দক্ষিণ আফ্ৰিকাৰ মাননীয় ৰাষ্ট্ৰপতি চাইৰিল ৰামাফছা;

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ঔদ্যোগিক জগতৰ নেতৃবৰ্গ;

ভদ্ৰপুৰষ তথা ভদ্ৰমহিলাসকল৷

নমস্কাৰ!

ভাৰত–দক্ষিণ আফ্ৰিকা ব্যৱসায় মঞ্চত আপোনালোকৰ সৈতে উপস্থিত থাকিবলৈ পাই মই আনন্দিত অনুভৱ কৰিছো৷ ৰাষ্ট্ৰপতি মহোদয়ৰ উপস্থিতিয়ে আমাৰ সন্মান বৃদ্ধি কৰিছে৷

কাইলৈ অনুষ্ঠিত হ’বলগীয়া ৭০তম গণৰাজ্য দিৱসত আপুনি মুখ্য অতিথিৰূপে উপস্থিত থাকি এই দিৱসৰ সৌষ্ঠৱ বৃদ্ধি কৰিব৷ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ শক্তিশালী বান্ধোন ইতিহাসত সোণালী আখৰেৰে লিখা আছে৷

এতিয়া আমাৰ বন্ধুত্ব সেই দিশত অগ্ৰসৰ হৈছে যাৰ সপোন মাডিবা আৰু মহাত্মাই আমাৰ জনতাৰ কাৰণে দেখিছিল৷ আমি নিৰৱচ্ছিন্নভাৱে আমাৰ জনতা তথা বিশ্বৰ বাবে সহযোগিতাৰ ডোলত বান্ধ খাইছো৷

আমি লালকিল্লা বিবৃতিৰ জৰিয়তে ২২ বছৰ পূৰ্বে কৌশলগত সহযোগিতাত আৱদ্ধ হৈছিলো৷ মই বিশ্বাস কৰো যে দুয়োখন দেশৰ মাজত থকা পুৰণি বন্ধুত্ব আৰু সহযোগিতাই আমাক কাষ চপাই আনিছে৷ আমি দ্বিপাক্ষিকভাৱে তথা বহুপক্ষীয়ভাৱেও ঘনিষ্ঠ সহযোগিতাৰ সম্পৰ্ক স্থাপন কৰাত প্ৰতিশ্ৰুতিবদ্ধ হৈছো৷ শেহতীয়াকৈ আমি দুই পুৰণি বন্ধুৰ মাজত বিকাশৰ নতুন আৰম্ভণিৰ সূচনা হৈছে৷

২০১৭–১৮ বৰ্ষত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ১০ বিলিয়ন ডলাৰৰ বাণিজ্যিক সম্পৰ্ক স্থাপিত হৈছে৷ ২০১৮ বৰ্ষত দুটা প্ৰধান ব্যৱসায়িক পদক্ষেপ গ্ৰহণ কৰা হৈছিল৷ এটা আছিল ২০১৮ চনৰ এপ্ৰিলত জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা ভাৰত–দক্ষিণ আফ্ৰিকা ব্যৱসায় সন্মিলন আৰু আনটো আছিল ২০১৮ চনৰ নৱেম্বৰ মাহত জোহান্সবাৰ্গত অনুষ্ঠিত ভাৰত ব্যৱসায় মঞ্চত বিনিয়োগ৷

কিন্তু এতিয়াও এক বৃহৎ সম্ভাৱনা আছে৷ মই সকলো ভাৰতীয় আৰু দক্ষিণ আফ্ৰিকাৰ চৰকাৰী এজেন্সী, বিনিয়োগ উত্তৰণ সংস্থা লগতে দুয়োখন দেশৰ ব্যৱসায়িক নেতাক সক্ৰিয়াভাৱে কাম কৰিবলৈ আমন্ত্ৰণ জনাইছো৷ আমাৰ দেশত আফ্ৰিকান সমাজৰ উল্লেখযোগ্য উপস্থিতিত মই সন্তোষ প্ৰকাশ কৰিছো৷

গুজৰাটত মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মই দক্ষিণ আফ্ৰিকাৰ বিশিষ্ট অংশগ্ৰহণকাৰীসকলক আদৰণি জনাবলৈ পাই সুখী অনুভৱ কৰিছো৷ এয়া উল্লেখযোগ্য যে পুনৰবাৰ যোৱা সপ্তাহৰ ভাইব্ৰেণ্ট গুজৰাট সন্মিলনত দক্ষিণ আফ্ৰিকাৰ পৰা বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰিছিল৷ এটা দিন সম্পূৰ্ণভাৱে ‘আফ্ৰিকা দিৱস’ হিচাপে পালন কৰা হৈছিল৷

