NITI Aayog has key role to play in fulfilling the mantra of SabkaSaath, SabkaVikas, SabkaVishwas:PM
Goal to make India a 5 trillion dollar economy by 2024, is challenging, but achievable, with the concerted efforts of States:PM
Export sector vital for boosting income and employment; States should focus on export promotion:PM
Newly created Jal Shakti Ministry will help provide an integrated approach to water; States can also integrate various efforts towards water conservation and management:PM
We are now moving towards a governance system characterized by Performance, Transparency and Delivery:PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠি নীতি আয়োগৰ প্ৰশাসনিক পৰিষদৰ পঞ্চম বৈঠকত আদৰণি ভাষণ ৰাখে৷

জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ মুখ্যমন্ত্ৰী, ৰাজ্যপালৰ লগতে আন গণ্য-মান্য ব্যক্তিক আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস মন্ত্ৰ সাৰ্থক কৰাৰ ক্ষেত্ৰত নীতি আয়োগৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷

শেহতীয়া লোকসভা নিৰ্বাচনক বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰক্ৰিয়া হিচাপে আখ্যা দি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া দেশৰ প্ৰগতিৰ হকে সকলোৱে একেলগে কাম কৰাৰ সময়৷ দৰিদ্ৰতা, নিৱনুৱা সমস্যা, খৰাং, বানপানী, প্ৰদূষণ, দুৰ্নীতি আৰু হিংসা আদিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিয়াৰ কথা তেওঁ উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২২ৰ ভিতৰত নতুন ভাৰতৰ সপোন পূৰণ কৰাই এই মঞ্চত সকলোৰে উমৈহতীয়া লক্ষ্য৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কিদৰে একেলগে কাম সম্পূৰ্ণ কৰিব পাৰে, তাৰ উৎকৃষ্ট উদাহৰণ হিচাপে প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথা উল্লেখ কৰে৷

তেওঁ কয় যে সৱলীকৰণ আৰু জীৱন ধাৰণৰ সৰলতা প্ৰতিগৰাকী ভাৰতীয়ই লাভ কৰিব৷ মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ধাৰ্য কৰা লক্ষ্যসমূহ অহা ২ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হোৱা উচিত আৰু ২০২২ৰ দেশৰ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিৰ লক্ষ্যৰ দিশে আগবাঢ়িব লাগে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০২৪ৰ ভিতৰত ভাৰতক এখন ৫ ত্ৰিলিয়ন অৰ্থনীতিৰ দেশলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য প্ৰত্যাহ্বানজনক যদিও ই নিশ্চিতভাৱে সম্ভৱ৷ ৰাজ্যসমূহে প্ৰধান কৰ্মদক্ষতাৰ দিশসমূহ চিনাক্ত কৰা আৰু জিলা পৰ্যায়ৰ পৰা জিডিপি বৃদ্ধিৰ লক্ষ্যৰে কাম কৰি গ’লে ই নিশ্চয়কৈ সম্ভৱ হ’ব৷

উন্নত দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ৰপ্তানি খণ্ড এক গুৰুত্বপূৰ্ণ উপাদান বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য উভয়ে ৰপ্তানি বৃদ্ধিৰ দিশত মনোনিৱেশ কৰিব লাগে, যাতে জনূৰি আয় বৃদ্ধি হয়৷ তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত ৰপ্তানিৰ প্ৰচুৰ সম্ভাৱনা আছে৷

জীৱনৰ বাবে পানী গুৰুত্বপূৰ্ণ উপাদান বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নতুনকৈ গঠন হোৱা জল শক্তি মন্ত্ৰালয়ে পানীক লৈ এক সুসংগঠিত ব্যৱস্থা কঢ়িয়াই আনিব৷ জল সংৰক্ষণ আৰু জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত ৰাজ্যচৰকাৰৰ প্ৰচেষ্টাক কেন্দ্ৰৰ সৈতে একীকৃত কৰিবলৈও তেওঁ ৰাজ্যসমূহক আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২৪ৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতিঘৰ লোকলৈ পাইপেৰে খোৱা পানী যোগান ধৰা তেওঁৰ লক্ষ্য৷ জল সংৰক্ষণৰ ক্ষেত্ৰত কেইখন ৰাজ্যই গ্ৰহণ কৰা প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰে৷ তেওঁ লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাৰ অধীনত জিলা জলসিঞ্চন প্ৰকল্পসমূহ সঠিকভাৱে ৰূপায়ন হোৱা উচিত৷

