শ্ৰীমান হৰিবংশ জী দ্বিতীয় বাৰৰ বাবে এই সদনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে সমগ্ৰ সদন আৰু সকলো দেশবাসীৰ হৈ মই বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো৷

ৰাজহুৱা কাম–কাজ আৰু সাংবাদিকতাৰ জগতখনত হৰিবংশজীয়ে যিদৰে নিজৰ দায়ৱদ্ধতাৰ পৰিচয় দিলে, তাৰ বাবে মই তেওঁক সদায় সন্মান কৰো৷ মই অনুভৱ কৰো যে হৰিবংশ জীৰ বাবে যি সন্মান আৰু আত্মীয়তা মোৰ মনত আছে, তেওঁক কাষত পোৱা সকলোৰে মনত  সেই আত্মীয়তা আৰু সন্মান আজি প্ৰতিগৰাকী সদস্যৰ মনত আছে৷ এই ভাৱনা, এই আত্মীয়তা হৰিবংশজীয়ে স্ব–অৰ্জিত মুলধন৷ তেওঁৰ কাম কৰা ধৰণ, যিদৰে সদন পৰিচালনা কৰে, সেয়া দেখিলে তেনেই সাধাৰণ যেন লাগে৷ সদনত আপোনাৰ নিৰপেক্ষ ভূমিকাই গণতন্ত্ৰক শক্তিশালী কৰিব৷

সভাপতি মহোদয়, এইবাৰ এই সদন ইতিহাসৰ ভিতৰতে পৃথক আৰু এক ভীষণ পৰিস্থিতিৰ মাজত পৰিচালিত হৈছে৷ ক’ৰোনাৰ বাবে যি পৰিস্থিত সৃষ্টি হৈ আছে, সেই ক্ষেত্ৰত এই সদনে কাম কৰা, দেশৰ বাবে প্ৰয়োজনীয় দায়িত্ব পালন কৰাটো আমাৰ সকলোৰে কৰ্তব্য৷ মোৰ বিশ্বাস আমি সকলো সম্পূৰ্ণ সজাগ হৈ সকলো নিৰ্দেশনা পালন কৰি, নিজৰ কৰ্তব্য পালন কৰিম৷

ৰাজ্যসভাৰ সদস্যসকলে, সভাপতি, উপ-সভাপতি ডাঙৰীয়াক সদনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাত যিমানে সহযোগ কৰিব, সিমানে সময় সদ্ব্যৱহাৰ হ’ব আৰু সকলো সুৰক্ষিত হ’ব৷

সভাপতি মহোদয়, সংসদৰৰ উচ্চ সদনে যি দায়িত্বৰ বাবে হৰিবংশজীক আমি সকলো যি ভৰসা কৰিছো, তেওঁ সেই আশা সম্পূৰ্ণৰূপে পুৰণ কৰিব৷ মই পূৰ্বৰ ভাষণত কৈছিলো যে মোৰ ভৰসা আছে যে হৰি সকলোৰে, সেইদৰে সদনৰ হৰি সপক্ষ-বিপক্ষ সকলোৰে হ’ব৷ সদনৰ আমাৰ হৰি, হৰিবংশজী, ইপাৰ-সিপাৰ সকলোৰে সমান, কোনো ভেদভাৱ নাই, সপক্ষ-বিপক্ষ নাই৷

মই এইটোও কৈছিলো যে এই খেলপথাৰত খেলুৱৈতকৈ অধিক আম্পায়াৰ অধিক চিন্তিত হয়৷ নিয়মত খেলাৰ বাবে সাংসদসকলক বাধ্য কৰোৱাটো প্ৰত্যাহ্বানমূলক কাম৷ মোৰ বিশ্বাস যে তেওঁ ভাল আম্পায়াৰিং কৰিব, কিন্তু যিসকলে হৰিবংশজীক নাজানে, হৰিবংশ জীয়ে নিজৰ নিৰ্ণায়ক শক্তি, নিজৰ সিদ্ধান্তৰ জৰিয়তে সকলোৰে বিশ্বাসী হৈ পৰিব৷

সভাপতি মহোদয়, হৰিবংশ জীয়ে নিজৰ দায়িত্বৰ কিমান সফলতাৰে পুৰণ কৰিছে, যোৱা দুবছৰ ইয়াৰ সাক্ষী৷ সদনৰ যিমান গম্ভীৰতাৰে ডাঙৰ ডাঙৰ বিধেয়কৰ সন্দৰ্ভত চৰ্চা কৰালে, সিমান  ক্ষিপ্ৰতাৰে বিধেয়ক গৃহীত কৰোৱাৰ বাবে হৰিবংশ জীয়ে কেইবাঘণ্টা ধৰি একেৰাহে বৈঠকত বহিল, সুচাৰুৰূপে সদন পৰিচালনা কৰিলে৷

