পশ্চিমবংগৰ ৰাজ্যপাল শ্রীযুক্ত জগদীপ ধনখড় জী, কেন্দ্রীয় মন্ত্রী পৰিষদৰ মোৰ সতীৰ্থ শ্রী পী্যুষ গোৱেল জী, শ্রী বাবুল সুপ্রীঅ’ জী, ইয়াত উপস্থিত বিশিষ্ট ব্যক্তিসকল, ভদ্র পুৰুষ-মহিলাসকল, পশ্চিমবংগৰ ৰে’ল আৰু মেট্ৰ’ প্রকল্পৰ সম্প্রসাৰণৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন! আজি যিসমূহ প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসর্গা কৰা হ’ল, তাৰ ফলত হুগলীকে ধৰি কেইবাখনো জিলাৰ লাখ লাখ লোকৰ সহজ জীৱনযাত্রাৰ বাবে আৰু অধিক সহায় কৰিব৷

বন্ধুসকল,

আমাৰ দেশত পৰিবহণ ব্যৱস্থা যিমান উন্নত হ’ব, আমাৰ আত্মনির্ভৰতা আৰু আত্মবিশ্বাসৰ সংকল্প সিমানেই শক্তিশালী হ’ব। মই অতি আনন্দিত যে কলকাতাৰ উপৰি হুগলী, হাওৰা আৰু উত্তৰ ২৪ পৰগণা জিলাৰ বন্ধুসকলে এতিয়াৰে পৰা মেট্ৰ’ সেৱাৰ সুবিধা পাব। আজি নাওপাৰাৰ পৰা দক্ষিণেশ্বৰলৈকে যি অংশৰ উদ্বোধন কৰা হ’ল, তাৰ ফলত ডেৰ ঘণ্টাৰ পথা মাত্র ২৫ৰ পৰা ৩৫ মিনিটতে গৈ পাব। দক্ষিণেশ্বৰৰ পৰা কলকাতাৰ “কবি সুভাষ” বা “নিউ গড়িয়া”লৈকে মেট্ৰ’ত এতিয়া মাত্র ১ ঘণ্টাতে পাবগৈ। যিটো পথযোগে আঢ়ৈ ঘণ্টা লাগে। ইয়াৰ ফলত স্কুল, কলেজলৈ যুৱ সম্প্রদায়ৰ, অফিচ–কাৰখানাত কাম কৰিবলৈ যোৱা কর্মচাৰীসকল আৰু শ্রমিকসকলৰ যথেষ্ট সুবিধা হ’ব। বিশেষকৈ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ বৰাহনগৰ কেম্পাছ, ৰবীন্দ্র ভাৰতী বিশ্ববিদ্যালয় আৰু কলকাতা বিশ্ববিদ্যালয়ৰ অর্থনীতি বিভাগলৈ যাবলৈ এতিয়া যথেষ্ট ভাল সুবিধা হ’ব। কেৱল ইমানেই নহয়, কালীঘাট আৰু দক্ষিণেশ্বৰৰ মা কালী মন্দিৰলৈ যাবলৈও ভক্তসকলৰ সুবিধা হ’ব।

বন্ধুসকল,

কলকাতা মেট্ৰ’, দশক দশক ধৰি চলিছে, দেশৰ প্রথম মেট্ৰ’ হিচাপে গৌৰৱো অর্জন কৰিছে। কিন্তু এই মেট্ৰ’ৰ আধুনিক সংস্কৰণ আৰু সম্প্ৰসাৰণ কিছু বছৰৰ পৰাহে আৰম্ভ হৈছে। মোৰ এই কথা জানি অতিশয় ভাল লাগিছে যে মেট্ৰ’ৱেই কওক বা ৰে’ল ব্যৱস্থা হওক আজি ভাৰতত যিবোৰ কিছু নির্মাণ চলিছে সেইবোৰ মেড ইন ইণ্ডিয়াৰ চাপ স্পষ্ট ৰূপত দেখা গৈছে। ৰে’ল লাইন স্থাপনৰ পৰা আদি কৰি ৰে’লৰ আধুনিক ইঞ্চিন তথা আধুনিক কামলৈকে উপাদান আৰু প্রযুক্তিৰ সকলো ভাৰতত নিৰ্মাণ হৈছে। ইয়াৰ ফলত আমাৰ কামত গতি আহিছে, গুণমান বৃদ্ধি পাইছে, ব্যয় হ্ৰাস পাইছে আৰু ৰে’লৰ গতিও বৃদ্ধি পাইছে।

বন্ধুসকল,

পশ্চিমবংগ দেশৰ আত্মনির্ভৰতাৰ এক গুৰুত্বপূর্ণ কেন্দ্রত পৰিণত হ’ব। আৰু ইয়াৰ পৰা উত্তৰ–পূর্বলৈকে আমাৰ প্রতিবেশী দেশসমূহৰ সৈতে ব্যৱসায়-বাণিজ্যৰ প্রচুৰ সম্ভাবনা আছে। এই কথা উপলদ্ধি কৰি বৰ্তমান ৰে’ল নেটৱর্কক আৰু অধিক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে। এতিয়া যেনে সেৱক–ৰংপো, নতুন লাইনৰ জৰিয়তে ছিকিম ৰাজ্যক ৰে’ল নেটৱর্কৰ সৈতে প্রথমবাৰ সংযুক্ত কৰা হৈছে। সেই লাইন পশ্চিমবংগৰ মাজেৰে যাব। কলকাতাৰ পৰা বাংলাদেশলৈকে গাড়ী চলিছে। সম্প্রতি হলদিবাৰাৰ পৰা ভাৰত–বাংলাদেশ সীমান্তলৈকে ৰে’ল লাইন আৰম্ভ হৈছে। বিগত ৬ বছৰত পশ্চিমবংগত বহুত উৰণীয়া সেতু আৰু পথৰ তলেৰে সেতু নিৰ্মাণৰ কাম আৰম্ভ হৈছে।

