প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি জার্মান চেঞ্চেলৰ ড০ এঞ্জেলা মাৰ্কেলৰ সৈতে ভিডিঅ’-টেলিকনফাৰেন্সত অংশগ্ৰহণ কৰে৷

প্রধানমন্ত্রীয়ে ইউৰোপৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত সুস্থিৰ আৰু যোগ্য নেতৃত্বৰ বাবে চেঞ্চেলৰ মাৰ্কেলৰ দীর্ঘদিনীয়া ভূমিকাৰ প্রশংসা কৰে৷ ভাৰত-জার্মান কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ ক্ষেত্রত তেওঁ জার্মান চেঞ্চেলৰগৰাকীয়ে লোৱা পথপ্রদর্শকৰ ভূমিকাৰ বাবেও ধন্যবাদ জনায়৷

ক’ভিড-১৯ মহামাৰী, দ্বিপাক্ষিক সম্পর্ক, আঞ্চলিক বিষয় তথা ভাৰত ইউৰোপীয় সংঘৰ মাজৰ সম্পর্ককৈ ধৰি পাৰষ্পৰিক স্বার্থজড়িত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয়ক লৈ দুয়োগৰাকী নেতাই আলোচনা কৰে৷

প্রধানমন্ত্রী মোদীয়ে চেঞ্চেলৰ মাৰ্কেলক ভাৰতত ক’ভিড-১৯ টিকাৰ উদ্ভাৱনৰ বিষয়ে অৱগত কৰে। ভাৰতে সাধ্য অনুসৰি বিশ্বক উপকাৰ কৰিবলৈ লোৱা প্ৰতিশ্ৰুতিৰ কথাও তেওঁ উল্লেখ কৰে৷ জার্মানীকে ধৰি ইউৰোপীয় সংঘৰ অধীনস্ত দেশসমূহক সংক্রমণৰ নতুন ঢৌক ক্ষিপ্ৰতাৰে প্রতিহত কৰিবলৈও প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জনায়৷

প্রধানমন্ত্রীয়ে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীত জার্মানীৰ যোগদানৰ সিদ্ধান্তক আদৰণি জনায়৷ তেওঁ দূর্যোগ মোকাবিলাৰ গোট দুৰ্যোগ সুস্থিৰতা আন্তঃগাঁথনিৰ বাবে সহযোগিতা (চিডিআৰআই)ত জার্মানীৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ বিষয়ত আগ্রহ প্রকাশ কৰে৷

চলিত বৰ্ষত ভাৰত-জার্মান দ্বিপাক্ষিক সম্পর্কৰ ৭০সংখ্যক বৰ্ষপূর্তি আৰু কৌশলগত অংশীদাৰিত্বৰ ২০সংখ্যক বর্ষপূৰ্তি। দুয়োগৰাকী নেতা এইই পৰিৱেশত ষষ্ঠ আন্তঃচৰকাৰী আলোচনা ক্ষিপ্ৰতৰ কৰাৰক লৈ সহমত পোষণ কৰে৷ আলোচনাত উচ্চাকাংক্ষী বিষয়সমূহ অন্তৰ্ভূক্ত কৰাৰ ক্ষেত্ৰত তেওঁলোকে একমতত উপনীত হয়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre launches Bhavya scheme to set up 100 industrial parks across country

Media Coverage

Centre launches Bhavya scheme to set up 100 industrial parks across country
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মে’ 2026
May 24, 2026

Strength, Growth & Global Trust: How PM Modi is Transforming India Across Frontiers