এই সময়ছোৱাত দেশৰ ভৱিষ্যতক, দেশৰ দিশ পৰিৱৰ্তন কৰাৰ বাবে কেইবাখনো ঐতিহাসিক বিধেয়ক এই সদনত গৃহীত হৈছে৷ যোৱা বছৰ এই সময়ছোৱাত দহ বছৰৰ ভিতৰত সৰ্বাধিক উৎপাদনশীলতা অভিলেখ ৰচনা হৈছে৷ সেয়া তেতিয়াই হৈছিল, যেতিয়া যোৱা বছৰ লোকসভাৰ নিৰ্বাচন আছিল৷

এয়া প্ৰতিগৰাকী সদস্যৰ বাবে গৌৰৱৰ কথা যে সদনত উৎপাদনশীলতাৰ লগতে ইতিবাচক দিশো বৃদ্ধি পাইছে৷ ইয়াত সকলোৱে মুক্তমনে নিজৰ বক্তব্য দাঙি ধৰিব পাৰে৷ ইয়াৰ জৰিয়তে সদনৰ গৰিমা বৃদ্ধি পায়৷ সংসদৰ উচ্চসদনৰ পৰা এই আশা সংবিধান প্ৰণেতাসকলেও কৰিছিল৷ গণতন্ত্ৰৰ ভূমি বিহাৰৰ পৰা জেপি আৰু কৰ্পূৰী ঠাৰৰ ভূমিৰ পৰা, বাপুৰ চম্পাৰণৰ ভূমিৰ পৰা যেতিয়া কোনো গণতন্ত্ৰৰ সাধক আগুৱাই আহি দায়িত্ব পালন কৰে, তেতিয়া এনেকুৱাই হয়, যিটো হৰিবংশজীয়ে কৰি দেখুৱাইছে৷

যেতিয়া আপুনি হৰিবংশজীৰ সৈতে কাষৰ পৰা চৰ্চা কৰে, তেতিয়া গম পোৱা যায়, তেও কিয় ইমান ভূমিৰ সৈতে জড়িত হৈ থাকে৷ তেওঁৰ গাঁৱত নীম গছৰ তলত পাঠদান হয়, য’ত তেওঁৰ শিক্ষা জীৱন আৰম্ভ হৈছিল৷ মাটিত বহি বুজি পোৱা, ভূমিৰ সৈতে জড়িত শিক্ষা তাত পাইছিল৷

আমি সকলোৱে ভালদৰে জানো যে হৰিবংশ জীয়ে জয়প্ৰকাশৰ জীৰ গাঁও ছিতাব দিয়াৰ পৰা আহিছে৷ সেই গাঁও জয়প্ৰকাশ জীৰ জন্মভূমিক৷ দুখন ৰাজ্য উত্তৰপ্ৰদেশ, বিহাৰৰ তিনিখন জিলা আৰা, বলিয়া আৰু ছাপ্ৰাৰ অঞ্চল, গংগা আৰু ঘাঘৰাৰ মাজত স্থাপিত দিয়া, টাপুৰ দৰে ঠাই প্ৰতিবছৰে বানে প্লাৱিত কৰিছিল৷ তেতিয়া যোগাযোগৰ বাবে কেৱল নাৱেৰেহে যাব পাৰিছিল৷

সন্তুষ্টিয়েই সুখা, এই ব্যৱহাৰিক জ্ঞান হৰিবহংশ জীয়ে নিজৰ গাঁৱৰ ঘৰৰ পৰিৱেশৰ পৰা পাইছিল৷ তেওঁ কি পৰিৱেশৰ পৰা আহিছিল, ইয়াৰ সৈতে জড়িত এক ঘটনা নোক কৈছিল৷ হাইস্কুললৈ অহাৰ পাছত হৰিবংশজীৰ প্ৰথমে জোতা বনোৱাৰ কথা কৈছিল৷ তেওঁৰ প্ৰথমে জোতা কিনাই নাছিল৷ গাঁৱতে এজন লোকে জোতা প্ৰস্তুত কৰে, তেওঁকে জোতা বনোৱাৰ বাবে কৈছিল৷ হৰিবংশজীয়ে প্ৰায়ে সেই জোতা কিমান বনালে, সেয়া চাবলৈ যায়৷ যেনেকৈ ডাঙৰ চহকী লোকে নিজৰ ঘৰ কিমান বনাইছে চাবলৈ যায়৷ জোতা প্ৰস্তুত কাৰ লোকজনক সদায় শোধে কেতিয়া প্ৰস্তুতৰ কাম শেষ হ’ব৷ আপোনালোকে কল্পনা কৰক তেওঁ মাটিৰ সৈতে কিমান সম্পৰ্কীত আছিল৷

