প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে জি-৭ সন্মিলনৰ প্রথম আউটৰীচ্চ অধিৱেশনত আজি অংশগ্রহণ কৰে৷ “স্বাস্থ্য সেৱা-আৰু অধিক শক্তিশালী ৰূপত গঢ়ি তোলা” শীর্ষক অধিৱেশনত ক’ৰোনা ভাইৰাছ মহামাৰীৰ পৰা সমগ্ৰ বিশ্বক ৰোগমুক্ত আৰু ভৱিষ্যতে যিকোনো মহামাৰীৰ বিৰুদ্ধে যুঁজক শক্তিশালী কৰাৰ বিষয়টোক লৈ আলোচনা হয়৷

অধিৱেশনত প্রধানমন্ত্রীয়ে ভাৰতত বৰ্তমান ক’ভিড সংক্রমণৰ যি লহৰ চলি আছে, তাৰ প্রতিৰোধত জি-৭ আৰু অন্যান্য অতিথি ৰাষ্ট্রই আগবঢ়োৱা সহযোগিতাৰ প্রশংসা কৰে৷ তেওঁ ভাৰতত এই মহামাৰীৰ বিৰুদ্ধে যুঁজত সমগ্র সমাজৰ ঐক্যবদ্ধ হোৱাৰ উদ্যোগৰ সন্দৰ্ভত উল্লেখ কৰে৷ চৰকাৰ, উদ্যোগ সংস্থা আৰু সভ্য সমাজক সকলো স্তৰত ঐক্যবদ্ধ হৈ এই যুঁজ দি আহিছে। সংক্রমিত লোকসকলৰ সংস্পর্শলৈ অহা লোকসকলক চিহ্নিত কৰা আৰু টিকাকৰণৰ ব্যৱস্থাপনাৰ বাবে ডিজিটেল প্রক্রিয়াক ভাৰতে সফলভাৱে ব্যৱহাৰ কৰিছে বুলি সদৰি কৰে প্ৰধানমন্ত্ৰীয়ে৷ অন্যান্য উন্নয়নশীল ৰাষ্ট্রসমূহৰ সৈতে ভাৰতে এই অভিজ্ঞতা আৰু দক্ষতা ভাগ কৰাৰ প্ৰতি উৎসাহী। প্রধানমন্ত্রীয়ে বিশ্বজুৰি স্বাস্থ্য সেৱাৰ উন্নয়নত সামহিক প্ৰচেষ্টাৰে ভাৰতৰ সমর্থনৰ কথা উল্লেখ কৰে৷ ক’ভিড প্রতিৰোধত প্রয়োজনীয় প্রযুক্তিৰ ক্ষেত্রত ট্রিপছ সংক্রান্তীয় বিষয়ত ৰেহাই পোৱাৰ বাবে বিশ্ব বাণিজ্য সংস্থাত ভাৰত আৰু দক্ষিণ আফ্রিকাই যি প্রস্তাৱ আনিছে, তাত তেওঁ জি-৭ গোষ্ঠীভুক্ত দেশসমূহৰ সমর্থন বিচাৰে৷

এই বৈঠকৰ জৰিয়তে সমগ্ৰ বিশ্বৰ বাবে “এক বিশ্ব, এক স্বাস্থ্য ব্যৱস্থা” বার্তা প্ৰচাৰ কৰা উচিত বুলি তেওঁ মন্তব্য কৰে৷ ভৱিষ্যতে যি কোনো মহামাৰীৰ বিৰুদ্ধে যুঁজত আন্তর্জাতিক স্তৰত ঐক্য, নেতৃত্ব আৰু সহমর্মিতাৰ আহ্বান জনাই এই বিষয়ত গণতান্ত্রিক আৰু স্বচ্ছ সমাজ ব্যৱস্থাৰ বিশেষ দায়িত্বৰ ওপৰ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে৷ প্রধানমন্ত্রীয়ে জি-৭ সন্মিলনৰ অন্তিম দিনা অৰ্থাৎ কাইলৈ দুখন অধিৱেশনত অংশগ্রহণ কৰিব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From Health Access to Health Security: Ayushman Bharat is reshaping Indian public healthcare

Media Coverage

From Health Access to Health Security: Ayushman Bharat is reshaping Indian public healthcare
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the divine and benevolent grace of Goddess Brahmacharini
March 20, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit subhashitam today, highlighting the divine and benevolent grace of Goddess Brahmacharini.

The Prime Minister wrote on X:

"मां ब्रह्मचारिणी के चरणों में कोटि-कोटि नमन! देवी मां सभी भक्तों पर अपनी कृपा बनाए रखें।

दधाना करपद्माभ्यामक्षमालाकमण्डलू।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा॥"

The Goddess who holds a rosary and a water pot in her lotus-like hands—may that supremely exalted Goddess Brahmacharini be gracious to me.