প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সক্ৰিয় প্ৰশাসন আৰু সময়মতে ৰূপায়নৰ বাবে আইটিচি-ভিত্তিক, বহুমুখী মঞ্চ ‘প্ৰগতি’ৰ মাধ্যমেৰে ২৮সংখ্যক মতবিনিময়ত ভাগ লয়৷

প্ৰধানমন্ত্ৰীয়ে আয়কৰ সম্পৰ্কীয় অভিযোগ নিষ্পত্তিৰ অগ্ৰগতি পৰ্যালোচনা কৰে৷ বিত্ত মন্ত্ৰালয়ে এই সন্দৰ্ভত তেওঁক বিস্তৃত তথ্য আগবঢ়ায়৷ প্ৰধানমন্ত্ৰীয়ে বাৰম্বাৰ উল্লেখ কৰে যে সকলো ব্যৱস্থা প্ৰযুক্তি পৰিচালিত হ’ব লাগে আৰু মানুহৰ হস্তক্ষেপ নূন্যতমলৈ হ্ৰাস কৰিব লাগে৷ দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক দণ্ডিত কৰাৰ ক্ষেত্ৰত চৰকাৰে অৰ্জন কৰা অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আয়কৰ বিভাগে জনসাধাৰণৰ সুবিধাৰ্থে বিভিন্ন পদক্ষেপ আৰু উপায় অৱলম্বন কৰিছে, যিবোৰ সকলো কৰদাতাক উপযুক্তৰূপত সাঙুৰি লোৱা উচিত৷

এইপৰ্যন্ত হোৱা ২৭খন প্ৰগতি বৈঠকত মুঠ ১১.৫ লাখ কোটি টকাৰ প্ৰকল্পৰ সম্পূৰ্ণ পৰ্যালোচনা সম্পন্ন হৈছে৷ বিভিন্ন ক্ষেত্ৰৰ ৰাজহুৱা অভিযোগ নিষ্পত্তিৰ দিশসমূহো পৰ্যালোচনা কৰা হৈছে৷

আজি ২৮সংখ্যক বৈঠকত প্ৰধানমন্ত্ৰীয়ে ৰে’লৱে, স্থলপথ আৰু পেট্ৰ’লিয়াম খণ্ডৰ ৯টা গুৰুত্বপূৰ্ণ আন্তঃগাথনিমূলক প্ৰকল্পৰ অগ্ৰতিৰ বুজ লয়৷ এই প্ৰকল্পসমূহ অন্ধ্ৰ প্ৰদেশ, অসম, গুজৰাট, দিল্লী, হাৰিয়ানা, তামিলনাডু, উৰিষ্যা, কৰ্ণাটক, পঞ্জাৱ, উত্তৰ-প্ৰদেশ আৰু উত্তৰাখণ্ডকে ধৰি কেইবাখনো ৰাজ্যত সম্প্ৰসাৰিত হৈ আছে৷

আয়ুস্মান ভাৰতৰ অধীনত আৰম্ভ হ’বলগীয়া প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ ৰূপায়নৰ বিভিন্ন দিশো প্ৰধানমন্ত্ৰী মোদীয়ে পৰ্যালোচনা কৰে৷ ইয়াৰ লগতে তেওঁ প্ৰধানমন্ত্ৰী জন ঔষধি আঁচনিৰ অগ্ৰগতিৰ বুজ লয়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FTAs boost global demand for Indian talent, expand mobility options

Media Coverage

FTAs boost global demand for Indian talent, expand mobility options
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister performs Darshan and Pooja at Baba Vishwanath Temple; prays for the prosperity and good health of the people of the nation
April 29, 2026

Prime Minister Shri Narendra Modi today performed darshan and pooja at the Baba Vishwanath Temple in Kashi, where he prayed for the happiness, prosperity, and healthy lives of the people of the nation. 

"हर हर महादेव !

काशी में बाबा विश्वनाथ मंदिर में दर्शन और पूजन का सौभाग्य मिला। यहां भगवान भोलेनाथ से समस्त देशवासियों के लिए सुख-समृद्धि और आरोग्यपूर्ण जीवन की कामना की।

माँ अन्नपूर्णा एवं माँ गंगा के दर्शन से असीम शांति मिली। उनकी कृपा से हर किसी में सकारात्मक ऊर्जा का संचार हो !

काशी की जनता को पुनः नमन