A temporary setback doesn’t mean success is not waiting. In fact, a setback may mean the best is yet to come: PM Modi
Can we mark a space where no technology is permitted? This way, we won’t get distracted by technology: PM Modi
Be confident about your preparation. Do not enter the exam hall with any sort of pressure: PM Modi to students

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ‘‘পৰীক্ষা পে চৰ্চা ৩.০’’ শীৰ্ষক এক কাৰ্যসূচীত শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ এই বাৰ্তালাপ কাৰ্যসূচীত ৫০ গৰাকী দিব্যাংগ শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে৷ ৯০ মিনিটজোৰা চলা এই বাৰ্তালাপত শিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰীৰ পৰা বিভিন্ন বিষয়ত উপদেশ বিচৰাটো পৰিলক্ষিত হয়৷ এইবাৰৰ কাৰ্যসূচীত দেশৰ শিক্ষাৰ্থীসকলৰ উপৰিও ভাৰতৰ বাহিৰৰ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে৷

অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে সকলো শিক্ষাৰ্থীকে নতুন বছৰ তথা নতুন দশকৰ শুভেচ্ছা জ্ঞাপন কৰে৷ নতুন দশকটোৰ গুৰুত্ব শিক্ষাৰ্থীসকলৰ মাজত আলোকপাত কৰি তেওঁ দশকটোৰ আশা আৰু প্ৰত্যাশা এই বছৰৰ চুড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ ওপৰত নিৰ্ভৰ কৰিছে বুলি মন্তব্য কৰে৷

তেওঁ কয়, ‘‘দশকটোত দেশৰ বিভিন্ন কাৰ্যসূচীত দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বৃহৎ ভূমিকা পালন কৰিব লাগিব৷ দেশক নতুন উচ্চতাত অৱৰোহণ কৰাবলৈ সকলোৱে এই নতুন প্ৰজন্মলৈ আশাৰে বাট চাই আছে৷’’

বাৰ্তালাপ আৰম্ভ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ এই পৰ্যন্ত যিমানবোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, সেই সকলোবোৰৰ ভিতৰত এই কাৰ্যসূচীটোৱেই তেওঁৰ হৃদয়ৰ নিকটৱৰ্তী৷

‘‘প্ৰধানমন্ত্ৰী হিচাপে মই বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া হয়৷ আপোনালোকে সেই অনুষ্ঠানসমূহৰ পৰা বিভিন্ন কথা শিকিব পাৰে৷ প্ৰতিটো অনুষ্ঠানেই অভিজ্ঞতাৰ একোটা পাহাৰ৷ কিন্তু কোনোবাই যদি সোধে যে কোনটো কাৰ্যসূচী মোৰ সবাতোকৈ আপোন, তেনেহ’লে তাৰ উত্তৰত মই ক’ম যে এই ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানটো৷ মই হেকাথনতো অংশগ্ৰহণ কৰিবলৈ ভাল পাও৷ তাত ভাৰতৰ যুৱচামৰ শক্তি আৰু প্ৰতিভা প্ৰদৰ্শিত হয়’’, তেওঁ এইদৰে কয়৷

নিৰুৎসাহ আৰু মুড পৰিৱৰ্তনৰ সৈতে মোকাবিলাঃ

অধ্যয়নৰ সময়ত আগ্ৰহ হেৰুৱাই পেলোৱা সন্দৰ্ভত এগৰাকী শিক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে শিক্ষাৰ্থীসকলে প্ৰায়েই বিভিন্ন কাৰণত নিৰুৎসাহিত হয় কিয়নো তেওঁলোকে নিজৰ প্ৰত্যাশাক প্ৰয়োজনতকৈ অধিক গুৰুত্ব প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক নিৰুৎসাহ হোৱাৰ কাৰণ সন্ধান কৰিবলৈ দি তাৰ সৈতে কিদৰে মোকবিলা কৰিব পাৰি সেই সন্দৰ্ভত চিন্তা কৰিবলৈ কয়৷ এই সন্দৰ্ভত তেওঁ চন্দ্ৰযান আৰু ইছৰ’ ভ্ৰমণৰ উদাহৰণ দাঙি ধৰে৷