প্ৰধানমন্ত্ৰীয়ে খৰাং প্ৰতিৰোধৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ বাবে সকলোকে আহ্বান জনায়৷ ২০২২ৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুণ কৰিবলৈ চৰকাৰে লোৱা সংকল্পক পুনৰ দোহাৰি তেওঁ কয় যে ইয়াৰ বাবে মীনপালন, পশুপালন, উদ্যানপালন, ফলমূল আৰু শাক-পাচলিৰ ব্যৱসায়ত গুৰুত্ব দিয়াতো প্ৰয়োজন হ’ব৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰু আন কৃষি কেন্দ্ৰিক আঁচনিসমূহে প্ৰকৃত উপভোক্তাই যাতে স্পৰ্শ কৰিব পাৰে, সেয়া নিশ্চিত হ’ব লাগে৷

আকাংক্ষিত জিলাৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সু-প্ৰশাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত৷ প্ৰশাসন ব্যৱস্থাৰ উন্নতিয়ে কেইবাখনো আকাংক্ষিত জিলাত লক্ষ্যণীয় প্ৰগতি সাধন কৰিছে৷ কেইবাটাও উদাহৰণ দাঙি কৰি তেওঁ কয় যে কেইখনমান এনে জিলাত বিকল্প ধাৰণা আৰু উদ্ভাৱনীমূলক চিন্তাই সুন্দৰ ফল দেখুৱাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বহুতো আকাংক্ষিত জিলাৰ প্ৰগতি নক্সালবাদীৰ হিংসাৰদ্বাৰা প্ৰভাৱিত হৈছে৷ নক্সালৰ বিৰু্দ্ধে যুঁজ নিৰ্ণায়ক পৰ্যায়ত আছে বুলি তেওঁ উল্লেখ কৰে৷

স্বাস্থ্য খণ্ডক লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২২ৰ ভিতৰত সম্পূৰ্ণ কৰিবলগীয়া কেইবাটাও লক্ষ্য মনৰ মাজত আছে৷ ২০২৫ৰ ভিতৰত টিবি নিৰ্মূলৰ লক্ষ্যৰ কথাও তেওঁ উনুকিয়ায়৷ আয়ুস্মান ভাৰতৰ অধীনত পিএমজেএৱাই আঁচনি ৰূপায়ন নকৰা ৰাজ্যসমূহক শীঘ্ৰে এই আঁচনিৰ লাভ গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আমি এতিয়া এক প্ৰদৰ্শন, পাৰদৰ্শিতা আৰু সফলতাৰে কাম সম্পন্ন কৰিব পৰা শাসন ব্যৱস্থাৰ দিশে অগ্ৰসৰ হৈছো৷ আঁচনি আৰু সিদ্ধান্তৰ উপযুক্ত কাৰ্যৰূপায়ন অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰে৷ সু-প্ৰশাসন ব্যৱস্থা গঢ়ি দিয়াৰ ক্ষেত্ৰত সহায় কৰিবলৈ তেওঁ নীতি আয়োগৰ প্ৰশাসনিক পৰিষদৰ সকলো সদস্যক আহ্বান জনায়, যাতে প্ৰশাসনৰ প্ৰতি সৰ্বসাধাৰণৰ আস্থা বৃদ্ধি পায়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s electronics exports up 11.62% to $5.09 billion in May

Media Coverage

India’s electronics exports up 11.62% to $5.09 billion in May
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights India's defence transformation over the last decade
June 17, 2026

The Prime Minister, Shri Narendra Modi has highlighted the significant transformation witnessed in India’s defence capabilities over the last decade.

Shri Modi said that India’s defence capabilities have undergone a major transformation, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

The Prime Minister noted that the progress made in the defence sector over the last 12 years reflects India’s growing focus on strengthening national security through self-reliance.

The Prime Minister further stated that India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

The Prime Minister wrote on X;

“India’s defence capabilities have witnessed significant transformation over the last decade, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

This thread gives a glimpse of the strides India has made in the defence sector over the last 12 years.

#12YearsOfSurakshitBharat”

“This thread explains how India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

#12YearsOfSurakshitBharat”