কীৰ্গিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীযুত সুৰণবে ছাৰিপ’ভিচ জীনবেকভে নতুন দিল্লীত ৩০ মে’, ২০১৯ত আয়োজিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

কীৰ্গিস্তানে বৰ্তমান ছাংহাই সহযোগিতা সংস্থাৰ নেতৃত্ব বহন কৰি থকাৰ লগতে ই মধ্য এছিয়াৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ সহযোগী দেশ৷ ৰাষ্ট্ৰপতি জীনবেকভে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনোৱাৰ লগতে ১৩-১৫ জুনত অনুষ্ঠিত হ’বলগীয়া এছচিঅ’ সন্মিলন তথা দ্বিপাক্ষিক ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়৷

ভাৰত আৰু কীৰ্গিস্তানৰ মাজত উষ্ম আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে বিগত বছৰসমূহৰ দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰাক লৈ সন্তষ্টি প্ৰকাশ কৰে৷ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ বাবে তেওঁ ৰাষ্ট্ৰপতি জীনবেকভক ধন্যবাদ জনাই আৰু কীৰ্গিস্তান ভ্ৰমণৰ বাবে জনোৱা আমন্ত্ৰণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি সেই ভ্ৰমণৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিব বুলি কয়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission

Media Coverage

ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 ছেপ্টেম্বৰ 2026
September 11, 2026

Seva Pakhwada to Superpower Status: Why Citizens Are Hailing PM Modi’s Relentless Push