ইয়াৰ দ্বাৰা আমি অনুভূত কৰাতকৈ আমাৰ বান্ধোন অধিক শক্তিশালী বুলি পৰিলক্ষিত হৈছে৷ এয়া আমাৰ দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতাৰ বাবেও উত্তম৷ ভদ্ৰমহিলা আৰু ভদ্ৰপুৰুষসকল, ভাৰতৰ অৰ্থনীতিয়ে বৰ্তমান ২.৬ ত্ৰিলিয়ন ডলাৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে আৰু বিশ্বৰ ভিতৰতে দ্ৰুতবেগী অৰ্থনীতিৰ দেশ হিচাপে পৰিচিত হৈছে৷

আৰু আমি বিশ্বজনীনভাৱে পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিচিত হোৱাৰ পথত৷ ভাৰতে বিশ্ব বেংকৰ ইজ অব্ ডুয়িং প্ৰতিবেদনত যোৱা চাৰি বছৰত ৬৫টা ঘৰ আগুৱাই ৭৭নং স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

আমি ইউএনচিটিএডিৰ তালিকাত এফডিআইৰ শীৰ্ষৰ লক্ষ্যত উপনীত হৈছো৷ কিন্তু অমি সন্তুষ্ট নহয়৷ আমি দৈনিক ভিত্তিত প্ৰয়োজনীয় পৰিৱৰ্তনসমূহ কৰি আছো আৰু অৰ্থনীতিৰ সংশোধনত গুৰুত্ব প্ৰদান কৰিছো৷

মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া আৰু ষ্টাৰ্ট–আপ ইণ্ডিয়াৰ দৰে আমাৰ বিশেষ কাৰ্যসূচীসমূহে বিশ্বক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে৷ আমাৰ উদ্যোগসমূহে ইণ্ডাষ্ট্ৰী ৪.০ৰ দিশত অগ্ৰসৰ হোৱাৰ লগতে কৃত্ৰিম বুদ্ধিমতা, ত্ৰিমাত্ৰিক প্ৰিণ্টিং, ৰবটিকছৰ ক্ষেত্ৰতো উত্তৰণ কৰিছে৷ আমাৰ চৰকাৰে বিশ্বৰ জনগণৰ ছয়ভাগৰ এভাগ অৰ্থাৎ ১.৩ বিলিয়ন লোকৰ জীৱন–ধাৰণৰ মান উন্নত কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়াস কৰিছে৷

আমি পৰৱৰ্তী প্ৰজন্মৰ বাবে আন্তঃগাঁথনি সৃষ্টিৰে ‘নতুন ভাৰত’ গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷

নতুন দক্ষিণ আফ্ৰিকাৰ বাবে ২০১৮ বৰ্ষত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে মই ৰাষ্ট্ৰপতি মহোদয়কো অভিনন্দন জনাইছো৷ যোৱা তিনি বছৰত আপোনাৰ দেশৰ তৰুণ প্ৰজন্মৰ বাবে এক মিলিয়ন চাকৰি সৃষ্টিৰ উপৰিও বৈদেশিক প্ৰত্যক্ষ বিনিয়োগক আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা বাবে আপোনাক শুভেচ্ছা জনাইছো৷

ভাৰতেও এই উদ্দেশ্যসমূহৰ সংবদ্ধ হ’বলৈ পোৱাত সুখী অনুভৱ কৰিছো৷ দক্ষিণ আফ্ৰিকাত আমাৰ বিনিয়োগ ক্ৰমাগতভাৱে বৃদ্ধি হৈ ১০ বিলিয়ন ডলাৰ স্পৰ্শ কৰিছে আৰু স্থানীয়ভাৱে ২০,০০০ চাকৰিৰ সৃষ্টি কৰিছে৷

ভাতৃ ৰাষ্ট্ৰ হিচাপে ভাৰতে নীতি সংশোধনী আৰু ভূমি পৰ্যায়ৰ এজেন্সী স্থাপনৰ ক্ষেত্ৰত নিজৰ অভিজ্ঞতা বিনিময় কৰিবলৈ পাই সুখী অনুভৱ কৰিব৷ আমি অধিক ভাৰতীয় উদ্যোগক দক্ষিণ আফ্ৰিকাত বিনিয়োগৰ বাবে উৎসাহিত কৰিম আৰু আমি নিশ্চিত যে অধিক দক্ষিণ আফ্ৰিকান উদ্যোগে ভাৰতৰ বজাৰত প্ৰৱেশ কৰিব৷

