Mann Ki Baat: PM Modi pays tribute to Shaheed Udham Singh and other greats who sacrificed their lives for the country
Mann Ki Baat: Many railway stations in the country are associated with the freedom movement, says PM
As part of the Amrit Mahotsav, from 13th to 15th August, a special movement – 'Har Ghar Tiranga' is being organized: PM
There is a growing interest in Ayurveda and Indian medicine around the world: PM Modi during Mann Ki Baat
Through initiatives like National Beekeeping and Honey Mission, export of honey from the country has increased: PM
Fairs are, in themselves, a great source of energy for our society: PM
Toy imports have come down by nearly 70%, the country has exported toys worth about Rs. 2600 crores: PM
Be it classroom or playground, today our youth, in every field, are making the country proud: PM Modi during Mann Ki Baat

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। এয়া 'মন কী বাত'ৰ ৯১ তম খণ্ড। আমি পূৰ্বে বহুত কথা পাতিছো, বিভিন্ন বিষয়ত আমাৰ দৃষ্টিভংগী ভাগ বতৰা কৰিছো, কিন্তু, এইবাৰ 'মন কী বাত' অতি বিশেষ। ইয়াৰ কাৰণ হৈছে এইবাৰৰ স্বাধীনতা দিৱসত ভাৰতে নিজৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ সম্পূৰ্ণ কৰিব। আমি সকলোৱে এটা অতি আশ্চৰ্যকৰ আৰু ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ ওলাইছো। ঈশ্বৰে আমাক এই মহান বিশেষাধিকাৰ প্ৰদান কৰিছে। চিন্তা কৰক, যদি আমি দাসত্বৰ সময়ছোৱাত জন্মগ্ৰহণ কৰিছিলোঁ, তেন্তে আমাৰ বাবে এই দিনটোৰ কল্পনা কেনে হ'লহেঁতেন? দাসত্বৰ পৰা মুক্তিৰ সেই আকাংক্ষা, বশ্যতাৰ শৃংখলাৰ পৰা স্বাধীনতাৰ সেই অস্থিৰতা - কিমান মহান হ'ব লাগিব। সেইদিনটো যিদিনাৰ বাবে আমি প্ৰতিদিনে লাখ লাখ দেশবাসীক যুঁজ দিয়া, যুঁজ দিয়া, স্বাধীনতাৰ বাবে ত্যাগ কৰা দেখি থাকিম। যেতিয়া আমি সদায় ৰাতিপুৱা মোৰ ভাৰত কেতিয়া মুক্ত হ'ব সেই সপোনটোৰ বাবে সাৰ পাই থাকিলোহেঁতেন আৰু হয়তো আমাৰ জীৱনলৈও এনে এটা দিন আহিব যেতিয়া বন্দে মাতৰম আৰু ভাৰত মাতা কী জয় বুলি কোৱাৰ সময়ত, আমি আমাৰ জীৱন অনাগত প্ৰজন্মৰ বাবে উৎসৰ্গিত কৰিলোহেঁতেন, আমাৰ যৌৱন উচৰ্গা কৰিলোহেঁতেন।

বন্ধুসকল, ৩১ জুলাই, অৰ্থাৎ আজিৰ দিনটোতে আমি সকলো দেশবাসীয়ে শ্বহীদ উধম সিংজীৰ বলিদানক নমস্কাৰ জনাও। মই আন সকলো মহান বিপ্লৱীলৈ মোৰ নম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো যিসকলে দেশৰ বাবে তেওঁলোকৰ সকলো ত্যাগ কৰিছে।

বন্ধুসকল, আজাদীৰ অমৃত মহোৎসৱে এক গণ আন্দোলনৰ ৰূপ লোৱা দেখি মই অত্যন্ত আনন্দিত হৈছো। জীৱনৰ সকলো ক্ষেত্ৰৰ লোক আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে ইয়াৰ সৈতে সম্পৰ্কিত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে । এই মাহৰ আৰম্ভণিতে মেঘালয়ত তেনে এটা অনুষ্ঠান অনুষ্ঠিত হৈছিল। মেঘালয়ৰ সাহসী যোদ্ধা ইউ তিৰোৎ সিংজীৰ মৃত্যু বাৰ্ষিকীত ৰাইজে তেওঁক স্মৰণ কৰে। তিৰোৎ সিংজীয়ে খাচী পাহাৰৰ নিয়ন্ত্ৰণ আৰু তাৰ সংস্কৃতিক আক্ৰমণ কৰাৰ ব্ৰিটিছ ষড়যন্ত্ৰৰ তীব্ৰ বিৰোধিতা কৰিছিল। বহুতো শিল্পীয়ে এই অনুষ্ঠানত সুন্দৰ উপস্থাপন প্ৰদৰ্শিত কৰিছিল। ইতিহাসক পুনৰ জীৱিত কৰা হৈছিল। এটা কাৰ্নিভেলৰো আয়োজন কৰা হৈছিল য'ত মেঘালয়ৰ মহান সংস্কৃতিক অতি সুন্দৰভাৱে দেখুওৱা হৈছিল। কেইসপ্তাহমান আগতে, কৰ্ণাটকত, অমৃতা ভাৰতী কানাড়াৰ্থী নামৰ এক অনন্য অভিযানো আৰম্ভ কৰা হৈছিল। ইয়াত ৰাজ্যখনৰ ৭৫ টা স্থানত স্বাধীনতাৰ অমৃত মহোৎসৱ সম্পৰ্কীয় বিশাল অনুষ্ঠানৰ আয়োজন কৰা হয়। তেওঁলোকে কৰ্ণাটকৰ মহান স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰাৰ লগতে স্থানীয় সাহিত্যিক সাফল্যবোৰ আলোকপাত কৰিবলৈ চেষ্টা কৰিছিল।