জয়প্ৰকাশ জী প্ৰভাৱ তেওঁৰ ওপৰত বাৰুকৈয়ে পৰিছিল৷ সেই সময়ত তেওঁৰ কিতাপৰ ভাৰো বৃদ্ধি পাইছিল৷ তাৰ সৈতে জড়িত এক ঘটনাও মই গম পাইছিলো৷ হৰিবংশ জীয়ে যেতিয়া প্ৰথমে চৰকাৰী বৃত্তি পাইছিল, তেতিয়া ঘৰৰ লোকসকলৰ সম্পূৰ্ণ বিশ্বাস আছিল যে ল’ৰাই বৃত্তিৰ সকলো ধন লৈ আহিব৷ কিন্তু হৰিবংশ জীয়ে বৃত্তিৰ ধন ঘৰলৈ নিয়াৰ পৰিৱৰ্তে কিতাপ কিনিছিল৷ বহু সংক্ষিপ্ত জীৱনী, সাহিত্য ঘৰলৈ আনিছিল৷ হৰিবংশ দীৰ জীৱনত সেই সময়ত যিদৰে গ্ৰন্থৰ প্ৰৱেশ হৈছিল, এতিয়াও সেই ধাৰা ব্ৰতী আছে৷

সভাপতি মহোদয়, প্ৰায় চাৰি দশক সাংবাদিক হিচাপে কাম কৰাৰ পাছত হৰিবংশ জীয়ে ২০১৪চনত সংসদীয় জীৱনত প্ৰৱেশ কৰে৷ সদনৰ উপ-সভাপতি হিচাপে হৰিবংশ জীয়ে যিদৰে মৰ্যাদাৰ প্ৰতি ধ্যান দিয়ে, সংসদৰ সদস্য হিচাপেও তেওঁৰ কাৰ্যকাল সমানে গৰিমাপূৰ্ণ৷ সদস্য হিচাপে সকলো বিষয়, সেয়া আৰ্থিকেই হওক বা সামাজিক সুৰক্ষাৰ সৈতে জড়িত বিষয়েই হওক, হৰিবংশজীয়ে নিজৰ মন্তব্য সুন্দৰভাৱে দাঙি ধৰিছিল৷

আমাৰ সকলোৱে জানো যে শালীনতা আৰু সাৰমৰ্মতাৰে কথা কোৱাটো তেওঁৰ পৰিচয়৷ সদনৰ সদস্য হিচাপে তেওঁ নিজৰ জ্ঞান, নিজৰ অভিজ্ঞতাৰ জৰিয়তে দেশৰ সেৱা কৰিবলৈ সম্পূৰ্ণ প্ৰয়াস কৰিছে৷ হৰিবংশ জীয়ে সকলো আন্তঃৰাষ্ট্ৰীয় মেজত ভাৰতৰ গৰিমা, ভাৰতৰ মান বৃদ্ধিৰ কাম কৰিছে৷ সেয়া লাগিলে আন্তঃসংসদীয় সংঘৰ সকলো বৈঠকেই হওক বা আন দেশত ভাৰতীয় সংস্কৃতি প্ৰতিনিধি মণ্ডলৰ সদস্য হিচাপে ভূমিকা পালন কৰাই হওক৷ হৰিবংশজীয়ে এনেকৈ সকলো স্থানতে ভাৰত আৰু ভাৰতৰ সংসদৰ মান বৃদ্ধি কৰিছে৷

সভাপতি মহোদয়, সদনৰ উপ-সভাপতিৰ উপৰি হৰিবংশ জী ৰাজ্যসভাৰ কেইবাখনো সমিতিৰ অধ্যক্ষ আছিল৷ এনে বহু সমিতিৰ অধ্যক্ষ হিচাপে হৰিবংশজীয়ে সমিতিসমূহৰ কাম-কাজ সুন্দৰভাৱে সম্পন্ন কৰিছিল৷