মই আপোনাক নিশ্চিত প্ৰদান কৰিছো যে নতুন ভাৰতে খাদ্য আৰু কৃষি সংসাধন, গভীৰ খনন, প্ৰতিৰক্ষা, ফিনটেক, বীমা আৰু আন্তঃগাঁথনি ক্ষেত্ৰত উপলব্ধ সুবিধাসমূহৰ বাবে স্বাগতম জনাব৷ ঠিক সেইদৰে ভাৰতে দক্ষিণ আফ্ৰিকাৰ সৈতে ষ্টাৰ্ট–আপ, স্বাস্থ্য সেৱা আৰু ফাৰ্মা, বায়’-টেক আৰু তথ্য প্ৰযুক্তি ক্ষেত্ৰতো সহযোগী হ’ব পাৰে৷

দক্ষিণ আফ্ৰিকাই শেহতীয়াকৈ গান্ধী মেণ্ডেলা দক্ষতা প্ৰতিষ্ঠান মুকলি কৰাত আমি সুখী অনুভৱ কৰিছো৷ ইয়াৰ দ্বাৰা তৰুণ প্ৰজন্মৰ সৱলীকৰণ হ’ব৷ দুয়োখন দেশৰ মাজত অন্য এটা গুৰুত্বপূৰ্ণ সহযোগিতা হ’ল মুক্তা আৰু অলংকাৰ ক্ষেত্ৰত হোৱা সহযোগিতা৷ দুয়োখন দেশে হীৰাৰ প্ৰত্যক্ষ আহৰণৰ ক্ষেত্ৰ প্ৰসাৰণ কৰিব পাৰিব৷ তাৰোপৰি অৰ্থনীতি উত্তৰণ হোৱাৰ লগতে ক্ৰেতা আৰু বিক্ৰেতাসমূহৰ মাজত ব্যয়ো সংকোচন হ’ব৷ দক্ষিণ আফ্ৰিকাই ভাৰতৰ সৈতে নতুন আৰু পুনৰ নৱীকৰণ শক্তিৰ ক্ষেত্ৰখনত বিশেষকৈ ‘‘আন্তৰ্জাতিক সৌৰ সহযোগিতা’’ৰ ক্ষেত্ৰখনত সহযোগিতা প্ৰদান কৰিব পাৰে৷

তাৰোপৰি ব্যৱসায়ী আৰু পৰ্যটকৰ বাবে ভিছা ব্যৱস্থাপনা সৰলীকৰণৰ দ্বাৰা দুয়োখন দেশৰ মাজৰ জনসাধাৰণৰ বিনিময় প্ৰক্ৰিয়া সহজ কৰি তোলা হৈছে৷

ভদ্ৰমহিলা আৰু ভদ্ৰপুৰুষসকল,

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ সহযোগিতাৰ এক বৃহৎ সম্ভাৱনীয়তা আছে৷ আমি একত্ৰিতভাৱে দুয়োখন দেশৰ জনতাৰ স্বাৰ্থত বিকাশ আৰু উত্তৰণৰ এক নতুন যুগ স্থাপন কৰাৰ দিশত কাম কৰিব লাগিব৷

ৰাষ্ট্ৰপতি মহোদয়ৰ উপস্থিতিয়ে এই সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব৷

ৰাষ্ট্ৰপতি মহোদয়, মই আপোনাৰ সৈতে কান্ধত–কান্ধ মিলাই এই প্ৰয়াসৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷

ধন্যবাদ৷

অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Exports 3.15 lakh Tonnes Sugar in Oct-Feb of 2025-26 Marketing Year: AISTA

Media Coverage

India Exports 3.15 lakh Tonnes Sugar in Oct-Feb of 2025-26 Marketing Year: AISTA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Speaks with UAE President
March 17, 2026
PM Conveys Eid Greetings and Discusses current Situation in West Asia

The Prime Minister spoke with HH Sheikh Mohamed bin Zayed Al Nahyan, President of the UAE, and conveyed advance Eid greetings. PM Modi and the President discussed the current situation in West Asia. The Prime Minister reiterated India’s strong condemnation of all attacks on the UAE that have resulted in loss of innocent lives and damage to civilian infrastructure.

The Prime Minister and the UAE President agreed on the importance of ensuring safe and free navigation through the Strait of Hormuz. Shri Modi emphasized that both nations will continue to work together for the early restoration of peace, security, and stability in the region.

The Prime Minister wrote on X;

"Spoke with my brother HH Sheikh Mohamed bin Zayed Al Nahyan, President of the UAE and conveyed advance Eid greetings.

We discussed the current situation in West Asia. Reiterated India’s strong condemnation of all attacks on the UAE that have resulted in loss of innocent lives and damage to civilian infrastructure.

We agreed on the importance of ensuring safe and free navigation through the Strait of Hormuz.

We will continue to work together for the early restoration of peace, security and stability in the region."