বন্ধুসকল, এই জুলাই মাহত, স্বাধীনতাৰ ৰে’ল আৰু ৰে’ল ষ্টেচন নামৰ এটা অতি আকৰ্ষণীয় প্ৰয়াস কৰা হৈছে। এই প্ৰচেষ্টাৰ লক্ষ্য এয়াই যে স্বাধীনতা সংগ্ৰামত ভাৰতীয় ৰে’লৰ ভূমিকা মানুহে জানে। দেশত এনে বহুতো ৰে’ল ষ্টেচন আছে, যিবোৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ সৈতে সম্পৰ্কিত। আপোনালোকেও এই ৰে’ল ষ্টেচনৰ বিষয়ে জানি আচৰিত হ'ব। ঝাৰখণ্ডৰ গোমো জংচন, এতিয়া আনুষ্ঠানিকভাৱে, নেতাজী সুভাষ চন্দ্ৰ বসু জংচন গোমো বুলি জনা যায়। কিয় জানেনে? দৰাচলতে, এই ষ্টেচনত, কালকা মেইলত অহা নেতাজী সুভাষে ব্ৰিটিছ বিষয়াসকলক ফাঁকি দিবলৈ সক্ষম হৈছিল। আপুনি নিশ্চয় লক্ষ্ণৌৰ ওচৰৰ কাকোৰী ৰে’ল ষ্টেচনৰ নাম শুনিছে। ষ্টেচনটো ৰাম প্ৰসাদ বিছমিল আৰু আশফাক উল্লাহ খানৰ দৰে সাহসীসকলৰ নামৰ সৈতে জড়িত। ইয়াত ৰে’লযোগে যোৱা ব্ৰিটিছসকলৰ ভাণ্ডাৰ লুণ্ঠন কৰি, সাহসী বিপ্লৱীসকলে ব্ৰিটিছসকলক তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিছিল। যেতিয়াই আপোনালোকে তামিলনাডুৰ লোকসকলৰ সৈতে কথা পাতিব, থুথুকুড়ি জিলাৰ ৱাঞ্চি মনিয়াচ্চী জংচনৰ বিষয়ে জানিব পাৰিব। এই ষ্টেচনটো তামিল স্বাধীনতা সংগ্ৰামী ভান্চিনাথান জীৰ নামত উৎসৰ্গা কৰা হৈছে। এই ঠাইতে য'ত ২৫ বছৰীয়া ভাঞ্চিয়ে ব্ৰিটিছ কালেক্টৰক তেওঁ কৰা কামৰ বাবে শাস্তি দিছিল।

    বন্ধুসকল, এই তালিকাখন বহুত দীঘল। সমগ্ৰ দেশৰ ২৪ খন ৰাজ্যত বিয়পি থকা এনে ৭৫টা ৰে’ল ষ্টেচন চিনাক্ত কৰা হৈছে। এই ৭৫টা ষ্টেচন সুন্দৰকৈ সজোৱা হৈছে। বহু প্ৰকাৰৰ কাৰ্যসূচীও আয়োজন কৰা হৈছে। আপোনালোকে আপোনালোকৰ ওচৰৰ এনে এক ঐতিহাসিক ষ্টেচনলৈ যাবলৈ সময় উলিওৱা উচিত। আপোনালোকে স্বাধীনতা আন্দোলনৰ ইতিহাসৰ বিষয়ে বিতংভাৱে জানিব পাৰিব যাৰ বিষয়ে হয়তো আপোনালোক অজ্ঞাত আছিল। মই ওচৰৰ বিদ্যালয়ৰ শিক্ষকসকলক, শিক্ষাৰ্থীসকলক অনুৰোধ কৰিম, তেওঁলোকৰ বিদ্যালয়ৰ সৰু সৰু ল'ৰা-ছোৱালীবোৰক ষ্টেচনলৈ লৈ যাবলৈ অনুৰোধ কৰিম, তেওঁলোকক সম্পূৰ্ণ ঘটনাক্ৰমৰ বিষয়ে বুজাবলৈও আহ্বান জনাইছো ৷  

