দেশখনত মেডিকেল গ্ৰেড অক্সিজেনৰ যথোচিত যোগান নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিস্তৃত পৰ্যালোচনা কৰে। স্বাস্থ্য, উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্যৰ প্ৰোৎসাহন বিভাগ (DPIIT), তীখা, পথ পৰিবহণ ইত্যাদিৰ দৰে মন্ত্ৰালয়সমূহৰ ইনপুটসমূহো প্ৰধানমন্ত্ৰীক অৱগত কৰা হয়। প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰালয় ও ৰাজ্য চৰকাৰসমূহৰ সমন্বয় নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে তদুপৰি অক্সিজেন যোগানৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিস্তৃত পৰ্যালোচনা কৰে আৰু আগন্তুক ১৫ দিনত ১২ খন অধিক ক’ভিড-১৯ জৰ্জৰিত ৰাজ্য (মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, গুজৰাট, উত্তৰ প্ৰদেশ, দিল্লী, চত্তীশগড়, কৰ্ণাটক, কেৰালা, তামিল নাডু, পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থান) ত ব্যৱহাৰৰ ৰূপৰেখা অংকন কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত এই ৰাজ্যকেইখনৰ জিলা পৰ্যায়ৰ পৰিস্থিতিৰ অৱলোকন কৰা হয়।

প্ৰধানমন্ত্ৰীক অৱগত কৰা যায় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহে আনুমানিক চাহিদাৰ অৰ্থে নিয়মীয়াকৈ যোগাযোগ আৰু নিৰ্ধাৰণ কৰি আছে যিসমূহ ২০ এপ্ৰিল, ২৫ এপ্ৰিল ও ৩০ এপ্ৰিল সাপেক্ষে ৰাজ্যসমূহক অৱগত কৰা হৈছে। সেই অনুসৰি, ২০ এপ্ৰিল, ২৫ এপ্ৰিল আৰু ৩০ এপ্ৰিল সাপেক্ষে আনুমানিক চাহিদা পূৰণৰ অৰ্থে এই ১২ খন ৰাজ্যলৈ ক্ৰমে ৪,৮৮০ মেট্ৰিক টন, ৫,৬১৯ মেট্ৰিক টন আৰু ৬,৫৯৩ মেট্ৰিক টন আবন্টন জনোৱা হৈছে।

প্ৰধানমন্ত্ৰীক বৰ্ধিত চাহিদাৰে মোকাবিলা কৰিবলৈ দেশখনৰ উৎপাদন ক্ষমতা সন্দৰ্ভত চমুকৈ অৱগত কৰা হয়। প্ৰধানমন্ত্ৰীয়ে প্ৰতিটো প্লান্টৰে ক্ষমতা অনুসৰি অক্সিজেনৰ উৎপাদন বৃদ্ধিৰ পৰামৰ্শ প্ৰদান কৰে। তীখা প্ৰকল্পসমূহক যোগান ধৰা অক্সিজেনৰ অৱশিষ্ট ষ্টক মেডিকেল ব্যৱহাৰত প্ৰয়োগ কৰা সন্দৰ্ভত আলোচনা কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশখনতে অক্সিজেন কঢ়িয়াই নিয়া টেংকাৰসমূহৰ নিৰন্তৰ আৰু মুক্ত আহ-যাহ নিশ্চিত কৰিবলৈ বিষয়া-বৰ্গক আহ্বান জনায়। চৰকাৰখনে সুচলতৰ আহ-যাহ নিশ্চিত কৰি তুলিবলৈ সকলো আন্তঃৰাজ্যিক আহ-যাহৰ ক্ষেত্ৰত অক্সিজেন টেংকাৰসমূহক পাৰ্মিটৰ পঞ্জীয়নৰপৰা ৰেহাই প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীক অৱগত কৰা যায় যে বৰ্ধিত চাহিদাৰে মোকাবিলা কৰিবলৈ ক্ষীপ্ৰতৰ পৰিৱৰ্তন আৰু যথোচিত ক্ষমতা নিশ্চিত কৰিবলৈ ছিফ্ট সাপেক্ষে চালকসহ সকলো সময়তে টেংকাৰসমূহৰ আহ-যাহ নিশ্চিতকৰণৰ অৰ্থে ৰাজ্য আৰু পৰিবহণকাৰীসকলক কোৱা হৈছে। চিলিণ্ডাৰ ফিলিং প্লান্টসমূহকো যাৱতীয় ৰক্ষাকৱচৰ ব্যৱস্থাৰে ২৪ ঘন্টাই কাম কৰাৰ অনুমতি প্ৰদান কৰা যাব। চৰকাৰে পৰিশোধনৰ পাছত ঔদ্যোগিক চিলিণ্ডাৰসমূহ মেডিকেল অক্সিজেনৰ অৰ্থে ব্যৱহাৰত অনুমতি প্ৰদান কৰিছে। সমান্তৰালভাৱে, টেংকাৰসমূহৰ সম্ভাৱ্য নাটনিৰে মোকাবিলা কৰিবলৈ নাইট্ৰ’জেন আৰু আৰ্গন টেংকাৰসমূহকো আপোনা-আপুনিভাৱে অক্সিজেন টেংকাৰলৈ ৰূপান্তৰৰ অনুমতি প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীক বিষয়াসকলে তদুপৰি মেডিকেল গ্ৰেড অক্সিজেন আমদানিৰ অৰ্থে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত চমুকৈ ব্যক্ত কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In a first, NCERT adds Emergency to Class 9 textbooks; chapter details rights suspension and press censorship

Media Coverage

In a first, NCERT adds Emergency to Class 9 textbooks; chapter details rights suspension and press censorship
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 জুন 2026
June 25, 2026

Viksit Bharat in Action: PM Modi's Reforms Powering Inclusive Growth, Tech Innovation & Global Competitiveness