Budget 2021 has boosted India's self confidence: PM Modi
This year's budget focuses on ease of living and it will spur growth: PM Modi
This year's budget is a proactive and not a reactive budget: PM Modi

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কৈছে, এই বছৰৰ বাজেট বাস্তৱতাৰ অনুভৱ, উন্নয়নৰ প্রতি আস্থা আৰু ভাৰতৰ আত্মবিশ্বাসৰ প্রতিফলন। ইয়াৰ মাধ্যমত বিশ্ব সঙ্কটৰ এই সময়ত নতুন আস্থা গঢ়ি উঠিব।

লোকসভাত আজি দাখিল হোৱা কেন্দ্রীয় বাজেট প্রসঙ্গত প্রধানমন্ত্রীয়ে কৈছে, এইবাৰৰ বাজেটে আত্মনির্ভৰতাৰ স্বপ্ন পূৰণ কৰিব। ইয়াৰ মাধ্যমত প্রতিজন নাগৰিক আৰু সমাজৰ সকলো শ্রেণী যুক্ত হ'ব। উন্নয়নৰ নতুন সুযোগ বৃদ্ধি; যুৱক-যুৱতীসকলৰ বাবে নতুন নতুন সুযোগ, মানবসম্পদৰ নতুন দিক নির্ণয়; পৰিকাঠামো উন্নয়ন আৰু নতুন নতুন ক্ষেত্রৰ উন্নয়নত সাহায্য কৰা এইবাৰৰ বাজেটৰ গুৰুত্বপূর্ণ দিশ।

প্রধানমন্ত্রীয়ে কৈছে, বিভিন্ন নিয়ম সৰলীকৰণৰ ফলত এই বাজেটে সাধাৰণ মানুহৰ সহজ জীৱনযাত্রাক সাহায্য কৰিব। ব্যক্তি-বিশেষ, বিনিয়োগকাৰী, শিল্প সংস্থা আৰু পৰিকাঠামো ক্ষেত্রত এই বাজেটে ইতিবাচক পৰিৱর্তন লৈ আহিব।

প্রধানমন্ত্রীয়ে কৈছে, বাজেট উপস্থাপনাৰ পিছতে বিভিন্ন মহলৰ পৰা ইতিবাচক সঁহাৰি পোৱা গৈছে। আর্থিক স্থিতিশীলতাৰ প্রতি গুৰুত্ব দি বাজেটৰ আকাৰ বৃদ্ধি কৰা হৈছে। বিশেষজ্ঞসকলে বাজেটত স্বচ্ছতাৰ বিষয়টো প্রশংসা কৰাত প্রধানমন্ত্রীয়ে সন্তোষ প্রকাশ কৰিছে।

প্রধানমন্ত্রীয়ে কৈছে, ক'ৰোণা মহামাৰী অথবা আত্মনির্ভৰ ভাৰত অভিযানৰ বাজেটত প্ৰতিক্রিয়াশীলতাৰ কোনো লক্ষণ নাই। “আমি সক্রিয়তাৰ ঊর্ধ্বলৈ উঠি এক অতিসক্রিয় বাজেট উপস্থাপিত কৰিছো”, প্ৰধানমন্ত্ৰীয়ে কয়।

বাজেটত সকলো ক্ষেত্রৰ প্রতি উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া কাৰ্যক প্রধানমন্ত্রীয়ে প্রশংসা কৰিছে। সম্পদ আৰু সুস্বাস্থ্য, অতিক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া শিল্পোদ্যোগ আৰু পৰিকাঠামো – প্রতিটো বিষয়তে গুৰুত্ব দিয়া হৈছে। এই বাজেটত স্বাস্থ্য ক্ষেত্রৰ ওপত অভূতপূর্ব গুৰুত্ব দিয়া হৈছে। দক্ষিণৰ ৰাজ্যসমূহ, উত্তৰ-পূর্ব ভাৰত আৰু লেহ্‌ তথা লাদাখৰ উন্নয়নৰ চাহিদাই এইবাৰৰ বাজেটত স্থান পোৱাত প্রধানমন্ত্রীয়ে সন্তোষ প্রকাশ কৰিছে। আমাৰ উপকূলবর্তী ৰাজ্য, যেনে – তামিলনাডু, কেৰালা আৰু পশ্চিমবঙ্গক বাণিজ্যিক চালিকাশক্তিত পৰিণত কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে। অসমসহ উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ ব্যৱহাৰ নোহোৱা সম্ভাবনাক কামত লগাবলৈ এইবাৰৰ বাজেট সহায়ক হ'ব।

বাজেটৰ প্রভাবৰ বিষয়ে উল্লেখ কৰি শ্রী মোদীয়ে কৈছে, গৱেষণা আৰু উদ্ভাবনৰ ওপৰত গুৰুত্ব দিয়াত যুৱসম্প্রদায়ৰ পক্ষত এইবাৰৰ বাজেট সহায়ক হ'ব। স্বাস্থ্য, স্বচ্ছতা, পুষ্টি, বিশুদ্ধ পানী আৰু সকলোৰে প্রতি সমান সুযোগৰ ব্যৱস্থা কৰাত সাধাৰণ মানুহ ইয়াৰ ফলত উপকৃত হ'ব। একেদৰে, পদ্ধতিগত সংস্কাৰ আৰু পৰিকাঠামোৰ ক্ষেত্রত ব্যয় বঢ়োৱাত কর্মসংস্থান সৃষ্টি আৰু উন্নয়নত সুবিধা হ'ব।

প্রধানমন্ত্রীয়ে কৈছে, কৃষি ক্ষেত্রৰ বাবে আৰু কৃষকসকলৰ আয় বৃদ্ধিত বাজেটত বিভিন্ন উদ্যোগ গ্ৰহণ কৰা হৈছে। কৃষকসকলে সহজে আৰু অধিক ঋণ পাব। কৃষি পণ্য ব্যৱস্থাপনা কমিটিসমূহৰ নিয়ন্ত্রণাধীন বজাৰ আৰু কৃষি পৰিকাঠামো তহবিলক শক্তিশালী কৰাৰ বাবে বাজেটত উল্লেখ কৰা হৈছে। “গাঁও আৰু আমাৰ কৃষকসকল যে এই বাজেটত সবাতোকৈ অধিক গুৰুত্ব পাইছে, ইয়াৰ মাধ্যমত সেই কথাই প্রতিফলিত”।

শ্রী মোদীয়ে কর্মসংস্থানৰ সুযোগ বৃদ্ধিৰ বাবে অতিক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া শিল্পোদ্যোগত দ্বিগুণ আৱণ্টনৰ কথা উল্লেখ কৰিছে। নতুন দশকৰ বাবে দৃঢ় ভিত্তি এইবাৰৰ বাজেটৰ মাধ্যমত নিশ্চিত কৰা হৈছে। আত্মনির্ভৰ ভাৰতৰ বাবে এই বাজেট সহায়ক হোৱাত প্রধানমন্ত্রীয়ে দেশবাসীক অভিনন্দন জনাইছে।    

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian seafarers' safety is of utmost importance to us: PM Modi to Trump

Media Coverage

Indian seafarers' safety is of utmost importance to us: PM Modi to Trump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi arrives in Paris
June 18, 2026

PM Modi arrived in Paris, France, to a warm welcome by the Indian diaspora.

During the visit, PM Modi will attend the VivaTech 2026 alongside President Macron. India will have the largest national pavilion at this edition, a fitting symbol of the enormous potential for partnership between Indian and European innovation ecosystems. The PM will also meet the members of the vibrant Indian community in Paris.