‘‘উৎসাহ আৰু নিৰুৎসাহ অতিশয় সাধাৰণ কথা৷ প্ৰত্যেকেই এই অনুভৱৰ মাজেৰে অতিক্ৰম কৰিবলগীয়া হয়৷ এই সন্দৰ্ভত মই চন্দ্ৰযানৰ সময়ত ইছৰ’ ভ্ৰমণ আৰু আমাৰ পৰিশ্ৰমী বিজ্ঞানীসকলৰ সৈতে কটোৱা সময়ৰ কথা কেতিয়াও পাহৰিব নোৱাৰো৷ আমি আমাৰ ব্যৰ্থতাক বাধা হিচাপে গণ্য কৰিব নালাগে৷ আমি জীৱনৰ প্ৰত্যেকটো প্ৰত্যাশাত উদ্দীপনা সংযুক্ত কৰিব পাৰো৷ এক সাময়িক বাধাই আমাক জীৱনত সফল হোৱাত প্ৰতিৰোধ কৰিব নোৱাৰে৷ প্ৰকৃততে বাধাৰ অৰ্থ হ’ল আমালৈ শ্ৰেষ্ঠতম সময়ে বাট চাই আছে৷ আমি আমাৰ উদ্বেগজনিত পৰিস্থিতিসমূহক উজ্বল ভৱিষ্যতৰ ভেঁটি হিচাপে গঢ়ি তুলিব লাগে৷’’

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ক্ৰিকেটাৰ ৰাহুল দ্ৰাৱিড় আৰু ভি ভি এছ লক্ষ্ণণে ২০০১ চনৰ ভাৰত–অষ্ট্ৰেলিয়া মেচত কিদৰে কঠিন সময়ৰ প্ৰত্যাহ্বান নেওচিও ভাৰতলৈ জয় কঢ়িয়াই আনিছিল সেই সম্পৰ্কে উল্লেখ কৰে৷ তেওঁ ভাৰতীয় বলাৰ অনিল কুম্বলে আঘাত জৰ্জৰিত হৈও কিদৰে ভাৰতৰ নাম উজ্বলাবলৈ সক্ষম হৈছিল সেই বিষয়েও উল্লেখ কৰে৷

‘‘এয়াই হ’ল ধনাত্মক উৎসাহৰ উদাহৰণ’’, তেওঁ এইদৰে কয়৷

অন্যান্য সৃজনীমূলক প্ৰতিভা আৰু অধ্যয়নৰ মাজৰ ভাৰসাম্য স্থাপনঃ

অধ্যয়নৰ সৈতে অন্যান্য সৃজনীমূলক প্ৰতিভাৰ ভাৰসাম্য কিদৰে স্থাপন কৰিব পাৰি, এই সন্দৰ্ভত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে শিক্ষাৰ্থীসকলৰ জীৱনত অন্যান্য সৃজনীমূলক প্ৰতিভাৰ গুৰুত্ব নুই কৰিব নোৱাৰি৷

তেওঁ কয়, ‘‘সৃজনীমূলক প্ৰতিভা অবিহনে শিক্ষাৰ্থী এজনৰ জীৱন ৰবটসদৃশ হৈ পৰে৷’’

তেওঁ কয় যে সৃজনীমূলক প্ৰতিভা আৰু অধ্যয়নৰ মাজত ভাৰসাম্য স্থাপন কৰিবলৈ শিক্ষাৰ্থীয়ে সময় ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব৷

‘‘আজিকালি বিভিন্ন সুবিধা উপলব্ধ আৰু তৰুণ প্ৰজন্মই ইয়াক হবি হিচাপে অথবা তেওঁলোকৰ সৃজনীমূলক প্ৰতিভা হিচাপে গ্ৰহণ কৰিব পাৰে’’, তেওঁ এইদৰে কয়৷ কিন্তু তেওঁ এই সন্দৰ্ভত অভিভাৱকসকলক তেওঁলোকৰ সন্তানৰ সৃজনীমূলক প্ৰতিভাক এক ফেশ্বন হিচাপে নল’বলৈ সকীয়াই দিয়ে৷