মোৰ মৰমৰ দেশবাসীসকল, আজাদীৰ অমৃত মহোৎসৱৰ অংশ হিচাপে, ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ এক বিশেষ আন্দোলনৰ আয়োজন কৰা হৈছে – 'হৰ ঘৰ ত্ৰিৰংগা - হৰ ঘৰ ত্ৰিৰংগা'। ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ এই আন্দোলনৰ অংশ হিচাপে আপোনালোকে নিজৰ ঘৰত ত্ৰিৰংগা উত্তোলন কৰিব লাগিব, বা ইয়াক আপোনালোকৰ ঘৰত ৰাখিব লাগিব। ত্ৰিৰংগাই আমাক সংযোগ কৰে, আমাক দেশৰ বাবে কিবা এটা কৰিবলৈ অনুপ্ৰাণিত কৰে। মোৰ এটা পৰামৰ্শ এয়াই যে ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ, আমি সকলোৱে আমাৰ সামাজিক মাধ্যমৰ প্ৰ'ফাইল ছবিত ত্ৰিৰংগা লগাব পাৰোঁ। আপোনালোকে জানেনে, ২ আগষ্টত আমাৰ ত্ৰিৰংগাৰ সৈতেও এক বিশেষ সম্পৰ্ক আছে। এই দিনটোত, পিংগালী ভেংকায়াজীৰ জন্ম জয়ন্তী যিয়ে আমাৰ ৰাষ্ট্ৰীয় পতাকা ডিজাইন কৰিছিল। মই তেওঁক সন্মান সহকাৰে শ্ৰদ্ধাঞ্জলি জনাইছো। জাতীয় পতাকাৰ বিষয়ে কওঁতে, মই মহান বিপ্লৱী মেডাম কামাকো সোঁৱৰণ কৰিম। ত্ৰিৰংগা ডিজাইনত তেওঁৰ ভূমিকাও অত্যন্ত গুৰুত্বপূৰ্ণ।

বন্ধুসকল, স্বাধীনতাৰ অমৃত মহোৎসৱত অনুষ্ঠিত হোৱা এই আটাইবোৰ অনুষ্ঠানৰ আটাইতকৈ ডাঙৰ বাৰ্তাটো হ'ল যে আমি সকলো দেশবাসীয়ে অতি আন্তৰিকতাৰে আমাৰ কৰ্তব্য পালন কৰা উচিত। তেতিয়াহে আমি সেই অগণন স্বাধীনতা সংগ্ৰামীসকলৰ সপোন পূৰণ কৰিবলৈ সক্ষম হ'ম। তেওঁলোকৰ সপোনৰ ভাৰত গঢ়ি তুলিবলৈ সক্ষম হ'ম। সেইকাৰণে আমাৰ পৰৱৰ্তী ২৫ বছৰৰ এই অমৃতকাল প্ৰতিজন দেশৰ বাবে কৰ্তব্যৰ সময়ৰ দৰে। দেশক মুক্ত কৰা আমাৰ সাহসী যুঁজাৰুসকলে আমাক এই দায়িত্বসমূহ দি গৈছে আৰু আমি ইয়াক সম্পূৰ্ণৰূপে পালন কৰিব লাগিব।

মোৰ মৰমৰ দেশবাসীসকল, ক’ৰোনাৰ বিৰুদ্ধে আমাৰ দেশবাসীৰ যুঁজ এতিয়াও চলি আছে। গোটেই পৃথিৱীয়ে আজিও সংগ্ৰাম কৰি আছে। সামগ্ৰিক স্বাস্থ্যসেৱাৰ প্ৰতি মানুহৰ বৰ্ধিত আগ্ৰহে ইয়াত সকলোকে যথেষ্ট সহায় কৰিছে। আমি সকলোৱে জানো যে ইয়াত ভাৰতীয় পৰম্পৰাগত পদ্ধতিবোৰ কিমান উপযোগী হৈছে। ক’ৰোনাৰ বিৰুদ্ধে যুঁজত আয়ুষে বিশ্বব্যাপী এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সমগ্ৰ বিশ্বতে আয়ুৰ্বেদ আৰু ভাৰতীয় ঔষধৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে। আয়ুষৰ ৰপ্তানিৰ অভিলেখ বৃদ্ধি হোৱাৰ এইটো এটা মুখ্য কাৰণ আৰু এই ক্ষেত্ৰত বহুতো নতুন ষ্টাৰ্ট-আপ ওলোৱাটো অতি সন্তোষজনক। শেহতীয়াকৈ, এক গোলকীয় আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলন অনুষ্ঠিত হৈছিল। আপুনি জানি আচৰিত হ'ব যে ইয়াত প্ৰায় দহ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰা হৈছে। আন এটা অতি গুৰুত্বপূৰ্ণ কথা হৈছে যে ক’ৰোনাৰ যুগত ঔষধি উদ্ভিদৰ ওপৰত গৱেষণাও যথেষ্ট বৃদ্ধি পাইছে। এই বিষয়ে বহুতো গৱেষণা অধ্যয়ন প্ৰকাশ কৰা হৈছে। এইটো নিশ্চিতভাৱে এটা শুভ আৰম্ভণি।

বন্ধুসকল, দেশখনত বিভিন্ন ঔষধি উদ্ভিদ আৰু বনৌষধিৰ সৈতে আন এক মহান প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ জুলাই মাহত ইণ্ডিয়ান ভাৰ্চুৱেল হাৰবেৰিয়াম মুকলি কৰা হৈছিল। এইটোও এটা উদাহৰণ যে আমি কেনেকৈ ডিজিটেল পৃথিৱীক আমাৰ শিপাৰ সৈতে সংযোগ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ। ইণ্ডিয়ান ভাৰ্চুৱেল হাৰবেৰিয়াম হৈছে সংৰক্ষিত উদ্ভিদ বা উদ্ভিদৰ অংশবোৰৰ ডিজিটেল ছবিৰ এক আকৰ্ষণীয় সংগ্ৰহ, যিটো ৱেবত, মুক্তভাৱে উপলব্ধ। এই ভাৰ্চুৱেল হাৰবেৰিয়ামত বৰ্তমান এক মিলিয়নতকৈও অধিক নমুনা আৰু সেইবোৰৰ সৈতে সম্পৰ্কিত বৈজ্ঞানিক তথ্য উপলব্ধ। ভাৰ্চুৱেল হাৰবেৰিয়ামত ভাৰতৰ উদ্ভিদ বৈচিত্ৰৰ এক সমৃদ্ধ ছবিও দেখা যায়। মই নিশ্চিত যে ভাৰতীয় ভাৰ্চুৱেল হাৰবেৰিয়াম ভাৰতীয় উদ্ভিদৰ ওপৰত গৱেষণাৰ বাবে এক গুৰুত্বপূৰ্ণ সম্পদ হৈ পৰিব।