বন্ধুসকল,

আজি যি চাৰিটা প্রকল্প উদ্বোধন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উৎসর্গা কৰা হৈছে, ইয়াৰ ফলত ইয়াৰ ৰে’ল সেৱা আৰু অধিক শক্তিশালী হ’ল। খড়্গপুৰ–আদিত্যপুৰ অংশত তৃতীয় লাইন আৰম্ভ হোৱাৰ ফলত ৰে’ল চলাচলৰ বিশেষ সুবিধা হ’ব আৰু হাওৰা–মুম্বাই পথত ৰে’ল এতিয়াৰে পৰা পলম নোহোৱাকৈ চলিব। আজিমগঞ্জৰ পৰা খাগড়াঘাট ৰোডলৈকে দ্বিতীয় লাইনৰ সুবিধা পোৱাৰ ফলত মুর্শিদাবাদ জিলাৰ ব্যস্ত ৰে’ল নেটৱর্কৰ সুবিধা হ’ব। এই ৰুটেৰে কলকাতা–নিউ জলপাইগুৰি – গুৱাহাটীৰ বাবে বিকল্প পথৰ সুবিধা হ’ব। উত্তৰ–পূবলৈকে যোগাযোগ ব্যৱস্থাৰ উন্নতি হ’ব। ডানকুনি–বাৰুইপাড়াৰ মাজত চতুর্থ লাইন স্থাপনৰ প্রকল্পও অতি গুৰুত্বপূর্ণ। এই লাইন নিৰ্মাণৰ ফলত হুগলীত ব্যস্ত নেটৱর্কৰ ওপৰত চাপ কমিব। একেদৰে ৰছুলপুৰ আৰু মগৰা শাখাত, যাক কলকাতাৰ একপ্ৰকাৰৰ প্রৱেশপথ বুলি কোৱা হয়, অথচ এই লাইনত ৰে’ল পথত অধিক ভিৰ আছিল, নতুন লাইন আৰম্ভ হোৱাৰ ফলত এই সমস্যাৰ যথেষ্ট পৰিমাণ হ্ৰাস পাব।

বন্ধুসকল,

এই প্রকল্পসমূহে পশ্চিমবংগৰ সেই অঞ্চলসমূহৰ সৈতে জ়ড়িত, য’ত কয়লা উদ্যোগ আছে, তীখা উদ্যোগ আছে, য’ত সাৰ প্ৰস্তুত কৰা হয়, শাক-পাচলি উৎপাদন হয়। এই নতুন ৰে’ললাইনৰ ফলত অঞ্চলসমূহৰ জনসাধাৰণৰ জীৱনযাত্রা আৰু অধিক সহজ হৈ পৰিব। উদ্যোগৰ বাবে নতুন বিকল্প লাভ কৰিব৷ উন্নত আন্তঃগাঁথনি গঢ় লৈ উঠিব। এয়াই “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস”। এয়াই আত্মনির্ভৰ ভাৰতৰ চূড়ান্ত লক্ষ্য। এই লক্ষ্যৰেই আমি কাম কৰিছো। মই, পীয়ুষ জী, তেওঁৰ সমগ্ৰ টিমৰ প্রশংসা কৰিছো, অভিনন্দন জনাইছো আৰু পশ্চিমবংগৰ ৰে’ল সেৱাত, ৰে’ল আন্তঃগাঁথনিৰ ক্ষেত্রত বিগত বছৰসমূহত যি ঘাটি ৰৈছিল, সেয়া দূৰ কৰাৰ বাবে তেওঁলোকে যি প্ৰচেষ্টা হাতত লৈছে, সেইবোৰ আমি সকলোৱে মিলি বাস্তবায়িত কৰিম আৰু বংগৰ সপোন পূৰণ কৰিম৷

এই আশাৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ !

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Explains How India Overcame the West Asia Energy Crisis, Slams Opposition for Fear-Mongering

Media Coverage

PM Modi Explains How India Overcame the West Asia Energy Crisis, Slams Opposition for Fear-Mongering
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets President of the United States on the 250th anniversary of the United States' independence
July 04, 2026

The Prime Minister, Shri Narendra Modi, extended greetings to the President of the United States, Mr. Donald J. Trump, and the people of the United States on the historic occasion of the 250th anniversary of the country's independence. Shri Modi underscored the enduring strength of the India–United States partnership. He noted that the relationship between the two democracies extends beyond a strategic partnership and is anchored in shared values of democracy, the rule of law and faith in the limitless potential of their people.

The Prime Minister posted on X:

On behalf of 1.4 billion Indians, I extend my warmest congratulations to President Trump and the people of the United States on the historic 250th anniversary of your Independence.

India and the United States share more than a strategic partnership. Our shared belief in democracy, rule of law and the limitless potential of our people make our friendship a force for global good.

May the next 250 years bring even greater prosperity, peace and progress for America and take the India-US partnership to new heights.

@POTUS
@realDonaldTrump