‘‘অভিভাৱকৰ বাবে যেতিয়া সন্তানৰ উৎসাহ ফেশ্বনলৈ পৰিৱৰ্তিত হয়, তেতিয়াহে সেইটো বেয়া কথা৷ সৃজনীমূলক প্ৰতিভা গ্লেমাৰৰ দ্বাৰা পৰিচালিত হ’ব নালাগে৷ সন্তানসকলে যি কৰিবলৈ ভাল পায় তাকেই কৰিবলৈ দিব লাগে’’, তেওঁ এইদৰে কয়৷

যেতিয়া পৰীক্ষাৰ নম্বৰেই সৰ্বস্ব হৈ পৰে

পৰীক্ষাত কিদৰে ভাল নম্বৰ লাভ কৰিব পাৰি আৰু ই কিদৰে নিৰ্ণায়ক কাৰক হৈ পৰে, এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়, ‘‘আমাৰ শিক্ষা ব্যৱস্থাই পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত সফলতা নিৰ্ণয় কৰে৷ আমি পৰীক্ষাত ভাল নম্বৰ লাভ কৰিবলৈ মনোযোগ দিয়াৰ লগে লগে আমাৰ অভিভাৱকেও আমাক সেই দিশলৈ প্ৰেৰিত কৰে৷’’

বৰ্তমান সময়ত উপলব্ধ বিভিন্ন সুযোগৰ কথা উল্লেখ কৰি তেওঁ শিক্ষাৰ্থীসকলে সফলতা অথবা বিফলতাৰ ভয়ৰ পৰা মুক্ত হ’বলৈ আহ্বান জনায়৷

‘‘পৰীক্ষাৰ নম্বৰেই জীৱন নহয়৷ ঠিক সেইদৰে পৰীক্ষা আমাৰ জীৱনৰ নিৰ্ণায়ক হ’ব নোৱাৰে৷ ই কেৱল এডাল জখলাহে, জীৱনৰ এক গুৰুত্বপূৰ্ণ জখলাহে৷ মই অভিভাৱকসকলক সন্তানসকলক চাপ প্ৰদান নকৰিবলৈ আহ্বান জনাইছো৷ যদি ফলাফল আপোনালোকৰ প্ৰত্যাশা অনুসৰি নহয় তেন্তে ইয়াতেই সমগ্ৰ জীৱন শেষ বুলি গণ্য নকৰিব৷ আপুনি যি কোনো ক্ষেত্ৰলৈ যাব পাৰে৷ জীৱনত অনেক সুযোগ পোৱা যাব’’, তেওঁ এইদৰে কয়৷

শিক্ষাত প্ৰযুক্তিৰ মহত্ব

শিক্ষাত প্ৰযুক্তিৰ মহত্ব কেনেধৰণৰ আৰু ইয়াক কিদৰে ব্যৱহাৰ কৰিব পাৰি, এই সন্দৰ্ভত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘প্ৰযুক্তিক ভয় কৰাটো ঠিক নহয়৷ প্ৰযুক্তি আমাৰ বন্ধুৰ দৰে৷ প্ৰযুক্তিৰ বিষয়ে সামান্যতম জ্ঞান পৰ্যাপ্ত নহয়৷ ই অতিশয় গুৰুত্বপূৰ্ণ৷ প্ৰযুক্তি আমাৰ জীৱনৰ অংশ কিন্তু ইয়াৰ অপৱ্যহাৰে আমাৰ জীৱনৰ মূল্যৱান সময় আৰু সম্পদ ধ্বংস কৰিব পাৰে৷’’

