India is a youthful nation. Today's youngsters are becoming job creators: PM Modi
There was a time when start-ups meant only digital and tech innovation. Things are changing now. We are seeing start-up entrepreneurs in different fields: PM
Start-ups are no longer only in big cities. Smaller towns and villages are emerging as vibrant start-up centres: PM
India has distinguished itself in the global start-up eco-system: PM Modi
Along with ‘Make in India’, 'Design in India' is also essential: PM Modi
If we do not innovate, we will stagnate: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ ভিন্ন প্ৰান্তৰ যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীৰে মত-বিনিময় কৰে৷ চৰকাৰী আঁচনিৰ বিভিন্ন উপভোক্তাৰ সৈতে এয়া হ’ল প্ৰধানমন্ত্ৰীৰ ক্ৰমাগত চতুৰ্থটো মত-বিনিময় অনুষ্ঠান৷

ভাৰতৰ যুৱ শক্তি এতিয়া চাকৰি সৃষ্টিকাৰী হৈ পৰাত আনন্দ ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱ জনসংখ্যাক সঠিক দিশত আগুৱাই নিবলৈ তেওঁৰ চৰকাৰ সংকল্পবদ্ধ৷ প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে উপযুক্ত মূলধন, সাহস আৰু জনসাধাৰণৰ সৈতে সংযোগ হৈছে ষ্টাৰ্ট-আপ খণ্ডত পাৰদৰ্শিতা লাভৰ বাবে অত্যন্ত প্ৰয়োজনীয় দিশ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ষ্টাৰ্ট-আপ মানেই এটা সময়ত কেৱল ডিজিটেল আৰু প্ৰযুক্তি উদ্ভাৱনৰ কথা বুজা গৈছিল, এতিয়া সময় সলনি হৈছে৷ এতিয়া বিভিন্ন ক্ষেত্ৰত ষ্টাৰ্ট-আপ উদ্যোগী সৃষ্টি হৈছে৷ ২৮খন ৰাজ্য, ৬খন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৪১৯খন জিলাত ষ্টাৰ্ট-আপ ফাইল কৰা হৈছে৷ ইয়াৰে ৪৪% ষ্টাৰ্ট-আপ পঞ্জীয়ন হৈছে টায়াৰ-২ আৰু টায়াৰ-৩ চহৰৰ পৰা৷ তদুপৰি, ষ্টাৰ্ট-আপৰ ৪৫% স্থাপন কৰা হৈছে মহিলাৰদ্বাৰা৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে এই কথাও উল্লেখ কৰে যে চৰকাৰৰ অধীনত পেটেণ্ট আৰু ট্ৰেডমাৰ্ক ফাইল কৰাতো এতিয়া অতি সহজ হৈ পৰিছে৷ চৰকাৰে টেৰ্ডমাৰ্কৰ বাবে আবেদন জনোৱা ফৰ্মৰ সংখ্যা ৭৪ৰ পৰা ৮খনলৈ হ্ৰাস কৰিছে, যাৰ ফলস্বৰূপে বিগত তিনি বছৰত ট্ৰেডমাৰ্ক পঞ্জীয়নৰ সংখ্যা তিনিগুণলৈ বৃদ্ধি পাইছে৷ পেটেণ্ট পঞ্জীয়ন কৰাৰ সংখ্যাও বিগত চৰকাৰৰ তুলনাত তিনিগুণ বৃদ্ধি পোৱা দেখা গৈছে৷

যুৱ উদ্যোগীসকৰ সৈতে মতবিনিময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ যুৱ উদ্যোগীয়ে যাতে পুঁজিৰ অভাৱত ভূগিবলগীয়া নহয় আৰু উদ্ভাৱকসকলে যাতে নতুন উদ্ভাৱনৰ পৰ্যাপ্ত সুবিধা লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ চৰকাৰে ১০০০০ কোটিৰ এক ‘ফাণ্ড অৱ ফাণ্ড’ গঠন কৰিছে৷

ভাৰতৰ ষ্টাৰ্ট-আপ ব্যৱস্থাক শক্তিশালী কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে গ’ৱৰ্ণমেণ্ট-ই-মাৰ্কেট প্লেচক ষ্টাৰ্ট-আপ ইণ্ডিয়াৰ সৈতে সংযুক্ত কৰা হৈছে, যাৰ ফলত ষ্টাৰ্ট-আপসকলে তেওঁলোকৰ সামগ্ৰী চৰকাৰৰ ওচৰত বিক্ৰী কৰিব পাৰে৷ ষ্টাৰ্ট-আপসকলক তিনি বছৰৰ বাবে কৰ মুক্তিৰ সুবিধা দিয়া হৈছে৷ ছখন শ্ৰমিক আইন আৰু তিনিখন পৰিৱেশ আইন সলনি কৰা হৈছে, যাতে যুৱ উদ্যোগীয়ে মাত্ৰ স্ব-প্ৰমাণিত দস্তাবেজ দাখিল কৰিলেই হয়৷ চৰকাৰে লগতে ষ্টাৰ্ট-আপ ইণ্ডিয়া হাব নামৰ এক ৱান-ষ্টপ ডিজিটেল প্লেটফ’ৰ্ম আৰম্ভ কৰিছে, যাৰ মাধ্যমেৰে উদ্যোগীসকলে ষ্টাৰ্ট-আপ আৰু ইয়াৰ আনুসংগিক সকলো তথ্য লাভ কৰিব পাৰে৷

