২৯ অক্টোবৰ, ২০১৯ তাৰিখে এদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচী লৈ মই ছৌদি আৰৱলৈ যাবলৈ ওলাইছো। ৰিয়াধত অনুষ্ঠিতব্য তৃতীয় ফিউচাৰ ইনভেষ্টমেণ্ট ইনিছিয়েটিভ ফ’ৰামৰ প্ৰাৰম্ভিক পৰিকল্পনা বৈঠকত অংশগ্ৰহণৰ বাবে ছৌদি আৰৱৰ সন্মানীয় বাদশ্বাহ চলমান বিন আব্দুল আজিজ আল-ছাউদৰ নিমন্ত্ৰণ সাপেক্ষে এই ভ্ৰমণলৈ যাবলৈ ওলাইছো।

ৰিয়াধত থকা সময়ছোৱাত মই ছৌদি আৰবৰ বাদশ্বাহৰ সৈতে এক দ্বিপাক্ষিক বৈঠকতো মিলিত হ’ম। এই সময়ছোৱাতে মই ছৌদি আৰৱৰ যুৱৰাজ এইচআৰএইচ মহম্মদ বিন চলমানৰ সৈতে মিলিত হ’ম আৰু দ্বিপাক্ষিক সম্পৰ্কৰ উপৰিও ভালেমান উমৈহতীয়া উদ্দেশ্য জড়িত আঞ্চলিক আৰু বৈশ্বিক প্ৰেক্ষাপটৰ বিষয় সন্দৰ্ভত আলোচনা কৰিম।

ভাৰত আৰু ছৌদি আৰৱে পৰম্পৰাগত ভাৱেই ঘনিষ্ঠ আৰু এক সৌহাৰ্দ্যপুৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। ভাৰতৰ শক্তিক্ষেত্ৰত প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত, চাহিদাৰ ক্ষেত্ৰত ছৌদি আৰৱ সদায়েই অন্যতম সৰ্ববৃহৎ আৰু বিশ্বাসভাজন যোগান ধৰোতা হৈ আহিছে।

উল্লেখ্য যে যুৱৰাজে চলিত বৰ্ষৰে বিগত ফেব্ৰুৱাৰী মাহত নতুন দিল্লীলৈ আহোতে ভাৰতৰ অগ্ৰাধিকাৰযোগ্য বিভিন্ন খণ্ডত ১০০ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

ছৌদি আৰৱৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক স্থাপন কৰিবলগীয়া মুখ্য বিষয়সমূহ হ’ব ক্ৰমে প্ৰতিৰক্ষা, সুৰক্ষা, বাণিজ্য, সংস্কৃতি, শিক্ষা আৰু জনসম্পৰ্ক।

এই ভ্ৰমণকালতে, কৌশলগত অংশীদাৰীত্ব পৰিষদ গঠনৰ বাবেও সম্পন্ন কৰা চুক্তিখনে দুয়োখন দেশৰ কৌশলগত অংশীদাৰীত্বক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ’ব।

মই লগতে ফিউচাৰ ইনভেষ্টমেণ্ট ইনিছিয়েটিভ ফ’ৰামত মই অংশগ্ৰহণ কৰাৰো ইচ্ছা প্ৰকাশ কৰিছো, য’ত মই ভাৰতত বৈশ্বিক বিনিয়োগকাৰীসকলৰ বাবে ভাৰতত ক্ৰমাৎ বৃদ্ধি পোৱা বাণিজ্য আৰু বিনিয়োগৰ সুযোগ সম্পৰ্কে উল্লেখ কৰিম, কিয়নো ২০২৪ চনৰ ভিতৰত ভাৰত ৫ ত্ৰিলিয়ন অৰ্থনীতিৰ দেশ হিচাপে স্বীকৃতি লাভ কৰাৰ দিশে অগ্ৰসৰ হৈছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI 2.0: India bets big on making more of the smartphone at home

Media Coverage

PLI 2.0: India bets big on making more of the smartphone at home
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মে’ 2026
May 29, 2026

Every Sector, Every Citizen: How PM Modi’s Vision is Transforming India Across All Fronts