মোৰ মৰমৰ দেশবাসীসকল, 'মন কী বাত'ত, আমি প্ৰতিবাৰেই দেশবাসীৰ সফলতাৰ বিষয়ে কথা পাতো যিয়ে আমাৰ মুখলৈ এক মধুৰ হাঁহি বিয়পাই দিয়ে। যদি এটা সফলতাৰ কাহিনীয়ে এটা মিঠা হাঁহি বিয়পাব পাৰে আৰু সেই মিঠা হাঁহিত যদি সোৱাদো ভৰি থাকে, তেনেহ'লে আপুনি ইয়াক সোণৰ ওপৰত সুৱগা চৰা বুলি ক'ব লাগিব। আমাৰ কৃষকসকলে আজিকালি মৌ উৎপাদনত এই একেটা কামেই কৰি আছে। মৌৰ মিঠাইয়ে আমাৰ কৃষকসকলৰ জীৱন সলনি কৰি আছে, তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিছে। হাৰিয়ানাত, যমুনানগৰত, এজন মৌমাখি পালনকাৰী সংগী থাকে - সুভাষ কম্বোজজী।  সুভাষজীয়ে মৌপালনৰ প্ৰশিক্ষণ বৈজ্ঞানিকভাৱে গ্ৰহণ কৰি আছিল। ইয়াৰ পিছত তেওঁ মাত্ৰ ছয়টা বাকচেৰে তেওঁৰ কাম আৰম্ভ কৰিছিল। আজি তেওঁলোকে প্ৰায় দুই হাজাৰ বাকচত মৌমাখিবোৰ ৰাখিছে। তেওঁলোকৰ মৌ বহুতো ৰাজ্যলৈ যোগান ধৰা হয়। জম্মুৰ পল্লী গাঁৱত, বিনোদ কুমাৰজীয়েও ১,৫০০ৰো অধিক বাকচত মৌপালন কৰি আছে। তেওঁ যোৱা বছৰ ৰাণী মৌ প্ৰতিপালনৰ প্ৰশিক্ষণ লৈছে। এই কামৰ পৰা তেওঁ বছৰি ১৫ৰ পৰা ২০ লাখ টকা উপাৰ্জন কৰি আছে। কৰ্ণাটকত আৰু এজন কৃষক আছে - মধুকেশ্বৰ হেগড়েজী। মধুকেশ্বৰজীয়ে কৈছিল যে তেওঁ ৫০ টা মৌমাখি বাকচৰ বাবে ভাৰত চৰকাৰৰ পৰা ৰাজসাহায্য লৈছিল। আজি তেওঁলোকৰ ৮০০ত কৈও অধিক বাকচ আছে, আৰু তেওঁলোকে টন টন মৌ বিক্ৰী কৰে। তেওঁ নিজৰ কামত উদ্ভাৱন কৰিছে আৰু তেওঁ জামু মৌ, তুলসী মৌ, আমলখি মৌৰ দৰে উদ্ভিদ মৌ প্ৰস্তুত কৰি আছে। মধুকেশ্বৰ জী, আপোনাৰ উদ্ভাৱন আৰু মধু উৎপাদনৰ সফলতাই আপোনাৰ নামটো অৰ্থপূৰ্ণ কৰি তুলিছে।

বন্ধুসকল, আপোনালোক সকলোৱে জানে যে আমাৰ পৰম্পৰাগত স্বাস্থ্য বিজ্ঞানত মৌক কিমান গুৰুত্ব দিয়া হৈছে। আয়ুৰ্বেদ গ্ৰন্থত, মৌক অমৃত বুলি বৰ্ণনা কৰা হৈছে। মৌয়ে কেৱল আমাক সোৱাদেই প্ৰদান নকৰে, সুস্বাস্থ্যও প্ৰদান কৰে। আজি মৌ উৎপাদনত ইমান সম্ভাৱনা আছে যে পেছাদাৰীভাৱে অধ্যয়ন কৰি থকা যুৱক-যুৱতীসকলেও ইয়াক তেওঁলোকৰ স্ব-নিযুক্তিৰ সম্ভাৱনা কৰি তুলিছে। তেনে এজন যুৱক হৈছে – ইউপি, গোৰখপুৰৰ নিমিত সিং। নিমিতজীয়ে B.Tech কৰিছে। তেওঁৰ দেউতাকো এজন চিকিৎসক, কিন্তু পঢ়াৰ পিছত, চাকৰিৰ সলনি, নিমিতজীয়ে স্ব-নিয়োজিত হোৱাৰ সিদ্ধান্ত লয়। তেওঁ মৌ উৎপাদনৰ কাম আৰম্ভ কৰিছিল। তেওঁ গুণগত মানদণ্ড পৰীক্ষাৰ বাবে লক্ষ্ণৌত নিজৰ পৰীক্ষাগাৰ স্থাপন কৰিছিল। নিমিতজীয়ে এতিয়া মৌ আৰু মৌমাখিৰ মমৰ পৰা ভাল উপাৰ্জন কৰিছে, আৰু লগতে বিভিন্ন ৰাজ্যলৈ গৈ কৃষকসকলক প্ৰশিক্ষণ দি আছে।

