মহামান্য, প্ৰধানমন্ত্ৰী লাপিদ,

মহামহিম, শ্বেখ মহম্মদ বিন জায়েদ অল নহ্যান,

মহামান্য, ৰাষ্ট্ৰপতি বাইডেন,

সৰ্ব প্ৰথমে প্ৰধানমন্ত্ৰী লাপিদক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণৰ বাবে বহু বহুত অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছো।

আজিৰ শীৰ্ষ সন্মিলনৰ আয়োজন কৰাৰ বাবেও মই তেওঁক আন্তৰিকতাৰে ধন্যবাদ জনাইছো।

প্ৰকৃতাৰ্থতেই এইখন হৈছে ৰণকৌশলগত সভা।

আমি সকলোৱেই ভাল মিত্ৰতো হওঁৱেই; আমাৰ সকলোৰে দৃষ্টিকোণ, আমাৰ স্বাৰ্থসমূহৰো সমানতা আছে।

মহামান্যসকল, মহামহিম,

আজিৰ এই প্ৰথমখন শীৰ্ষ সন্মিলনৰ পৰাই ‘আই২ইউ২’-য়ে এক ইতিবাচক কাৰ্যক্ৰম যুগুতাই লৈছে।

আমি বহুকেইটা ক্ষেত্ৰত যৌথ প্ৰকল্প চিনাক্ত কৰিছো; সেইসমূহক আগুৱাই নিয়াৰ বাবে পথ-পৰিকল্পনাও তৈয়াৰ কৰি লৈছো।

‘আই২ইউ২ ফ্ৰেমৱৰ্ক’ৰ আধাৰত আমি জল, শক্তি, পৰিবহণ, মহাকাশ, স্বাস্থ্য আৰু খাদ্য সুৰক্ষাকে ধৰি ছটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত যৌথ বিনিয়োগ বঢ়োৱাৰ বাবে সহমত প্ৰকাশ কৰিছো।

এটা কথা স্পষ্ট যে ‘আই২ইউ২’-য়ে গ্ৰহণ কৰা দৃষ্টিভংগী আৰু কাৰ্যক্ৰম উভয়েই প্ৰগতিশীল আৰু ব্যৱহাৰিক।

আমাৰ দেশসমূহৰ পাৰস্পৰিক সামৰ্থ্য-মূলধন, দক্ষতা আৰু বজাৰসমূহ সঞ্চালিত কৰি আমাৰ কাৰ্যক্ৰমক গতি প্ৰদান কৰিব পাৰিম আৰু গোলকীয় অৰ্থব্যৱস্থাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰিম।

পৃথিৱী জুৰি বৃদ্ধি পোৱা অনিশ্চয়তাৰ মাজত আমাৰ সহযোগিতামূলক পৰিকাঠামো ব্যৱহাৰিক সহযোগিতাৰ এক কুশলী আৰ্হিও হয়।

মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে ‘আই২ইউ২’ৰ জৰিয়তে আমি গোলকীয় পৰ্যায়ত শক্তি-সুৰক্ষা, খাদ্য-সুৰক্ষা আৰু অৰ্থনৈতিক-সংবৰ্দ্ধনৰ বাবে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰিম।

ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026