ভূটানৰ প্ৰধানমন্ত্ৰী ড০ লোটে শ্বেৰিঙে যোৱা ৩০মে’ত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানৰ সৌস্তৱ বৃদ্ধি কৰে৷

আজি এক দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দ্বিতীয়টো কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ লগতে ভূটানৰ সন্মানীয় ৰজা তথা ভূটানৰ জনসাধাৰণৰ হৈও প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনায়৷ প্ৰধানমন্ত্ৰী শ্বেৰিঙে কয় যে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰত চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যাবলৈ আগ্ৰহী৷ এই প্ৰসংগত তেওঁ প্ৰধানমন্ত্ৰী মোদীক অতি সোনকালে ভূটান ভ্ৰমণ কৰাৰ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰী মোদীয়ে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ বাবে আৰু শুভকামনাৰ বাবে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে ভাৰতে ভূটানৰ সৈতে জল বিদ্যুৎ প্ৰকল্পকে ধৰি আন উন্নয়নমূলক সহযোগিতাক গভীৰভাৱে মূল্যায়ন কৰে৷ সহযোগী ৰাষ্ট্ৰ ভূটানৰ শান্তি-সমৃদ্ধি আৰু কল্যাণৰ বাবে ভাৰত চৰকাৰ সংকল্পবদ্ধ বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূটান ভ্ৰমণৰ আমন্ত্ৰণ গ্ৰহণ কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves ₹1,570 crore ship repair facility at Vadinar, Gujarat

Media Coverage

Cabinet approves ₹1,570 crore ship repair facility at Vadinar, Gujarat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 মে’ 2026
May 06, 2026

New India, New Pride: When Self-Reliance Meets Results — A Tribute to PM Modi