অধিকাৰ বনাম কৰ্তব্যঃ

শিক্ষাৰ্থীসকলৰ অধিকাৰ কি আৰু নাগৰিকসকলক তেওঁলোকৰ কৰ্তব্য সম্পৰ্কে কিদৰে সজাগ কৰিব পাৰি, এই সন্দৰ্ভত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে ব্যক্তিবিশেষে তেওঁলোকৰ কৰ্তব্যৰ সৈতে অধিকাৰ অনুবিদ্ধ কৰিব লাগে বুলি মন্তব্য কৰে৷ শিক্ষক এগৰাকীৰ উদাহৰণ দি তেওঁ কয় যে যদি এজন শিক্ষকে নিজৰ কৰ্তব্য পালন কৰে তেন্তে তেওঁ তাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ অধিকাৰ পূৰণ কৰিব পাৰে৷ এই সন্দৰ্ভত মহাত্মা গান্ধীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘মহাত্মা গান্ধীয়ে কৈছিল যে মৌলিক অধিকাৰ বুলি কোনো কথা নাই, কিন্তু মৌলিক কৰ্তব্য অতিশয় গুৰুত্বপূৰ্ণ৷’’

‘‘আজি মই সেইসকল শিক্ষাৰ্থীৰ সন্মুখত ভাষণ প্ৰদান কৰি আছো যিসকলে ২০৪৭ চনত ভাৰতৰ স্বাধীনতাৰ এশ বছৰ সমাপন হোৱাৰ সময়ত ভাৰতৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ মই আশা কৰিছো যে এই প্ৰজন্মই নিজকে আমাৰ সংবিধানত উল্লিখিত মৌলিক কৰ্তব্য সম্পৰ্কে উন্নীত কৰিবলৈ সক্ষম হ’ব’’, তেওঁ এইদৰে কয়৷

অভিভাৱক আৰু শিক্ষকৰ প্ৰত্যাশাৰ চাপৰ সৈতে কিদৰে মোকাবিলা কৰিব লাগে?

অভিভাৱক আৰু শিক্ষকৰ প্ৰত্যাশাৰ চাপৰ সৈতে কিদৰে মোকাবিলা কৰিব লাগে, এই সন্দৰ্ভত উত্থাপিত এক প্ৰশ্নৰ উত্তৰণ প্ৰধানমন্ত্ৰীয়ে অভিভাৱকসকলক সন্তানক চাপ প্ৰদান নকৰিবলৈ আহ্বান জনায়৷

‘‘যিদৰে তেওঁলোকে আগবাঢ়িব বিচাৰে সেইদৰে আগবাঢ়িবলৈ দিয়ক৷ তেওঁলোকক চাপ প্ৰদান নকৰিব৷ তেওঁলোকক উৎসাহিত কৰক’’, এইদৰে তেওঁ কয়৷

অধ্যয়নৰ উপযুক্ত সময় আৰু বৰ্ডৰ পৰীক্ষাৰ ভয়

অধ্যয়নৰ উপযুক্ত সময় কি, এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে মন্তব্য প্ৰদান কৰি কয় যে অধ্যয়নৰ সমানে বিশ্ৰামো অতিশয় আৱশ্যক৷ তেওঁ কয়, ‘‘বৰষুণ দিয়াৰ পিছত আকাশ ফৰকাল হোৱাৰ দৰে আমাৰ মনো পুৱাৰ সময়ত সতেজ হৈ থাকে৷ ব্যক্তিবিশেষে তেওঁৰ স্বাচ্ছন্দ্য অনুসৰি ৰুটিন অনুসৰণ কৰিব লাগে৷’’

পৰীক্ষাৰ সময়ত তাৎক্ষণিকভাৱে ৰিক্ত হৈ যোৱাৰ সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক ইয়াৰ বাবে পূৰ্ব প্ৰস্তুতি চলাবলৈ আহ্বান জনায়৷

‘‘মই শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজা প্ৰস্তুতি সন্দৰ্ভত নিশ্চিত হ’বলৈ আহ্বান জনাইছো৷ পৰীক্ষা হ’লত কোনো ধৰণৰ চাপৰ সৈতে প্ৰৱেশ নকৰিব৷ আনে কি কৰি আছে সেই লৈ চিন্তিত নহ’ব৷ নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আপুনি কি প্ৰস্তুতি চলাই আহিছে তাত গুৰুত্ব নিৱেশ কৰক’’, তেওঁ এইদৰে কয়৷

ভৱিষ্যতৰ কেৰিয়াৰ বিকল্প

ভৱিষ্যতৰ কেৰিয়াৰ বিকল্পক লৈ উত্থাপিত প্ৰশ্ন সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ হৃদয়েৰে তথা উদ্দীপনাৰে ৰাষ্ট্ৰ তথা ইয়াৰ বিকাশৰ বাবে আগবাঢ়িবলৈ আহ্বান জনায়৷

