প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান(ইউএনএছজি) এণ্টনিঅ’ গুট্টেৰেছ মাজত আজি এক টেলিফোনিক বাৰ্তালাপ হয়৷

দুয়োগৰাকী নেতাই শেহতীয়াভাৱে কংগো গণতান্ত্ৰিক গণৰাজ্যত ৰাষ্ট্ৰসংঘৰ সুস্থিৰতা অভিযান(এমঅ’এনইউএছচিঅ’)ৰ সন্দৰ্ভত আলোচনা কৰে, য’ত দুগৰাকী ভাৰতীয় শান্তিৰক্ষী জোৱান শ্বহীদ হৈছিল৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা সচিবক ক্ষিপ্ৰ তদন্ত সুনিশ্চিত কৰি ইয়াৰ জৰিয়তে এই আক্ৰমণৰ অপৰাধীক আদালতৰ কাঠগৰালৈ আনিবলৈ আহ্বান জনায়। তেওঁ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষাৰ প্ৰতি ভাৰতৰ স্থায়ী প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰি এতিয়ালৈকে ২,৫০,০০০ৰো অধিক ভাৰতীয় শান্তিৰক্ষীয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ অধীনত সেৱা আগবঢ়াইছে বুলি কয়। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত সেৱা আগবঢ়োৱাৰ সময়ত ১৭৭গৰাকী ভাৰতীয় শান্তিৰক্ষীয়ে জীৱন আহুতি দিছে, যিটো যিকোনো দেশৰ সেৱা আগবঢ়োৱা বাহিনীৰ ভিতৰতে সৰ্ববৃহৎ।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীয়ে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ শ্বহীদ জোৱান দুগৰাকীৰ পৰিয়ালবৰ্গৰ লগতে ভাৰত চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে৷ তেওঁ এমঅ’এনইউএছচিঅ’ৰ ওপৰত হোৱা আক্ৰমণৰ স্পষ্টভাষাৰে নিন্দা কৰাৰ লগতে ক্ষিপ্ৰ তদন্তৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কংগো গণতান্ত্ৰিক দেশৰ জনসাধাৰণৰ মাজত শান্তি আৰু সুস্থিৰতাৰ প্ৰতি ভাৰতৰ অটল সমৰ্থনৰ কথা উল্লেখ কৰে, য’ত এমঅ’এনইউএছচিঅ’ত প্ৰায় ২০৪০গৰাকী ভাৰতীয় জোৱান নিয়োজিত কৰা হৈছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Major Ports Handled Record 915 Million Tonnes Cargo In FY26, Surpass Annual Target

Media Coverage

India's Major Ports Handled Record 915 Million Tonnes Cargo In FY26, Surpass Annual Target
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 এপ্ৰিল 2026
April 06, 2026

India’s Golden Chapter: PM Modi Turns Vision into Records From Ports to People, From Naxal to Naval