰ স্থান অদ্বৈত আশ্ৰমলৈ স্থানান্তৰিত কৰা হয় আৰু তেতিয়াৰেপৰাই নিৰবিচ্ছিন্নভাৱে এই স্থানৰপৰাই ইয়াৰ প্ৰকাশ হৈ আহিছে।

কেইবাজনো মহান ব্যক্তিত্বই ভাৰতীয় সংস্কৃতি, আধ্যাত্মিকতা, দৰ্শন, বুৰঞ্জী, মনোবিজ্ঞান, কলা আৰু আন সামাজিক প্ৰসংগ সন্দৰ্ভত লিখনিৰে ‘প্ৰবুদ্ধ ভাৰত’ ৰ পৃষ্ঠাত তেওঁলোকৰ উপস্থিতি অংকিত কৰি গৈছে। নেতাজী সুভাষ চন্দ্ৰ বসু, বাল গংগাধৰ তিলক, ভগ্নী নিবেদিতা, শ্ৰী অৰবিন্দ, প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু অন্যান্যসকলে কেইবাবছৰো ধৰি পত্ৰিকাখনলৈ বৰঙণি যোগাইছিল।

অদ্বৈত আশ্ৰমে ‘প্ৰবুদ্ধ ভাৰত’ ৰ সমগ্ৰ আৰ্কাইভটো ইয়াৰ ৱেবচাইটত অনলাইনত উপলব্ধ কৰোৱাৰ অৰ্থে কাম কৰি আছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FPOs’ sales rise via commodity exchanges in FY26

Media Coverage

FPOs’ sales rise via commodity exchanges in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 মে’ 2026
May 11, 2026

Society Above Politics: PM Modi’s Call for a Stronger, Self-Reliant & Sacred Bharat