‘‘কেৰিয়াৰ অতিশয় গুৰুত্বপূৰ্ণ, প্ৰত্যেকে কিবা নহয় কিবা এটা দায়িত্ব গ্ৰহণ কৰিব লাগিব৷ আমি আমাৰ দায়িত্ব পালন কৰিও ৰাষ্ট্ৰৰ প্ৰতিও নিজৰ অৱদান আগবঢ়াব পাৰো’’, তেওঁ এইদৰে কয়৷

উল্লেখ্য, প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা ২০২০’ কাৰ্যসূচীৰ বাবে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত এক ‘ছুটি ৰচনা’ প্ৰতিযোগিতা মুকলি কৰা হৈছিল৷ ২ অক্টোবৰ ২০১৯ তাৰিখৰ পৰা ২৩ ডিচেম্বৰ ২০১৯ তাৰিখলৈ www.mygov.in ৰ জৰিয়তে অনলাইনত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল৷ ৩ লাখতকৈও অধিক শিক্ষাৰ্থীয়ে এই প্ৰতিযোগিতাৰ বাবে পঞ্জীকৃত হৈছিল আৰু তাৰে ২.৬ লাখ শিক্ষাৰ্থীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷ ২০১৯ বৰ্ষত ১.০৩ লাখ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল৷ নিৰ্বাচিত বিজয়ীসকলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পৰীক্ষা পে চৰ্চা ২০২০ত অংশগ্ৰহণ কৰিছিল৷

চিবিএছই আৰু কেভিএছ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ মাজত পৰীক্ষা সম্পৰ্কীয় সমস্যাসমূহক লৈ এক চিত্ৰাংকন তথা পোষ্টাৰ নিৰ্মাণ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল আৰু প্ৰায় ৭২৫ খন পোষ্টাৰ আৰু চিত্ৰাংকন লাভ কৰা হৈছিল৷ তাৰে প্ৰায় ৫০খন নিৰ্বাচিত কৰা হৈছিল আৰু পৰীক্ষা পে চৰ্চা ২০২০ত প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰা হৈছিল৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views

Media Coverage

Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in a mishap at a cracker factory in Thrissur, Keralam
April 21, 2026
PM announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has condoled the loss of lives due to a mishap at a cracker factory in Thrissur, Keralam. Shri Modi also wished speedy recovery for those injured in the mishap.

The Prime Minister announced an ex-gratia from PMNRF of Rs. 2 lakh to the next of kin of each deceased and Rs. 50,000 for those injured.

The Prime Minister posted on X:

“Saddened to hear about the loss of lives due to the mishap at a cracker factory in Thrissur, Keralam. My deepest condolences to those who have lost their loved ones. May the injured recover at the earliest: PM @narendramodi"

"The Prime Minister has announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000." 

"തൃശൂരിലെ പടക്ക നിർമാണശാലയിലുണ്ടായ അപകടത്തിൽ നിരവധി ജീവനുകൾ പൊലിഞ്ഞ വാർത്തയറിഞ്ഞതിൽ ദുഃഖമുണ്ട്. പ്രിയപ്പെട്ടവരെ നഷ്ടപ്പെട്ടവരുടെ വേദനയിൽ പങ്കുചേരുന്നു. പരിക്കേറ്റവർ എത്രയും വേഗം സുഖം പ്രാപിക്കട്ടെ: പ്രധാനമന്ത്രി

@narendramodi."

"മരിച്ച ഓരോ വ്യക്തിയുടെയും കുടുംബത്തിന് പ്രധാനമന്ത്രിയുടെ ദേശീയ ദുരിതാശ്വാസ നിധിയിൽ (PMNRF) നിന്ന് 2 ലക്ഷം രൂപ ധനസഹായം നൽകുമെന്ന് പ്രധാനമന്ത്രി അറിയിച്ചു. പരിക്കേറ്റവർക്ക് 50,000 രൂപ വീതം നൽകും."