মই যোৱা বাৰো কৈছিলো যে হৰিবংশজী কেতিয়াবা সাংবাদিক হিচাপে আমাৰ সাংসদসকল কেনে হ’ব লাগে, সেই অভিযান হাতত লৈছে৷ সাংসদ হোৱাৰ পাছত তেওঁ এই দিশত পাৰ্যমানে যত্ন লৈ যে সকলো সাংসদে সৎ আচাৰ-ব্যৱহাৰ আৰু কৰ্তব্যপৰায়ণ হওক৷

সভাপতি মহোদয়, হৰিবংশজীয়ে সংসদীয় কাম আৰু দায়িত্বৰ মাজতো এগৰাকী বুদ্ধিজীৱি আৰু বিচাৰক হিচাপেও সক্ৰিয় আছিল৷ আপুনি এতিয়াও সমগ্ৰ দেশলৈ যায়৷ ভাৰতৰ আৰ্থিক, সামাজিক, সামৰিক আৰু ৰাজনৈতিক প্ৰত্যাহ্বানৰ বিষয়ে জনমানসক সজাগ কৰে৷ ইয়াৰ মাজতে সাংবাদিক, লেখক চৰিত্ৰ প্ৰকাশ পায়৷ এওঁৰ গ্ৰন্থত আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমান চন্দ্ৰশেখৰ জীৰ জীৱনক দাঙি ধৰাৰ লগতে তেওঁ লিখন শৈলী পৰিস্ফুট হৈছে৷ মোৰ লগতে সদনৰ সকলো সদস্যৰ সৌভাগ্য এই যে উপ-সভাপতি হিচাপে হৰিবংশজীৰ মাৰ্গদৰ্শন আগলৈও পাই থাকিব৷

মাননীয় সভাপতি মহোদয়, সংসদৰ এই উচ্চ সদন ২৫০সংখ্যক অধিৱেশনতকৈও অধিক হৈছে৷ এই যাত্ৰা গণনন্ত্ৰ হিচাপে আমাৰ পৰিপক্কতাৰ প্ৰমাণ৷ পুনৰবাৰ হৰিবংশজীক এই গুৰুত্বপূৰ্ণ দায়িত্বৰ বাবে বহুত শুভকামনা জনাইছো৷ আপুনি সুস্থ থাকক আৰু সদনতো সুস্থ পৰিৱেশ বৰ্তাই ৰাখি সদনত আশা-আকাংক্ষাক পুৰণ কৰক৷ হৰিবংশজীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা মনোজ ঝাকো মই শুভকামনা জনাইছো৷ গণতন্ত্ৰৰ গৰিমাৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াৰ গুৰুত্ব অধিক৷ আমাৰ বিহাৰ ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ভূমি৷ বৈশালীৰ সেই পৰম্পৰা, বিহাৰৰ সেই গৌৰৱ, সেই আদৰ্শক হৰিবংশ জীয়ে এই সদনৰ জৰিয়তে পৰিস্কৃত কৰিব বুলি মোৰ বিশ্বাস৷

মই সদনৰ সকলো সন্মানীয় সদস্যবৃন্দক এই নিৰ্বাচনী প্ৰক্ৰিয়াত ভাগ লোৱাৰ বাবে ধন্যবাদ জনাইছো৷ পুনৰবাৰ হৰিবংশ জীৰ লগতে সকলো সদস্যক আন্তৰিক শুভেচ্ছা জনাইছো৷

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends birthday greetings to Vice President Thiru CP Radhakrishnan Ji
May 04, 2026

Prime Minister Shri Narendra Modi today extended warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji.

The Prime Minister noted that the Vice President is making numerous efforts to strengthen the collective dream of building a Viksit Bharat. Shri Modi highlighted that his consistent efforts to enhance the productivity and effectiveness of Parliamentary proceedings reflect his deep commitment to democratic values.

The Prime Minister further stated that the Vice President's unwavering passion for all-round development, with a concern for the poor and marginalised, is equally inspiring. Emphasising that his public life continues to be guided by dedication, discipline, and a clear sense of purpose, Shri Modi prayed for his good health, happiness, and a long life in the service of the nation.

The Prime Minister posted on X:

"Warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji. He is making numerous efforts to strengthen our collective dream of building a Viksit Bharat. His consistent efforts to enhance the productivity and effectiveness of our Parliamentary proceedings reflect his deep commitment to democratic values. Equally inspiring is his unwavering passion for all-round development, with a concern for the poor and marginalised. His public life continues to be guided by dedication, discipline and a clear sense of purpose. I pray for his good health, happiness and a long life in the service of the nation."