Self confidence comes by challenging ourselves and working hard. We should always think of bettering ourselves: PM 
Do not compete with others, compete with yourself: PM Modi
I request parents not to make the achievements of their child a matter of social prestige. Every child is blessed with unique talents, nurture them: PM 
One time table or a schedule can’t be appropriate for the full year. It is essential to be flexible and make best use of one’s time: PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টাউনহলত ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰীক্ষা সম্পৰ্কীয় এক বাৰ্তালাপত মিলিত হয়। তেওঁ নতুন দিল্লীৰ টালাকাটৰা ষ্টেডিয়ামৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ পৰা বহুকেইটা প্ৰশ্ন গ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসমূহে বিভিন্ন টিভি চেনেল, ‘নৰেন্দ্ৰ মোদী এপ’ আৰু ‘মাইগভ’ মঞ্চযোগেও প্ৰশ্ন উত্থাপন কৰে।

বাৰ্তালাপৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা তেওঁলোকৰ পৰিয়ালৰ বন্ধু হিচাপে টাউনহললৈ আহিছে। তেওঁ কয় যে তেওঁ বিভিন্ন মাধ্যমৰ যোগেদি দেশৰ ১০ কোটি লোকৰ সৈতে কথা পাতিছে।তেওঁৰ নিজৰ মাজৰ ছাত্ৰজনক আজিলৈকে জীয়াই ৰাখিব পৰাৰ মূল্যবোধৰ শিক্ষা দিয়াৰ বাবে নিজৰ শিক্ষাগুৰুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।তেওঁ সকলোকে নিজৰ মাজৰ ছাত্ৰজনক সদায় জীয়াই ৰাখিবলৈ আহ্বান জনায়।

প্ৰায় দুঘন্টীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে আশংকা, ভয়, মনোযোগ, আনুসঙ্গিক হেঁচা, অভিভাৱকৰ উচ্চাকাঙ্ক্ষা, শিক্ষকৰ ভূমিকা আদি বিভিন্ন বিষয়ৰ প্ৰশ্নৰ উত্তৰ দিয়ে।তেওঁৰ উত্তৰসমূহ সৰস তথা উদাহৰণেৰে ভৰা আছিল।

পৰীক্ষাৰ হেঁচা আৰু ভয় নোহোৱা কৰি আত্মবিশ্বাস গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁ স্বামী বিবেকানন্দৰ উদ্ধৃতি দিয়ে। প্ৰাণনাশক আঘাতৰ সন্মূখীন হৈও কেৱল এঘাৰ মাহৰ পিছতেই চলিত শীতকালীন অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা কানাডাৰ স্ন’বৰ্ডাৰ মাৰ্ক মেকমৰিছৰো উদাহৰণ দিয়ে।

মনোযোগৰ বিষয়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘মন কী বাত’ অনুষ্ঠানত বিখ্যাত ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰে কোৱা কথা স্মৰণ কৰি কয় যে তেণ্ডুলকাৰে অতীত বা ভৱিষ্যতৰ কথা নাভাৱে আৰু এই মুহূৰ্ত্তত খেলি থকা বলটোৰ প্ৰতিহে মনোযোগ দিয়ে।প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোগভ্যাসেও মনোযোগ বৃদ্ধিত সহায় কৰিব পাৰে।

পৰীক্ষাৰ হেঁচাৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ‘প্ৰতিস্পৰ্ধা’তকৈ ‘অনুস্পৰ্ধা’ৰ প্ৰয়োজনীয়তা বেছি।আনৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাতকৈ নিজকে আগতকৈ ভাল কৰিবলৈহে যত্ন কৰিব লাগে।

সকলো অভিভৱকেই নিজৰ সন্তানৰ বাবে বহু ত্যাগ স্বীকাৰ কৰে। তেওঁ অভিভাৱকসকলক তেওঁলোকৰ সন্তানৰ সফলতাক সামাজিক অৱস্থানৰ বিষয় নকৰিবলৈ আহ্বান জনায়। প্ৰতিজন শিশুৰেই কিবা নহয় কিবা এক স্বকীয় প্ৰতিভা থাকে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিজন ছাত্ৰৰ জীৱনৰ বৌদ্ধিক আৰু আৱেগিক অৱস্থাৰ কথাও উল্লেখ কৰে।

সময়ৰ সদব্যৱহাৰ সম্পৰ্কে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এখন সময়সূচী বা ৰুটীনেই গোটেই বছৰটোৰ কাৰণে উপযুক্ত নহয়। এইক্ষেত্ৰত কিছু শিথিলভাৱে সময়ৰ সদব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auto PLI disbursals to reach Rs 4,000 crore in FY27

Media Coverage

Auto PLI disbursals to reach Rs 4,000 crore in FY27
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