সমাজ আৰু ৰাইজে মাইক্ৰ'ৰিটেনচন জ’ন সৃষ্টিৰ বাবে উদ্যোগ ল'ব লাগিব: প্ৰধানমন্ত্ৰী
আমি ভেকচিনৰ শুন্য অপচয়ৰ দিশে আগবাঢ়িব লাগিব: প্ৰধানমন্ত্ৰী
ব্যক্তিগত, সামাজিক আৰু প্ৰশাসনিক পৰ্যায়ত 'টিকা উৎসৱ'ৰ লক্ষ্য নিৰ্ধাৰণ কৰক আৰু সেইবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰক: প্ৰধানমন্ত্ৰী

মোৰ মৰমৰ দেশবাসীসকল,

আজি ১১ এপ্ৰিল অৰ্থাৎ জ্যোতিবা ফুলেৰ জয়ন্তীৰ সৈতে আমি দেশবাসীয়ে ‘টীকা উৎসৱ’ৰ শুভাৰম্ভ কৰিছো৷ এই ‘টীকা উৎসৱ’ ১৪ এপ্ৰিল অৰ্থাৎ বাবা চাহেব আম্বেদকাৰ জয়ন্তীলৈ চলিব৷

এই উৎসৱ এক প্ৰকাৰে ক’ৰোনাৰ বিৰুদ্ধে দ্বিতীয় বৃহৎ যুদ্ধৰ আৰম্ভণি৷ ইয়াত আমি ব্যক্তিগত স্বাস্থ্যবিধিৰ লগতে সামাজিক স্বাস্থ্যবিধিতো বিশেষ গুৰুত্ব প্ৰদান কৰিম৷

আমি এই চাৰিটা কথা নিশ্চিতভাৱে মনত ৰাখিব লাগিব৷

Each One- Vaccinate One, অৰ্থাৎ যিসকল নিৰক্ষৰ, বয়সস্থ, যি নিজে গৈ টীকা লগাব নোৱাৰে তেওঁলোকক সহায় কৰিব লাগিব৷

Each One- Treat One, অৰ্থাৎ যিসকল লোকৰ ওচৰত সাধনৰ অভাৱ, যাৰ তথ্যৰ অভাৱ, তেওঁলোকক ক’ৰোনাৰ চিকিৎসাত সহায় কৰিব লাগিব৷

Each One- Save One, অৰ্থাৎ মই নিজেও মাস্ক পৰিধান কৰিম, নিজকে সুৰক্ষিত ৰাখিম আৰু আনকো সুৰক্ষিত ৰাখিম৷ ইয়াত গুৰুত্ব প্ৰদান কৰিব লাগিব৷

আৰু চতুৰ্থটো গুৰুত্বপূৰ্ণ কথা, ক’ৰবাত ক’ৰোনাই দেখা দিলে সেই স্থানক ‘মাইক্ৰ’ কণ্টেইনমেণ্ট অঞ্চল’ হিচাপে ঘোষণা কৰাৰ নেতৃত্ব সমাজৰ লোকে কৰিব লাগিব৷ য’তেই এজনো যদি ক’ৰোনা পজিটিভ কেছ দেখা পোৱা যায় তাতেই পৰিয়ালৰ লোকে, সমাজৰ লোকে ‘মাইক্ৰ’ কণ্টেইনমেণ্ট অঞ্চল’ গঢ়ি তুলিব লাগিব৷

ভাৰতৰ দৰে ঘন জনবসতিপূৰ্ণ আমাৰ দেশত ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত ‘মাইক্ৰ’ কণ্টেইনমেণ্ট অঞ্চল’ এক গুৰুত্বপূৰ্ণ প্ৰয়াস৷ এটাও পজিটিভ কেছ দেখা পালে আমি সকলোৱে সজাগ হৈ থকা, আন লোকৰ পৰীক্ষণ কৰোৱাটো অতিশয় আৱশ্যক৷ ইয়াৰ সৈতে টীকাৰ হিতাধিকাৰীসকলে যাতে টীকা গ্ৰহণ কৰিব পাৰে তাৰ সম্পূৰ্ণ প্ৰয়াস আমি সমাজে কৰিব লাগিব, প্ৰশাসনেও কৰিব লাগিব৷

এটা প্ৰতিষেধকো যাতে অথলে নাযায় এয়া আমি সুনিশ্চিত কৰিব লাগিব৷ আমি শূন্য প্ৰতিষেধক পৰীক্ষণৰ দিশে আগবাঢ়িব লাগিব৷ এই সময়ছোৱাত আমি দেশৰ প্ৰতিষেধক ক্ষমতাৰ সম্পূৰ্ণ ব্যৱহাৰকৰণৰ দিশত আগবাঢ়িব লাগিব৷ এয়াও আমাৰ ক্ষমতা বৃদ্ধি কৰাৰ এটা প্ৰক্ৰিয়া৷

আমাৰ সফলতা এইটো কথাৰ পৰা নিশ্চিত হ’ব যে ‘মাইক্ৰ’ কণ্টেইনমেণ্ট অঞ্চল’ৰ প্ৰতি আমি কিমান সজাগ৷ আমাৰ সফলতা এইটো কথাৰ পৰা নিশ্চিত হ’ব যে বিনা প্ৰয়োজনত যাতে আমি ঘৰৰ পৰা বাহিৰ নহও৷ আমাৰ সফলতা এইটো কথাৰ পৰা নিশ্চিত হ’ব যে যি টীকাৰ হিতাধিকাৰী, তেওঁ যাতে টীকা গ্ৰহণ কৰিব পাৰে৷ আমাৰ সফলতা এইটো কথাৰ পৰা নিশ্চিত হ’ব যে আমি যাতে মাস্ক পৰিধান কৰো আৰু অন্য নিয়মসমূহো পালন কৰো৷

বন্ধুসকল,

এই চাৰিটা দিনত ব্যক্তিগত পৰ্যায়ত, সামাজিক পৰ্যায়ত আৰু প্ৰশাসনিক পৰ্যায়ত আমি আমাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব আৰু এয়া প্ৰাপ্ত কৰাৰ বাবে সম্পূৰ্ণ প্ৰয়াস কৰিব লাগিব৷ মোৰ সম্পূৰ্ণ বিশ্বাস, এই ধৰণৰ সহযোগিতাৰে, সজাগ হৈ থাকি, নিজৰ দায়িত্ব পালন কৰি আমি পুনৰ ক’ৰোনাক নিয়ন্ত্ৰিত কৰাত সফল হ’ম৷

মনত ৰাখিব, ঔষধো আৰু নিয়মানুৱৰ্তিতাও৷

ধন্যবাদ!

আপোনালোকৰ,

নৰেন্দ্ৰ মোদী 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-Japan action plan targets exchange of 5 lakh people in five years, including 50,000 skilled Indians: Gov

Media Coverage

India-Japan action plan targets exchange of 5 lakh people in five years, including 50,000 skilled Indians: Gov
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Harsh Singh on winning Gold in Judo at Commonwealth Games 2026
July 31, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Harsh Singh on winning the Gold medal in Judo at the Glasgow Commonwealth Games 2026.

The Prime Minister described it as a historic day for Indian Judo and said that Harsh Singh’s passion and dedication were clearly reflected in his exceptional performance.

Shri Modi extended his best wishes to him for his future endeavours.

In a post on X, Shri Modi said;

“Historic Day for Indian Judo!

Congrats to Harsh Singh for winning a Gold. His passion and dedication are clearly reflected in the exceptional performance. Best wishes for the upcoming endeavours.

#CWG2026”