It is vital to identify the “last people in the line” so that benefits of governance can reach them: PM Modi
Social justice is an important governance objective and requires close coordination and constant monitoring: PM
Rural sanitation coverage has increased from less than 40 per cent to about 85 per cent in four years: PM Modi
Niti Aayog meet: Prime Minister Modi calls for efforts towards water conservation and water management on a war footing

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত নিটি আয়োগৰ শাসন পৰিষদৰ চতুৰ্থ বৈঠকত সমাপন মন্তব্য প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন চিন্তা-ধাৰা তথা বিভিন্ন মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰস্তাৱসমূহক আদৰণি জনাই উপস্থিত সকলোকে এই বুলি আশ্বস্ত কৰে যে সিদ্ধান্ত গ্ৰহণৰ সময়ত এই প্ৰস্তাৱসমূহ গভীৰভাৱে চিন্তা কৰা হ’ব৷ তেওঁ নিটি আয়োগক কয় যে তিনি মাহৰ ভিতৰত উত্থাপিত প্ৰস্তাৱসমূহৰ যোগ্য বিষয়ৰ ওপৰত ৰাজ্যসমূহৰ সৈতে পদক্ষেপ গ্ৰহণ কৰা হ’ব৷

তেওঁ কয় যে নিটি আয়োগৰ দ্বাৰা চিহ্নিত ১১৫খন প্ৰত্যাশী জিলাত ৰাজ্যসমূহে নিজাববীয়াকৈ ৰাজ্যৰ প্ৰত্যাশী ব্লকৰ পৰা ২০ শতাংশ চিহ্নিত কৰাৰ বাবে নীতি নিৰ্ধাৰণ কৰিব পাৰে৷ মুখ্যমন্ত্ৰীসকলে উত্থাপন কৰা পৰিৱেশৰ বিষয়ৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে মন্তব্য প্ৰদান কৰি কয় যে সকলো ৰাজ্যৰ পৰা তেওঁলোকৰ চৰকাৰী ভৱনসমূহ, কাৰ্যালয় ভৱন তথা ষ্ট্ৰীটলাইটত এলইডি বাল্ব প্ৰয়োগ কৰিবলৈ অনুৰোধ কৰা হৈছে৷ তেওঁ প্ৰস্তাৱ দিয়ে যে ইয়াক এটা নিশ্চিত সময়সীমাৰ ভিতৰত প্ৰণয়ন কৰিব পৰা যাব৷

তেওঁ বিভিন্ন মুখ্যমন্ত্ৰীৰ দ্বাৰা জল সংৰক্ষণ, কৃষি, মনৰেগা আদি বিষয়ৰ ওপৰত প্ৰদান কৰা অন্য প্ৰস্তাৱসমূহৰ প্ৰশংসা কৰে৷ তেওঁ মধ্য প্ৰদেশ, বিহাৰ, ছিক্কিম, গুজৰাট, উত্তৰ প্ৰদেশ, পশ্চিম বংগ তথা অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলক কৃষিৰ পূৰ্বে তথা কৃষিৰ পিছত দুয়োটা পৰ্যায়তেই ‘কৃষি তথা মনৰেগা’ৰ দুটা বিষয়ৰ প্ৰতি এক সমন্বিত নীতিগত দৃষ্টিকোণত সংমোদন কৰাৰ বাবে একগোট হৈ কাম কৰাৰ বাবে আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘শাৰীৰ শেষত থকা লোকসকল’ক চিনাক্ত কৰাটো অতিশয় গুৰুত্বপূৰ্ণ যাতে তেওঁলোকে শাসনৰ সুবিধাসমূহ লাভ কৰিব পাৰে৷ এইদৰে সামাজিক ন্যায়ো শাসনৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য৷ তেওঁ কয় যে এই মহৎ কামৰ বাবে সুক্ষ্ম সমন্বয় আৰু স্থিৰ নিৰীক্ষণৰ প্ৰয়োজন৷

তেওঁ ১৫ আগষ্ট ২০১৮ পৰ্যন্ত ১১৫ প্ৰত্যাশী জিলাৰ ৪৫,০০০ অতিৰিক্ত গাঁৱলৈ সাতটা মুখ্য আঁচনিৰ সাৰ্বভৌমিক ব্যাপ্তি উপলব্ধ কৰোৱাৰ প্ৰতি কেন্দ্ৰ চৰকাৰৰ দায়িত্বৰ কথা দোহাৰে৷