এনে যুৱক-যুৱতীৰ কঠোৰ পৰিশ্ৰমৰ বাবেই আজি দেশখন বৃহৎ মৌ উৎপাদক হৈ পৰিছে। আপোনালোকে জানি সুখী হ'ব যে দেশত মৌৰ ৰপ্তানিও বৃদ্ধি পাইছে। দেশখনে নেচনেল বিকিপিং আৰু হানি মিছনৰ দৰে অভিযান প্ৰণয়ন কৰিছে, কৃষকসকলে কঠোৰ পৰিশ্ৰম কৰিছে আৰু আমাৰ মৌৰ মিঠাই বিশ্বৰ বিভিন্ন প্ৰান্তত উপনীত হ'বলৈ আৰম্ভ কৰিছে। এই ক্ষেত্ৰত এতিয়াও যথেষ্ট সম্ভাৱনা আছে। মই বিচাৰোঁ যে আমাৰ যুৱপ্ৰজন্মই এই সুযোগবোৰৰ সৈতে সংযোগ স্থাপন কৰি আৰু নতুন সম্ভাৱনা উপলব্ধি কৰি ইয়াৰ সুবিধা গ্ৰহণ কৰক।

মোৰ মৰমৰ দেশবাসীসকল, মই হিমাচল প্ৰদেশৰ 'মন কী বাত'ৰ শ্ৰোতা শ্ৰীমান আশীষ বেহলজীৰ পৰা এখন পত্ৰ লাভ কৰিছো ৷ তেওঁপত্ৰত চাম্বাৰ 'মিঞ্জাৰ মেলা'ৰ কথা উল্লেখ কৰিছে৷ দৰাচলতে মাকৈৰ ফুলক মিঞ্জাৰ বুলি কোৱা হয়৷ যেতিয়া মাকৈত মিঞ্জাৰ আহে তেতিয়া মিঞ্জাৰ মেলা উদযাপন কৰা হয় ৷  সমগ্ৰ দেশৰ পৰা পৰ্যটকসকল ইয়াত অংশগ্ৰহণ কৰিবলৈ দূৰদূৰণিৰ পৰা আহে। কাকতালীয়ভাৱে, এই সময়ত মিঞ্জাৰ মেলাও চলি আছে। যদি আপুনি হিমাচল ভ্ৰমণ কৰিবলৈ গৈছে আপুনি এই মেলা চাবলৈ চাম্বালৈ যাব পাৰে। চাম্বা ইমান ধুনীয়া যে ইয়াত লোকগীতত বাৰে বাৰে কোৱা হয় -  “चंबे इक दिन ओणा कने महीना रैणा”।

অৰ্থাৎ, যিসকলে এদিনৰ বাবে চাম্বালৈ আহে, ইয়াৰ সৌন্দৰ্য দেখি, তেওঁলোক এমাহ পৰ্যন্ত ইয়াত থাকি যায়।

বন্ধুসকল, এই মেলাবোৰৰো আমাৰ দেশত এক ডাঙৰ সাংস্কৃতিক গুৰুত্ব আছে ৷ মেলাবোৰে মন আৰু মানুহ দুয়োকে সংযোগ কৰে ৷ হিমাচলত যেতিয়া বৰষুণৰ পিছত খৰিফ শস্য পকে, তেতিয়া ছেপ্টেম্বৰত চিমলা, মাণ্ডি, কুল্লু আৰু চোলানতো ছাইৰী বা চেডান উদযাপন কৰা হয় ৷ জাগ্ৰাও ছেপ্টেম্বৰ মাহত পালন কৰা হয় ৷ জাগ্ৰাৰ মেলাত, বিসুৰ গীতবোৰ মাহাসু ঈশ্বৰক আহ্বান কৰি গোৱা হয়। মাহাসু দেৱতাৰ এই জাগৰ হিমাচলৰ লগতে উত্তৰাখণ্ডৰ চিমলা, কিন্নৌৰ আৰু চিৰমৌৰত অনুষ্ঠিত হয়।

