প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ নোৱাপাৰাৰপৰা দক্ষিণেশ্বৰলৈ মেট্ৰ’ ৰেলৱেৰ সম্প্ৰসাৰণৰ কাম উদ্বোধন কৰে আৰু এই সম্প্ৰসাৰণেদি প্ৰথম সেৱাৰ ফ্লেগ অফ কৰে। তেখেতে তদুপৰি কালাইকুণ্ডা আৰু ঝাৰগ্ৰামৰ মাজত তৃতীয় লাইনৰ উদ্বোধন কৰে।

শ্ৰী মোদীয়ে পূব ৰেলৱেৰ আজিমগঞ্জৰপৰা খড়গ্ৰাঘাট পথ শাখালৈ দ্বৈতকৰণ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। তেখেতে দানকুনি আৰু বাৰুইপাৰাৰ মাজত চতুৰ্থটো লাইন আৰু ৰচুলপুৰ আৰু মাগ্ৰাৰ মাজত তৃতীয়টো লাইন ৰাষ্ট্ৰলৈ সমৰ্পণ কৰে।

এই কাৰ্যসূচীত উপস্থিত জনতাক সম্বোধন কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজি উদ্বোধন কৰা প্ৰকল্পসমূহে হুগলীৰ আশে-পাশে থকা কেইবা নিযুত লোকৰ জীৱন যাত্ৰা সহজতৰ কৰিব। তেখেতে লগতে কয় যে আমাৰ দেশৰ উত্তম পৰিবহণ ব্যৱস্থাই আত্ম-নিৰ্ভৰতা আৰু বিশ্বাসৰ অভিমুখে আমাৰ সংকল্পক সুদৃঢ় কৰি তুলিব। তেখেতে সন্তোষ ব্যক্ত কৰি কয় যে কলকাতাৰ ওপৰিও, হুগলী, হাওৰা আৰু উত্তৰ ২৪ পৰগণা জিলাৰ জনসাধাৰণেও এই মেট্ৰ’ সেৱাৰ জৰিয়তে উপকৃত হ’ব। তেখেতে কয়, নোৱাপাৰাৰপৰা দক্ষিণেশ্বৰলৈ মেট্ৰ’ ৰেলৱেৰ সম্প্ৰসাৰণৰ ফলত উভয় স্থানৰ মাজৰ ভ্ৰমণ সময় ৯০ মিনিটৰপৰা ২৫ মিনিটলৈ হ্ৰাস পাব। এই সেৱাসমূহে ছাত্ৰ-ছাত্ৰী আৰু শ্ৰমিকসকলক বিশেষভাৱে উপকৃত কৰিব বুলি তেখেতে কয়।

 

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰি কয় যে ভাৰতত বৰ্তমানে নিৰ্মাণ কৰা মেট্ৰ’ বা ৰেলৱে ব্যৱস্থাত মেক ইন ইণ্ডিয়াৰ প্ৰভাৱ দৃশ্যমান হৈছে। ট্ৰেক পাৰিতকৰণৰপৰা আৰম্ভ কৰি আধুনিক ল’ক’ম’টিভ আৰু আধুনিক ট্ৰেইন আৰু আধুনিক ক’ছলৈকে বহুল পৰিমাণে ব্যৱহৃত সামগ্ৰী আৰু প্ৰযুক্তি হৈছে থলুৱা। ই ক্ষীপ্ৰতাৰে প্ৰকল্প সম্পূৰ্ণ কৰাত সহায় আগবঢ়াইছে আৰু নিৰ্মাণৰ মানদণ্ড বৃদ্ধি কৰি তুলিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, পশ্চিম বংগ হৈছে দেশখনৰ আত্ম-নিৰ্ভৰতাৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ আৰু পশ্চিম বংগ আৰু উত্তৰ পূবৰ বাবে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সম্ভাৱনা অসীম। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এই নতুন ৰেল লাইনসমূহৰ জৰিয়তে জীৱন যাত্ৰা সহজতৰ হ’ব, উদ্যোগসমূহৰ বাবে নতুন পথো প্ৰশস্ত হৈ পৰিব।

থোৰতে পৃষ্টপটঃ

মেট্ৰ’ ৰেলৱেৰ সম্প্ৰসাৰণ

নোৱাপাৰাৰপৰা দক্ষিণেশ্বৰলৈ মেট্ৰ’ ৰেলৱেৰ সম্প্ৰসাৰণ আৰু এই সম্প্ৰসাৰণেদি প্ৰথম সেৱাৰ ফ্লেগ অফে পথৰ যানজঁট ৰোধ কৰিব আৰু নগৰীয়া চলা-ফুৰাৰ উন্নয়ন সাধন কৰিব। কেন্দ্ৰীয় চৰকাৰখনৰ সম্পূৰ্ণ পুঁজিৰে ৪৬৪ কোটি কোটি টকা ব্য়য় সাপেক্ষে এই ৪.১ কিঃমিঃ সম্প্ৰসাৰণ নিৰ্মাণ কৰি উলিওৱা হৈছে। এই সম্প্ৰসাৰণে লাখ-লাখ পৰ্যটক আৰু ভক্তৰ বাবে কালিঘাট আৰু দক্ষিণেশ্বৰস্থিত বিশ্বৰ দুই প্ৰসিদ্ধ কালী মন্দিৰলৈ যোৱাটো সহজ কৰি তুলিব। বাৰানগৰ আৰু দক্ষিণেশ্বৰ নামৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ষ্টেচন দুটাত যাত্ৰীৰ বাবে সকলোখিনি আধুনিক ব্যৱস্থা কৰা হৈছে আৰু তদুপৰি মুৰাল, ফটোগ্ৰাফ, ভাস্কৰ্য্য আৰু মূৰ্তিৰে নান্দনিকভাৱে ডিজাইন আৰু সজাই তোলা হৈছে।

