Government is open to discuss all issues in Parliament: PM
Like the previous session, I urge the MPs to actively participate in all debates and discussions: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ চলিত অধিৱেশনক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি কয় যে এই অধিৱেশনখন ৰাজ্যসভাৰ ২৫০তম অধিৱেশন হোৱাৰ লগতে ভাৰতীয় সংবিধানেও ৭০তম বৰ্ষত উপনীত হৈছে৷

প্ৰধানমন্ত্ৰীয়ে আজি সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য প্ৰদান কৰে৷
ভাৰতক উন্নতিৰ পথত আগুৱাই নিয়াত ৰাজ্যসভাৰ গুৰুত্বপূৰ্ণ অৱদান সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে৷

তেওঁ কয়, ‘‘বন্ধুসকল, এয়া ২০১৯ বৰ্ষৰ অন্তিমটো সংসদৰ অধিৱেশন আৰু ৰাজ্যসভাৰ ২৫০তম অধিৱেশন হিচাপেও গুৰুত্বপূৰ্ণ যিয়ে ভাৰতৰ উন্নতিত উল্লেখযোগ্য অৱদান আগবঢ়াইছে৷’’

২৬ নৱেম্বৰৰ দিনা ভাৰতে ৭০তম সংবিধান দিৱস পালন কৰিব৷ ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনা ভাৰতীয় সংবিধান গ্ৰহণ কৰা হৈছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সংবিধানে ভাৰতৰ ঐক্যতা, সংহতি আৰু বৈচিত্ৰতাৰ মতবাদ দাঙি ধৰিছে৷

‘’২৬ নৱেম্বৰৰ দিনা আমি ৭০তম সংবিধান দিৱস পালন কৰাৰ পৰিপ্ৰেক্ষিতত দেশে সংবিধান গ্ৰহণৰ ৭০ বৰ্ষ অতিক্ৰম কৰিলে৷ এই সংবিধানে ভাৰতৰ ঐক্যতা, সংহতি আৰু বৈচিত্ৰতাৰ মতবাদ দাঙি ধৰিছে৷ ইয়াতেই ভাৰতৰ সৌন্দৰ্য সমাহিত হৈছে৷ আৰু ইয়েই হ’ল ভাৰতৰ চালন শক্তি৷ সংসদৰ এই অধিৱেশনৰ জৰিয়তে জনসাধাৰণে আমাৰ সংবিধানৰ ৭০তম বৰ্ষৰ বিষয়ে অৱগত হোৱা উচিত৷’’

প্ৰধানমন্ত্ৰীয়ে সাংসদসকলত পূৰ্বৰ অধিৱেশনসমূহৰ দৰে এইবাৰৰ অধিৱেশনতো সক্ৰিয়ভাৱে বিভিন্ন আলোচনাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় যাতে এই আলোচনাৰ ফলাফলৰ দ্বাৰা দেশ উপকৃত হয়৷

‘‘যোৱা কেইটামান দিনত আমি প্ৰায় সকলো দলৰ বিভিন্ন নেতাৰ সৈতে সাক্ষাৎ কৰাৰ সুবিধা লাভ কৰিছো৷ নতুন চৰকাৰ গঠন হোৱাৰ ঠিক পিছতে অনুষ্ঠিত হোৱা এই অধিৱেশনতো পূৰ্বৰ অধিৱেশনসমূহৰ দৰে সাংসদসকলৰ সক্ৰিয় অংশগ্ৰহণ হোৱাটো আৱশ্যক৷ শেষৰ অধিৱেশনটোত অতিশয় সফল আছিল৷ মই সগৌৰৱে ৰাজহুৱাভাৱে ঘোষণা কৰিব পাৰো যে এই সাফল্য কোনো চৰকাৰ অথবা ট্ৰেজাৰী বেঞ্চৰ নহয় বৰঞ্চ সমগ্ৰ সংসদৰে হয়; সকলো সদস্যই এই কৃতিত্বৰ অধিকাৰী৷

মই পুনৰবাৰ সকলো সাংসদক তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু আশা প্ৰকাশ কৰিছো যাতে এই অধিৱেশনে যাতে দেশৰ উন্নতিৰ কৰ্মসমূহ পুনৰুজ্জীৱিত কৰে৷

আমি সকলো বিষয় আলোচনা কৰিবলৈ বিচাৰিছো আৰু দেশৰ কল্যাণ তথা উন্নতিৰ বাবে এই আলোচনা অতিশয় প্ৰয়োজনীয়৷

মই সকলো সদস্যকে শুভেচ্ছা জনাইছো৷’’

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's yuva shakti continues to make global impact: PM Modi

Media Coverage

India's yuva shakti continues to make global impact: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the courage and perseverance of India's Youth
July 20, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the courage and perseverance of India's Youth:

"प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः।

दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥"

Shri Modi said that our youth is achieving historic success through their courage, self-confidence, and relentless hard work, and this is the greatest strength of a rapidly developing India.

The Prime Minister posted on X:

आज हमारे युवा साथी धैर्य, आत्मविश्वास और अथक परिश्रम से ऐतिहासिक सफलता हासिल कर रहे हैं। यही विकसित हो रहे भारत की सबसे बड़ी ताकत है।

प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः।

दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