In first PRAGATI meeting of the new term, PM strongly reiterates commitment for "Housing for All" by 2022
PM reviews progress of flagship schemes of Ayushman Bharat and Sugamya Bharat Abhiyan
PM calls upon States to put in maximum efforts towards water conservation, especially during the current monsoon season.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সক্ৰিয় প্ৰশাসন আৰু সময়ানুৱৰ্তী ৰূপায়ণৰ বাবে আইচিটিভিত্তিক বহু আৰ্হিৰ মঞ্চ-প্ৰগতিৰ ৩০সংখ্যক বৈঠকত অধ্যক্ষতা কৰে৷

এইখন কেন্দ্ৰীয় চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথমখন প্ৰগতি বৈঠক৷

পূৰ্বৰ কাৰ্যকালৰ ২৯খন প্ৰগতি বৈঠকত ১২ লাখ কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষ ২৫৭টা প্ৰকল্পৰ সামূহিক পৰ্যালোচনা কৰা হৈছিল৷ এই বৈঠকসমূহত ৪৭ কাৰ্যসূচী/আঁচনিৰ পৰ্যালোচনা কৰা হৈছিল৷ ১৭টা চেক্টৰ (২১টা বিষয়)ৰ ৰাজহুৱা অভিযোগৰ প্ৰস্তাৱো পৰ্যালোচনা কৰা হয়৷

প্ৰধানমন্ত্ৰীয়ে আজি পিএম আৱাস যোজনা(নগৰীয়া)ৰ লগত জড়িত অভিযোগৰ প্ৰস্তাৱৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ তেওঁ ২০২২ চনৰ ভিতৰত দেশত কোনো এটা পৰিয়াল যাতে গৃহহীন হৈ নাথাকে সেইটো সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সংকল্পৰ আলোকপাত কৰাৰ লগতে এই উদ্দেশ্য সফল কৰি তোলাত প্ৰতিগৰাকী বিষয়াকে অতি দায়বদ্ধতাৰে কাম কৰিবলৈ তথা এই ক্ষেত্ৰত দেখা দিয়া সকলো বাধা আঁতৰ কৰিবলৈ আহ্বান জনায়৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে বিত্তীয় সেৱা বিভাগৰ লগত জড়িত অভিযোগৰ প্ৰস্তাৱৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷

প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত আঁচনি কাম-কাজৰ সবিশেষ পৰ্যালোচনা কৰে৷ তেওঁক জনোৱা মতে বৰ্তমানলৈকে প্ৰায় ৩৫ লাখ হিতাধিকাৰীয়ে চিকিৎসাৰ সুবিধা লাভ কৰিছে আৰু ১৬,০০০তকৈ অধিক চিকিৎসালয়ে ইয়াক যোগদান কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহৰ সৈতে এক বৈঠকৰ আহ্বান কৰে, যাতে আঁচনিখনৰ উন্নত অনুশীলন তথা অধিক আগুৱাই নিয়াত সহায় হয়৷ তেওঁ কয় যে বিশেষকৈ ৰূপান্তৰশীল জিলাসমূহত আঁচনিখনৰ সা-সুবিধা আৰু ইয়াৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত এক অধ্যয়ন চলোৱা উচিত৷ আঁচনিখনৰ ক্ষেত্ৰত ভুৱা হিতাধিকাৰী আৰু অপব্যৱহাৰ ৰোধ কৰাৰ ক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰিছে সেই সন্দৰ্ভতো জানিব বিচাৰে প্ৰধানমন্ত্ৰীয়ে৷

সুগম্য ভাৰত অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে চৰকাৰী কাৰ্যালয় ভৱনত সন্মুখীন হোৱা অসুবিধাসমূহৰ সন্দৰ্ভত দিব্যাংগজনৰ পৰা মতামত গ্ৰহণ কৰিবলৈ উপযুক্ত প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ কয়৷ তেওঁ দিব্যাংগ-জনৰ বাবে সুবিধা বৃদ্ধিৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৱলীৰ সমাধান কৰিবলৈ ৰাইজক ব্যাপক সঁহাৰি জনোৱাৰ তথা সচেতন হ’বলৈ আহ্বান জনায়৷

জল-শক্তিৰ গুৰু্ত্বৰ সন্দৰ্ভত জোৰ দি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক পানী সংৰক্ষণৰ ক্ষেত্ৰত, বিশেষকৈ বৰ্ষা ঋতুত সৰ্বাধিক প্ৰচেষ্টা গ্ৰহণৰ বাবে আহ্বান জনায়৷

প্ৰধানমন্ত্ৰী ৰে’লৱে আৰু পথ খণ্ডৰ ৮টা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে৷ বিহাৰ, উত্তৰপ্ৰদেশ, মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ, ওড়িশা, হিমাচল প্ৰদেশ আৰু গুজৰাটকে ধৰি কেইবাখনো ৰাজ্যক এই প্ৰকল্পসমূহে সামৰি লৈছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Global FMCG giants bet big on India as demand, premiumisation rise

Media Coverage

Global FMCG giants bet big on India as demand, premiumisation rise
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”