অংশগ্ৰহণকাৰীৰ সৈতে বাৰ্তালাপ কৰি নৰেন্দ্ৰ মোদীয়ে কয় যে যুৱচামৰ মাজত নতুন উদ্ভাৱন আৰু প্ৰতিযোগিতামূলক মনোভাৱক উদগণি যোগাবলৈ চৰকাৰে অটল নিউ ইণ্ডিয়া চেলেঞ্জ, স্মাৰ্ট ইণ্ডিয়া হেকাথন আৰু এগ্ৰিকালচাৰ গ্ৰেণ্ড চেলেঞ্জৰ দৰে বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে এইকথাও উল্লেখ কৰে যে ছিংগাপুৰ আৰু ভাৰতৰ উদ্ভাৱকসকলৰ মাজত স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ দৰে প্ৰতিযোগিতা আয়োজনক লৈ তেওঁ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰিছে৷

দেশত নতুন উদ্ভাৱনক সকলো সময়তে উৎসাহিত কৰিবলৈ চৰকাৰ সংকল্পবদ্ধ বুলি প্ৰধানমন্ত্ৰীয়ে পুনৰ সোঁৱৰাই দিয়ে৷ যুৱচামক গৱেষণা আৰু উদ্ভাৱনীমূলক চিন্তাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চৰকাৰে দেশৰ ভিন্ন প্ৰান্তত ৮ খন গৱেষণা পাৰ্ক আৰু ২৫০০খন অটল টিংকাৰিং লেব স্থাপন কৰিছে৷

কৃষি খণ্ডত পৰিৱৰ্তন সাধনৰ বাবে নতুন নতুন ধাৰণা সৃষ্টি কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক আহ্বান জনায়৷ তেওঁ কয় যে ‘মেক ইন ইণ্ডিয়া’ৰ সমান্তৰালকৈ ‘ডিজাইন ইন ইণ্ডিয়া’ৰ ধাৰণাও অত্যন্ত আৱশ্যক৷

প্ৰধানমন্ত্ৰীৰ সৈতে মত-বিনিময় কৰি যুৱ উদ্ভাৱকসকলে কয় যে ষ্টাৰ্ট-আপ ইণ্ডিয়া আঁচনিৰ অধীনত বিভিন্ন কাৰ্যসূচীয়ে তেওঁলোকক নতুন ষ্টাৰ্ট-আপ স্থাপনত যথেষ্ট পৰিমাণে সহায় কৰিছে৷ উদ্যোগী আৰু উদ্ভাৱকসকলেও বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ উদ্ভাৱনৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰায়৷ বিভিন্ন অটল টিংকাৰিং লেবৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁলোকৰ উদ্ভাৱনৰ বিষয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে ছাত্ৰী-ছাত্ৰীসকলৰ বৈজ্ঞানিক দক্ষতাক প্ৰশংসা কৰে আৰু তেওঁলোকক নতুন নতুন উদ্ভাৱনৰ সৈতে জড়িত থাকিবলৈ উৎসাহ যোগায়৷.

প্ৰধানমন্ত্ৰীয়ে ‘ইনোভেট ইণ্ডিয়া’ক এক গণ আন্দোলনত পৰিণত কৰিবলৈ দেশবাসীক আহ্বান জনায়৷ জনসাধাৰণে তেওঁলোকৰ ধাৰণা আৰু উদ্ভাৱনীমূলক চিন্তাসমূহ হেছটেগ #InnovateIndiaৰ মাধ্যমেৰে শ্বেয়াৰ কৰিব পাৰে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘PM Modi is so popular’: Malaysian PM on Modi’s international appeal’

Media Coverage

‘PM Modi is so popular’: Malaysian PM on Modi’s international appeal’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on the Parkash Purab of Sri Guru Granth Sahib Ji
September 12, 2026

The Prime Minister, Shri Narendra Modi, extended greetings on the occasion of the Parkash Purab of Sri Guru Granth Sahib Ji.

The Prime Minister said that for centuries, Sri Guru Granth Sahib Ji has shown humanity the way of selfless service, human dignity and togetherness.

Shri Modi expressed hope that the sacred occasion would inspire everyone to deepen these values in society and build a more compassionate and harmonious world.

The Prime Minister wrote on X;

“Greetings on the Parkash Purab of Sri Guru Granth Sahib Ji.

For centuries, it has shown humanity the way of selfless service, human dignity and togetherness.

May this sacred occasion inspire us to deepen these values in our society and build a more compassionate and harmonious world.”