ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলীহ আৰু ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিসেনাৰ নিমন্ত্ৰণ ক্ৰমে মই ৮-৯ জুন, ২০১৯ত মালদ্বীপ আৰু শ্ৰীলংকা ভ্ৰমণ কৰিম৷ পুনৰ নিৰ্বাচিত হোৱাৰ পাছত এয়া মোৰ প্ৰথম বিদেশ ভ্ৰমণ৷

যোৱা বছৰৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰপতি ছলীহক আদৰণি জনাবলৈ পাই আমি ধন্য হৈছিলো৷ ২০১৮ৰ নৱেম্বৰত ৰাষ্ট্ৰপতি ছলীহৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ মোৰ সৌভাগ্য হৈছিল৷ মোৰ মালদ্বীপ ভ্ৰমণে সামূদ্ৰিক প্ৰতিৱেশী ৰাষ্ট্ৰ হিচাপে আমাৰ দুয়ো দেশৰ সম্পৰ্ক আৰু দীৰ্ঘদিনীয়া বন্ধুত্বৰ গুৰুত্বক প্ৰতিফলিত কৰিছে৷

আমি মালদ্বীপক এক মূল্যবান সহযোগী বুলি জ্ঞান কৰো, যাৰ সৈতে আমাৰ ঐতিহ্য আৰু সংস্কৃতিৰ ব্যাপক মিল আছে৷ শেহতীয়াভাৱে মালদ্বীপৰ সৈতে আমাৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক সুদৃঢ় হৈছে৷ মোৰ বিশ্বাস যে মোৰ এই ভ্ৰমণে আমাৰ বহুপাক্ষিক সম্পৰ্কক আৰু অধিক গভীৰ কৰিব৷

২০১৯ৰ ২১ এপ্ৰিলত ইষ্টাৰৰ দিনা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশখনৰ চৰকাৰ আৰু শ্ৰীলংকাবাসীৰ প্ৰতি আমাৰ সহমৰ্মিতা প্ৰকাশ কৰাৰ বাবেই মই শ্ৰীলংকা ভ্ৰমণ কৰিম৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত ভাৰতে সদায় শ্ৰীলংকাৰ কাষত থিয় দিছে৷

বিগত পাঁচ বছৰত শ্ৰীলংকাৰ সৈতে আমাৰ দ্বিপাক্ষিক সম্পৰ্ক লেখতল’বলগীয়া ধৰণে আগবাঢ়িছে৷ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শেহতীয়া ভাৰত ভ্ৰমণৰ সময়ত মই ৰাষ্ট্ৰপতি ছিৰিসেনাক লগ পাই ধন্য হ’লো৷ মোৰ ভ্ৰমণৰ সময়ত শ্ৰীলংকাৰ নেতৃত্বৰ সৈতে মই বৈঠকত মিলিত হ’ম৷
মোৰ বিশ্বাস যে সামূদ্ৰিক প্ৰতিৱেশী হিচাপে আমাৰ ‘প্ৰতিৱেশী প্ৰথম নীতি’ৰ পৰিপ্ৰেক্ষিতত মোৰ মালদ্বীপ আৰু শ্ৰীলংকা ভ্ৰমণে আমাৰ ঘনিষ্ঠ তথা আন্তৰিক সম্পৰ্কৰ লগতে সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তা আৰু বিকাশৰ দৃষ্টিভংগীক অধিক সুদৃঢ় কৰিব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Maruti Suzuki Fronx becomes fastest Indian SUV to hit 2 lakh exports

Media Coverage

Maruti Suzuki Fronx becomes fastest Indian SUV to hit 2 lakh exports
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of benevolent actions and welfare of others
August 19, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting that the true fulfilment of human life lies in constantly working for the welfare and well-being of other living beings.

The Prime Minister shared a Sanskrit Subhashitam-

“एतावज्जन्मसाफल्यं देहिनामिह देहिषु।
प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥”

The Subhashitam conveys that the ultimate fulfillment of human life in this world lies in constantly performing benevolent and welfare-oriented actions toward other living beings through one's physical capabilities, wealth, intellect, and speech.

The Prime Minister wrote on X;

“एतावज्जन्मसाफल्यं देहिनामिह देहिषु।

प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥”