প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বেডমিণ্টন খেলুৱৈ তথা অল ইংলেণ্ড অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলিষ্ট লক্ষ্য সেনক প্ৰশংসা কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়:
"@lakshya_sen আপোনাৰ বাবে আমি গৌৰৱান্বিত! আপুনি যথেষ্ট শক্তি আৰু অধ্যৱসায় দেখুৱাইছিল। আপুনি আবেগেৰে যুঁজিছিল। আপোনাৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা। মই নিশ্চিত যে আপুনি সফলতাৰ নতুন শিখৰ স্পৰ্শ কৰি থাকিব। "
Proud of you @lakshya_sen! You’ve shown remarkable grit and tenacity. You put up a spirited fight. Best wishes for your future endeavours. I am confident you will keep scaling new heights of success.
— Narendra Modi (@narendramodi) March 20, 2022