কেন্দ্ৰ চৰকাৰ ‘সবকা সাথ সবকা বিকাশ’ৰ দিশ নিৰ্ণয়কাৰী সিদ্ধান্ত ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰ চৰকাৰৰ যোজনাসমূহ এতিয়া কেৱল বিশেষ লোক অথবা বিশেষ ক্ষেত্ৰতে সীমিত হৈ থকা নাই আৰু সেয়া ভাৰসাম্যতা কোনো ভেদ-ভাৱ নকৰাকৈ প্ৰত্যেক ব্যক্তিকে স্পৰ্শ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ সকলো গাঁৱতে এতিয়া বিদ্যুতৰ সুবিধা প্ৰাপ্ত হৈছে আৰু সৌভাগ্য যোজনাৰ অধীনত এতিয়া ৪ কোটি পৰিয়ালক বিদ্যুতৰ সংযোগ প্ৰদান কৰা হৈছে৷ তেওঁ কয় যে গ্ৰামীণ স্বচ্ছতা ব্যাপ্তি চাৰি বছৰত প্ৰায় ৮৫ শতাংশ পৰ্যন্ত প্ৰাপ্ত হৈছে যি পূৰ্বতে ৪০ শতাংশতকৈও কম আছিল৷ তেওঁ কয় যে জন ধন যোজনাৰ প্ৰণয়নৰ পিছত দেশৰ সম্পূৰ্ণ জনসাধাৰণ বেংকিং প্ৰণালীৰ সৈতে জড়িত হৈ পৰিব৷ তেওঁ কয় যে সেইদৰে উজ্বলা যোজনা ৰন্ধন গেছৰ সুবিধাও প্ৰদান কৰা হৈছে, মিছন ইন্দ্ৰধনুস সাৰ্বভৌমিক টীকাকৰণৰ দিশত কাম চলি আছে৷ তেওঁ কয় যে কেন্দ্ৰ চৰকাৰে ২০২২ চন পৰ্যন্ত সকলোৰে বাবে গৃহৰ সুবিধা উপলব্ধ কৰোৱাৰ দিশত কাম কৰি আছে৷

তেওঁ সকলো মুখ্যমন্ত্ৰীকে দাৰিদ্ৰৰ কল্যাণৰ বাবে যোজনাৰ ১০০ শতাংশ প্ৰণয়নৰ দিশত লক্ষ্য নিৰ্ধাৰণৰ প্ৰয়াসত যোগদান কৰাৰ বাবে আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই কল্যাণকামী যোজনাৰ প্ৰণয়নৰ দ্বাৰা জনসাধাৰণৰ জীৱনত ব্যৱহাৰিক পৰিৱৰ্তনো হ’বলৈ ধৰিছে৷ এই পৰিপ্ৰেক্ষিতত তেওঁ ইউৰিয়াৰ নিম লেপন, উজ্বলা যোজনা, জন ধন একাউণ্ট আৰু ৰুপে’ ডেবিট কাৰ্ডৰ কথা উল্লেখ কৰে৷ তেওঁ এই যোজনাসমূহৰ দ্বাৰা জনসাধাৰণৰ জীৱনলৈ অহা পৰিৱৰ্তনসমূহৰ বিষয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে স্বচ্ছ ভাৰতৰ চৰ্চা আজি সমগ্ৰ পৃথিৱীতে হ’বলৈ ধৰিছে৷ বিগত চাৰি বছৰত ৭.৭০ কোটি শৌচালয়ৰ নিৰ্মাণ কৰা হৈছে৷ তেওঁ উপস্থিত সকলো ব্যক্তিক মহাত্মা গান্ধীৰ ১৫০তম জয়ন্তী, ২ অক্টোবৰ ২০১৯ পৰ্যন্ত ১০০ শতাংশ স্বচ্ছতা ব্যাপ্তিৰ দিশত কাম কৰাৰ বাবে আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে যুদ্ধকালীন গতিত জল সংৰক্ষণ তথা জল ব্যৱস্থাপনাৰ দিশত প্ৰয়াস কৰাৰ বাবে আহ্বান জনায়৷
অৰ্থ ব্যৱস্থাৰ ওপৰত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে অতি শীঘ্ৰেই পাঁচ ট্ৰিলিয়ন ডলাৰৰ অৰ্থব্যৱস্থা সমৃদ্ধ দেশ হিচাপে পৰিগণিত হ’ব বুলি বিশ্বই আশা প্ৰকাশ কৰিছে৷ তেওঁ ৰাজ্যসমূহক পৰিণাম আধাৰিত আৱণ্টন তথা ব্যয় প্ৰগতিক উৎসাহিত কৰাৰ বাবে বিত্ত আয়োগক নতুন বিচাৰ-ধাৰা প্ৰদান কৰিবলৈ আহ্বান জনায়৷