বন্ধুসকল, আমাৰ দেশত বিভিন্ন ৰাজ্যত জনজাতীয় সমাজৰ বহুতো পৰম্পৰাগত মেলা উদযাপন কৰা হয়। ইয়াৰে কিছুমান মেলা জনজাতীয় সংস্কৃতিৰ সৈতে সম্পৰ্কিত, আনহাতে কিছুমান সংগঠিত জনজাতীয় ইতিহাস আৰু ঐতিহ্যৰ সৈতে সম্পৰ্কিত, উদাহৰণ স্বৰূপে, যদি আপোনালোকে সুযোগ পায় তেন্তে তেলেংগানাৰ মেদাৰামত চাৰিদিনীয়া সমাক্কা-সৰলম্মা যাত্ৰা মেলা পৰিদৰ্শন কৰিব যাবই। এই মেলাক তেলেংগানাৰ মহাকুম্ভ বুলি কোৱা হয়। সৰলাম্মা যাত্ৰা মেলা দুগৰাকী জনজাতীয় মহিলা নায়িকাৰ সন্মানত উদযাপন কৰা হয় - চামাক্কা আৰু সৰলাম্মা। ই কেৱল তেলেংগানাৰ বাবেই নহয়, ছত্তীশগড়, মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰ প্ৰদেশৰ কয়া জনজাতীয় সম্প্ৰদায়ৰ বাবেও বিশ্বাসৰ এক মুখ্য কেন্দ্ৰ। অন্ধ্ৰ প্ৰদেশৰ মৰিদাম্মা মেলাও জনজাতীয় সম্প্ৰদায়ৰ বিশ্বাসৰ সৈতে জড়িত এক ডাঙৰ মেলা। মৰিদাম্মা মেলা জেষ্ঠ অমাৱস্যাৰ পৰা আহাৰ অমাৱস্যালৈ চলে আৰু ইয়াত থকা জনজাতীয় সম্প্ৰদায়ে ইয়াক শক্তি উপাসনাৰ সৈতে একত্ৰিত কৰে। ইয়াত, পূব গোদাৱৰীৰ পেধাপুৰমত, মৰিদাম্মা মন্দিৰো আছে। একেদৰে, ৰাজস্থানত, গাৰাচিয়া জনজাতিৰ লোকসকলে বৈশাখ শুক্লা চতুৰ্দশীত 'চিয়াৱা কা মেলা' বা 'মনখান ৰো মেলা'ৰ আয়োজন কৰে। ছত্তীশগড়ৰ বাস্তাৰৰ নাৰায়ণপুৰৰ 'মাৱলী মেলা'ও অতি বিশেষ। ওচৰতে, মধ্য প্ৰদেশৰ 'ভাগোৰিয়া মেলা'ও অতি বিখ্যাত। কোৱা হয় যে ভাগোৰিয়া মেলা ৰাজা ভোজৰ সময়ত আৰম্ভ হৈছিল। তাৰ পিছত ভিল ৰাজা, কচুমৰা আৰু বালুনে তেওঁলোকৰ নিজ নিজ ৰাজধানীত প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানসমূহৰ আয়োজন কৰিছিল। তেতিয়াৰ পৰা আজিলৈকে, এই মেলাবোৰ সমান উৎসাহেৰে উদযাপন কৰা হৈছে। একেদৰে, তৰানেটাৰ আৰু মাধোপুৰৰ দৰে বহুতো মেলা গুজৰাটত অতি বিখ্যাত। 'মেলা', নিজেই, আমাৰ সমাজ, জীৱনত শক্তিৰ এক মহান উৎস। আপোনালোকৰ চাৰিওফালে এনেকুৱা বহুতো মেলা আছে। আধুনিক সময়ত, 'এক ভাৰত- শ্ৰেষ্ঠ ভাৰতৰ' আত্মা শক্তিশালী কৰাৰ বাবে সমাজৰ এই পুৰণি সম্পৰ্কবোৰ অতি গুৰুত্বপূৰ্ণ। আমাৰ যুৱক-যুৱতীসকলে এই সমূহৰ সৈতে সংযোগ স্থাপন কৰিব লাগিব আৰু যেতিয়াই আপোনালোক এনে মেলালৈ যায়, ইয়াৰ ফটো ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰিব পাৰে। যদি আপোনালোকে বিচাৰে তেন্তে এটা নিৰ্দিষ্ট হেচটেগো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ জৰিয়তে আন লোকসকলেও এই মেলাবোৰৰ বিষয়ে জানিব। আপোনালোকে সাংস্কৃতিক মন্ত্ৰালয়ৰ ৱেবছাইটতো ফটো আপলোড কৰিব পাৰে। অহা কেইদিনমানৰ ভিতৰত, সাংস্কৃকিত মন্ত্ৰালয়েও এখন প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ গৈ আছে, য'ত মেলাৰ সৰ্বশ্ৰেষ্ঠ ছবি প্ৰেৰণ কৰোঁতাসকলক পুৰস্কৃত কৰা হ'ব ৷ পলম নকৰিব, মেলাত ফুৰক, ছবি ভাগ বতৰা কৰক, হয়তোবা আপুনি পুৰষ্কাৰো লাভ কৰিব পাৰে।

মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকৰ মনত আছে বোধহয়, 'মন কী বাত'ৰ এটা খণ্ডত, মই কৈছিলো যে পুতলা ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত এক শক্তিক্ষেত্ৰ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। মই ক্ৰীড়া আৰু খেলৰ ক্ষেত্ৰত ভাৰতৰ সমৃদ্ধ ঐতিহ্যৰ বিষয়ে বিশেষভাৱে আলোচনা কৰিছিলো। ভাৰতৰ স্থানীয় পুতলা - পৰম্পৰা আৰু প্ৰকৃতি দুয়োৰে সৈতে সংগতি ৰাখি – পৰিৱেশ-অনুকূল। মই আজি ভাৰতীয় পুতলাৰ সফলতা আপোনালোকৰ সৈতে ভাগ বতৰা কৰিব বিচাৰো। আমাৰ পুতলা উদ্যোগে আমাৰ যুৱ, ষ্টাৰ্ট-আপ আৰু উদ্যোগীসকলৰ সৈতে কি কৰিছে, যিবোৰ সফলতা লাভ কৰিছে, হয়তো কোনেও কল্পনা কৰিব নোৱাৰিলেহেঁতেন। আজি, যেতিয়া ভাৰতীয় পুতলাৰ কথা ওলাইছে, সকলো ঠাইতে স্থানীয় লোকসকলৰ বাবে কণ্ঠস্বৰ গুঞ্জৰিত হৈছে। আপোনালোকে এইটোও জানি ভাল পাব যে এতিয়া ভাৰতত, বিদেশৰ পৰা আমদানিকৃত পুতলাৰ সংখ্যা নিৰন্তৰে কমি আহিছে। আগতে, য'ত বাহিৰৰ পৰা ৩,০০০ কোটি টকাৰ অধিক মূল্যৰ পুতলা আহিছিল, এতিয়া সেইসমূহৰ আমদানি ৭০ শতাংশ হ্ৰাস পাইছে আৰু সুখৰ কথা যে, এই সময়ছোৱাত, ভাৰতে বিদেশলৈ দুই হাজাৰ ছয়শ কোটি টকাৰ অধিক মূল্যৰ পুতলা ৰপ্তানি কৰিছে ৷ পূৰ্বতে কেৱল ৩০০-৪০০ কোটি টকাৰ পুতলাহে ভাৰতৰ বাহিৰলৈ গৈছিল আৰু আপোনালোকে জানে যে এই সকলোবোৰ ক’ৰোনাৰ সময়ছোৱাত হৈছিল। ভাৰতৰ পুতলা খণ্ডই নিজকে পৰিৱৰ্তন কৰি দেখুৱাইছে। ভাৰতীয় নিৰ্মাতাসকলে, এতিয়া ভাৰতীয় পৌৰাণিক কাহিনী, ইতিহাস আৰু সংস্কৃতিৰ ওপৰত আধাৰিত কৰি পুতলা নিৰ্মাণ কৰি আছে। দেশত থকা পুতলাৰ গোট, পুতলা নিৰ্মাতা যি সকল ক্ষুদ্ৰ উদ্যোগী, তেওঁলোকে ইয়াৰ পৰা যথেষ্ট লাভান্বিত হৈছে। এই ক্ষুদ্ৰ উদ্যোগীসকলে তৈয়াৰ কৰা পুতলাবোৰ এতিয়া বিশ্বজুৰি ব্যাপি আছে। ভাৰতৰ খেলনা নিৰ্মাতাসকলেও বিশ্বৰ আগশাৰীৰ বিশ্বব্যাপী খেলনা ব্ৰেণ্ডসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে। মই এইটোও ভাল পাইছো যে আমাৰ ষ্টাৰ্ট-আপ খণ্ডই পুতলাৰ পৃথিৱীৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিছে। তেওঁলোকে এই ক্ষেত্ৰত বহুতো আমোদজনক কাম কৰি আছে। বেংগালুৰুত, শুমি পুতলা নামৰ ষ্টাৰ্ট-আপটোৱে পৰিৱেশ-অনুকূল পুতলাৰ ওপৰত গুৰুত্ব দিছে। গুজৰাটৰ আৰ্কিডজু কোম্পানীয়ে এআৰ-আধাৰিত ফ্লেশ্ব কাৰ্ড আৰু এআৰ-আধাৰিত ষ্টৰীবুক নিৰ্মাণ কৰি আছে। পুণেস্থিত কোম্পানী ফানভেণ্টিয়নে শিক্ষণ, পুতলা আৰু কাৰ্যকলাপৰ পাজলৰ জৰিয়তে বিজ্ঞান, প্ৰযুক্তি আৰু অংকৰ প্ৰতি শিশুৰ আগ্ৰহ বৃদ্ধি কৰাত নিয়োজিত হৈ আছে। মই এনে সকলো নিৰ্মাতা, ষ্টাৰ্ট-আপক অভিনন্দন জনাইছো যিসকলে পুতলাৰ পৃথিৱীত এক মহান কাম কৰি আছে। আমি সকলোৱে সমগ্ৰ বিশ্বতে ভাৰতীয় পুতলাবোৰ অধিক জনপ্ৰিয় কৰি তুলিবলৈ একত্ৰিত হওঁ আহক। একে সময়তে, মই অভিভাৱকসকলক অধিক সংখ্যক ভাৰতীয় পুতলা, সাঁথৰ আৰু খেলনা ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছো।