|

ৰেলৱে লাইনসমূহৰ উদ্বোধনঃ

কালাইকুণ্ডা আৰু ঝাৰগ্ৰামৰ মাজত তৃতীয় লাইনটো হৈছে দক্ষিণ পূব ৰেলৱেৰ ১৩২ কিঃমিঃ দৈৰ্ঘ্যৰ খড়গপুৰ-আদিত্যপুৰ থাৰ্ড লাইন প্ৰকল্পৰ ৩০ কিঃমিঃ ৰৰোধিক সম্প্ৰসাৰণ। ১৩১২ কোটি টকা আনুমানিক ব্যয় সাপেক্ষে ইয়াত অনুমোদন জনোৱা হয়। কালাইকুণ্ডা আৰু ঝাৰগ্ৰামৰ মাজৰ চাৰিটা ষ্টেচন চাৰিটা নতুন ষ্টেচন ভৱন, ছখন নতুন ফুট অ’ভাৰ ব্ৰীজ আৰু এঘাৰ নতুন প্লেটফৰ্ম নিৰ্মাণৰদ্বাৰা পুনৰাই উন্নয়ন সাধন কৰা হয় তথা বৰ্তমানে থকা আন্তঃগাঁথনিৰ আধুনিকীকৰণ কৰা হয়। ই হাওৰা-মুম্বাই ট্ৰাংক পথত যাত্ৰী আৰু ফ্ৰেইট ৰেলৰ নিৰন্তৰ আহ-যাহৰ সুনিশ্চিতিত সহায় কৰিব।

আজি ৰাষ্ট্ৰলৈ সমৰ্পণ কৰা হাওৰা-বৰ্ধমান চৰ্ড লাইনৰ দানকুনি আৰু বাৰুইপাৰা (১১.২৮ কিঃমিঃ) ৰ মাজত চতুৰ্থটো লাইন তথা হাওৰা-বৰ্ধমান মেইন লাইনৰ ৰচুলপুৰ আৰু মাগ্ৰা (৪২.৪২ কিঃমিঃ) ৰ মাজত তৃতীয়টো লাইনে কলকাতাৰ প্ৰধান গেটৱে হিচাপে ভূমিকা পালন কৰিছে। ৰচুলপুৰ আৰু মাগ্ৰাৰ মাজত তৃতীয়টো লাইন ৭৫৯ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হৈছে। একেদৰে ১৯৫ কোটি টকা প্ৰকল্প ব্যয় সাপেক্ষে দানকুনি আৰু বাৰুইপাৰাৰ মাজত চতুৰ্থটো লাইন স্থাপন কৰা হৈছে।

আজিমগঞ্জ-খড়গ্ৰাঘাট পথৰ দ্বৈতকৰণ

আজিমগঞ্জৰপৰা খড়গ্ৰাঘাট পথ শাখালৈ দ্বৈতকৰণ হৈছে পূব ৰেলৱেৰ হাওৰা-বান্দেল-আজিমগঞ্জ শাখাৰ এটা অংশ। প্ৰায় ২৪০ কোটি টকা প্ৰকল্প ব্যয় সাপেক্ষে ইয়াৰ নিৰ্মাণ কৰা হৈছে।

এই প্ৰকল্পসমূহে উত্তম সঞ্চালন নিশ্চিত কৰাৰ সমান্তৰালভাৱে ভ্ৰমণ ব্যয় হ্ৰাস কৰিব আৰু ট্ৰেইন সঞ্চালনৰ সুৰক্ষা বৃদ্ধি কৰি তুলিব তথা একেদৰে অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশ সাধনত উদ্দীপনা যোগাব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Jitendra Kumar May 17, 2025

    🙏🇮🇳
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad July 10, 2022

    🚩🌴🇮🇳🌴🇮🇳
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad July 10, 2022

    🌴🇮🇳🙏🌻
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad July 10, 2022

    🙏🌻🙏🌻
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad July 10, 2022

    🌻🌴🌻🌴🇮🇳
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad July 10, 2022

    🌻🌴🌻🌴
  • Master Langpu Tallar March 28, 2022

    Bharat maata ki jai
  • शिवकुमार गुप्ता February 16, 2022

    जय माँ भारती
  • शिवकुमार गुप्ता February 16, 2022

    जय भारत
  • शिवकुमार गुप्ता February 16, 2022

    जय हिंद
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Manufacturing, Innovation And More: How The India Story Is 'No Longer Just About Costs'

Media Coverage

Manufacturing, Innovation And More: How The India Story Is 'No Longer Just About Costs'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 জুন 2025
June 05, 2025

Citizens Appreciate 11 years of PM Modi’s Effort for Sabka Saath Sabka Vikas Empowering the Poor

Appreciation by Citizens Towards PM Modi’s Effort in Building a Greener, Stronger India: Sustainability and Innovation Taking Center Stage