তেওঁ প্ৰসন্নতা প্ৰকাশ কৰি কয় যে ৰাজ্যসমূহে এতিয়া সন্মিলনৰ আয়োজন কৰি আছে৷ ৰাজ্যসমূহে ৰপ্তানিৰ ক্ষেত্ৰত মনোযোগ প্ৰদান কৰিব লাগে বুলি তেওঁ পৰামৰ্শ দিয়ে৷ তেওঁ ৰাজ্যসমূহক ‘ইজ অৱ ডুয়িং বিজনেছ’ক উৎসাহিত কৰাৰ বাবে আহ্বান জনায়৷ তেওঁ কয় যে নিটি আয়োগে ব্যৱসায় কৰা সহজলভ্যতা প্ৰদান কৰাৰ বাবে সকলো ৰাজ্যৰ সৈতে বৈঠকৰ আয়োজন কৰিব লাগে৷ তেওঁ কয় যে সাধাৰণ মানুহৰ বাবে আজি ‘সহজভাৱে জীয়াই থকা’ও আৱশ্যক আৰু ৰাজ্যসমূহে এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিব লাগে৷

কৃষি ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে মন্তব্য প্ৰদান কৰি কয় যে ভাৰতত এই ক্ষেত্ৰত কৰ্প’ৰেট প্ৰৱেশ অতিশয় ন্যূনতম৷ তেওঁ কয় যে ৰাজ্যসমূহে এনেকুৱা নীতি প্ৰণয়ন কৰিব লাগে যাতে পণ্যাগাৰ, পৰিবহণ, মূল্য সংবৰ্ধন তথা খাদ্য সংসাধন আদি ক্ষেত্ৰত কৰ্প’ৰেট প্ৰৱেশ বৃদ্ধি হয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যিসমূহ খনি ব্লকত সফলতাৰে নিলামী হৈ গৈছে তাতে তৎকালীনভাৱে উৎপাদন আৰম্ভ কৰিব লাগে৷ তেওঁ ৰাজ্যসমূহক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে জিলা খনিজ ফাউণ্ডেচনে ব্যাপক ৰূপত দাৰিদ্ৰ তথা জনজাতীয় লোকক সহায় কৰিব৷

প্ৰধানমন্ত্ৰীয় বিত্তীয় সঞ্চয় তথা সেইসমূহৰ সম্পদৰ উন্নত উপযোগিতা আদি পদক্ষেপসমূহৰ আলোচনা তথা তৰ্ক লোকসভা আৰু বিধানসভাত সমসাময়িকভাৱে সম্পন্ন কৰাৰ বাবে আহ্বান জনায়৷

সমাপনত প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলক তেওঁলোকৰ প্ৰস্তাৱসমূহৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷


Click here for Opening Remarks

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s electronics exports up 11.62% to $5.09 billion in May

Media Coverage

India’s electronics exports up 11.62% to $5.09 billion in May
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights India's defence transformation over the last decade
June 17, 2026

The Prime Minister, Shri Narendra Modi has highlighted the significant transformation witnessed in India’s defence capabilities over the last decade.

Shri Modi said that India’s defence capabilities have undergone a major transformation, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

The Prime Minister noted that the progress made in the defence sector over the last 12 years reflects India’s growing focus on strengthening national security through self-reliance.

The Prime Minister further stated that India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

The Prime Minister wrote on X;

“India’s defence capabilities have witnessed significant transformation over the last decade, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

This thread gives a glimpse of the strides India has made in the defence sector over the last 12 years.

#12YearsOfSurakshitBharat”

“This thread explains how India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

#12YearsOfSurakshitBharat”