বন্ধুসকল, শ্ৰেণীকোঠাই হওক বা খেলপথাৰেই হওক, আজি আমাৰ যুৱক-যুৱতীসকলে, প্ৰতিটো ক্ষেত্ৰতে দেশক গৌৰৱান্বিত কৰি তুলিছে। এই মাহত, পিভি সিন্ধুৱে ছিংগাপুৰ অপেনত প্ৰথম খিতাপ জয় কৰিছে। নীৰজ চোপ্ৰাইও নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন অব্যাহত ৰাখিছে আৰু বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত দেশৰ বাবে ৰূপৰ পদক লাভ কৰিছে। আনকি আয়াৰলেণ্ড পেৰা বেডমিণ্টন ইণ্টাৰনেচনেলতো আমাৰ খেলুৱৈসকলে ১১ টা পদক জয় কৰি দেশলৈ সুনাম কঢ়িয়াই আনিছে। ৰোমত অনুষ্ঠিত বিশ্ব কেডেট কুস্তি চেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈসকলেও ভাল প্ৰদৰ্শন কৰিছে। আমাৰ খেলুৱৈ সুৰজে গ্ৰেকো-ৰোমান অনুষ্ঠানত আশ্চৰ্যকৰ কাম কৰিছে। তেওঁ ৩২ বছৰৰ দীঘলীয়া ব্যৱধানৰ পিছত এই প্ৰতিযোগিতাত কুস্তিৰ সোণৰ পদক জিকিছে। খেলুৱৈসকলৰ বাবে, এই গোটেই মাহটো বিভিন্ন কাৰ্যৰে পৰিপূৰ্ণ হৈ আছে। চেন্নাইত ৪৪ তম দবা অলিম্পিয়াড আয়োজন কৰাটোও ভাৰতৰ বাবে এক ডাঙৰ সন্মান। প্ৰতিযোগিতাখন ২৮ জুলাইত আৰম্ভ হৈছিল আৰু মই ইয়াৰ উদ্বোধনী অনুষ্ঠানৰ অংশ হোৱাৰ বাবে সৌভাগ্য লাভ কৰিছিলো। একেদিনাই, ইউকেত কমনৱেলথ গেমছো আৰম্ভ হৈছিল। যুৱ ভাৰতীয় দলটোৱে তাত দেশক প্ৰতিনিধিত্ব কৰি আছে। দেশবাসীৰ হৈ সকলো খেলুৱৈ আৰু এথলীটক মই শুভেচ্ছা জনাইছো। মই সুখী যে ভাৰতে ফিফাৰ ১৭ বছৰৰ অনুৰ্ধৰ মহিলা বিশ্বকাপ আয়োজন কৰিবলৈ গৈ আছে। প্ৰতিযোগিতাখন অক্টোবৰৰ আশে-পাশে অনুষ্ঠিত হ'ব, যিয়ে দেশৰ কন্যাসকলৰ ক্ৰীড়াৰ প্ৰতি উৎসাহ বৃদ্ধি কৰিব।

বন্ধুসকল, কেইদিনমান পূৰ্বে, সমগ্ৰ দেশতে দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফলো ঘোষণা কৰা হৈছে। মই সেই সকলো শিক্ষাৰ্থীক অভিনন্দন জনাইছো যিসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে সফলতা অৰ্জন কৰিছে। মহামাৰীৰ পৰিপ্ৰেক্ষিতত, যোৱা দুবছৰ অত্যন্ত প্ৰত্যাহ্বানজনক আছিল। আনকি এই পৰিস্থিতিত, আমাৰ যুৱক-যুৱতীসকলে দেখুওৱা সাহস আৰু সংযম অত্যন্ত প্ৰশংসনীয়। মই সকলোৰে বাবে এক উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।

মোৰ মৰমৰ দেশবাসীসকল, আজি আমি স্বাধীনতাৰ ৭৫ বছৰৰ ওপৰত আমাৰ আলোচনা আৰম্ভ কৰিছিলো। পৰৱৰ্তীবাৰ আমি লগ পোৱাৰ পিছত, আমাৰ পৰৱৰ্তী ২৫ বছৰৰ যাত্ৰাও আৰম্ভ হ'ব। আমাৰ ঘৰত আৰু আমাৰ প্ৰিয়জনৰ ঘৰত, আমাৰ প্ৰিয় ত্ৰিৰংগা উত্তোলন কৰক, ইয়াৰ বাবে আমি সকলোৱে একেলগে ওলাই আহিব লাগিব। আপোনালোকে এইবাৰ স্বাধীনতা দিৱস কেনেদৰে উদযাপন কৰিলে, আপোনালোকে কি বিশেষ কাম কৰিলে, মোৰ সৈতে নিশ্চিতভাৱে ইয়াক ভাগ বতৰা কৰিব। পৰৱৰ্তীবাৰলৈ, আমি আমাৰ এই অমৃতপৰ্বৰ বিভিন্ন ৰঙৰ বিষয়ে পুনৰ কথা পাতিম ৷ তেতিয়ালৈকে মোক আজ্ঞা দিয়ক। অশেষ ধন্যবাদ।

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
7 hyper local foods that PM Modi made popular via speeches, social media and Mann ki Baat

Media Coverage

7 hyper local foods that PM Modi made popular via speeches, social media and Mann ki Baat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Rastriya Swatantra Party leaders on electoral success in Nepal
March 09, 2026

The Prime Minister, Shri Narendra Modi, had warm telephone conversations with Mr. Rabi Lamichhane, Chairman of the Rastriya Swatantra Party (RSP), and Mr. Balendra Shah, Senior Leader of the RSP.

Shri Modi congratulated both leaders on their electoral victories and the RSP’s resounding success in the Nepal elections. He conveyed his best wishes for the forthcoming new Government and reaffirmed India’s commitment to work with them for mutual prosperity, progress and well-being of the people of both countries.

Expressing confidence in the future of India-Nepal relations, the Prime Minister said that with joint endeavours, the partnership between the two nations will scale new heights in the years ahead.

In a X post, the Prime Minister said;

“Had warm telephone conversations with Mr. Rabi Lamichhane, Chairman of the Rastriya Swatantra Party (RSP) and Mr. Balendra Shah, Senior Leader of the RSP.

Congratulated both leaders on their electoral victories and RSP’s resounding success in the Nepal elections. Conveyed my best wishes for their forthcoming new Government and India's commitment to work with them for mutual prosperity, progress and well-being of our two countries.

I am confident that with our joint endeavours, India and Nepal relations will scale new heights in the years ahead.

@hamrorabi

@ShahBalen

@party_swatantra”