ভুটানৰ মাননীয় প্ৰধানমন্ত্ৰী ডঃ লোটে শ্বেৰিং, নেচনেল এছেম্বলী আৰু নেচনেল কাউন্সিল অব্ ভুটানৰ মাননীয় সদস্যসকল, সন্মানীয় উপাচাৰ্য তথা ৰয়েল ইউনিভাৰ্ছিটী অব্ ভুটানৰ শিক্ষক সদস্যসকল,

মোৰ যুৱ বন্ধুসকল,

কুজ’ জাংপ’ লা৷ নমস্কাৰ৷ ৰাতিপুৱা আপোনালোকৰ সৈতে ইয়াত উপস্থিত থাকিবলৈ পাই সুখী অনুভৱ কৰিছো৷ মই নিশ্চিত যে আপোনালোকে হয়তো ভাবিছে যে আজি দেওবাৰেও বক্তৃতা শুনিবলৈ আহিবলগীয়া হৈছে৷ কিন্তু মই চমুকৈ আপোনালোকে অনুধাৱন কৰিব পৰাকৈ বিষয়সমূহ অৱতাৰণা কৰিম৷

বন্ধুসকল,

ভুটানলৈ অহা যিকোনো লোকে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, জনসাধাৰণৰ সৰলতাত বিমুগ্ধ হৈ ৰয়৷ কালি মই ভুটানৰ প্ৰাচীন ঐতিহ্যময় ছেমট’খা জঙত আছিলো৷ সেই ভ্ৰমণৰ সময়চোৱাত মই ভুটানৰ বৰ্তমানৰ নেতৃবৰ্গৰ সৈতে খুব সান্নিধ্যৰ পৰা সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিছিলো৷ মই পুনৰবাৰ তেওঁলোকৰ পৰা ভাৰত-ভুটান সম্বন্ধৰ নিৰ্দেশনা লাভ কৰিলো যি সদায়েই তেওঁলোকৰ নিকট আৰু ব্যক্তিগত আগ্ৰহৰ দ্বাৰা লাভান্বিত হয়৷

এতিয়া, আজি মই ভুটানৰ ভৱিষ্যতৰ সৈতে আছো৷ মই বিবিধতা আৰু শক্তি অনুভৱ কৰিবলৈ সমৰ্থ হৈছো৷ মই দৃঢ় বিশ্বাসী যে এই মহান ৰাষ্ট্ৰক এওঁলোকে পৰিধি প্ৰদান কৰিব৷ যেতিয়াই মই ভুটানৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত প্ৰত্যক্ষ কৰো তেতিয়াই মই গভীৰ আধ্যাত্মিকতা তথা তৰুণ তেজ দেখিবলৈ পাওঁ৷ এয়াও আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ এক শক্তিস্বৰূপ৷

বন্ধুসকল,

ভুটান আৰু ভাৰতৰ লোকে পৰস্পৰে পৰস্পৰৰ মাজত আকৰ্ষণ অনুভৱ কৰাটো স্বাভাৱিক৷ তাৰোপৰি আমি কেৱল আমাৰ ভৌগোলিকতাৰ বাবে পৰস্পৰৰ সান্নিধ্যলৈ অহা নাই, বৰঞ্চ আমাৰ ইতিহাস, সংস্কৃতি আৰু আধ্যাত্মিক পৰম্পৰায়ো দুয়োখন ৰাষ্ট্ৰৰ মাজত একক আৰু গভীৰ বান্ধোনৰ সৃষ্টি কৰিছে৷ ভাৰত সৌভাগ্যশালী যে ইয়াৰ ভূমিত ৰাজকুমাৰ সিদ্ধাৰ্থই বৌদ্ধত্ব লাভ কৰিছিল৷ আৰু তেওঁৰ আধ্যাত্মিক বাৰ্তাৰ আলোকৰ দ্বাৰা, বৌদ্ধৰ আলোকৰ দ্বাৰা সমগ্ৰ বিশ্ব আলোকিত হৈছিল৷ বৌদ্ধ প্ৰজন্ম, আধ্যাত্মিক নেতা, পণ্ডিত আৰু গৱেষকসকলে ভুটানত সেই শিখা প্ৰজ্বলিত কৰিছে৷ তেওঁলোকেও ভাৰত আৰু ভুটানৰ মাজত বিশেষ সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছে৷

ফলস্বৰূপে আমাৰ পৰস্পৰৰ মূল্যবোধে একক বিশ্ব মূল্যবোধলৈ পৰিৱৰ্তিত হৈছে৷ এয়া বাৰাণসী আৰু বৌদ্ধ গয়াত প্ৰত্যক্ষ হৈছে৷ জং আৰু ছ’ৰ্টেনতো প্ৰত্যক্ষ হৈছে৷ মানৱ হিচাপে আমি সেই মহান ঐতিহ্যৰ জীৱন্ত বাহন হোৱাৰ সৌভাগ্য লাভ কৰিছো৷ বিশ্বত ক’তো দুখন দেশে ইমান গভীৰভাৱে পৰস্পৰে পৰস্পৰৰ সৈতে সংযুক্ত হোৱা নাই৷ আৰু ক’তো দুখন এনে দেশ নাই য’ত তেওঁলোকৰ জনতাৰ উন্নতিৰ বাবে প্ৰাকৃতিক সহযোগিতা সংঘটিত হৈছে৷

বন্ধুসকল,

আজি ভাৰত বিভিন্ন ক্ষেত্ৰত ঐতিহাসিক পৰিৱৰ্তনৰ সাক্ষী হৈছে৷ ভাৰতে পূৰ্বৰ তুলনাত দ্ৰুত গতিত দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ সক্ষম হৈছে৷ যোৱা পাঁচ বছৰৰ আন্তঃগাঁথনিৰ নিৰ্মাণৰ দ্ৰুততা দুগুণ হৈছে৷ আমি প্ৰায় ১৫ বিলিয়ন ডলাৰৰ ভৱিষ্যত প্ৰজন্মৰ আন্তঃগাঁথনিৰ বাবে প্ৰতিজ্ঞা গ্ৰহণ কৰিছো৷ ভাৰত বিশ্বৰ বৃহত্তম স্বাস্থ্য সেৱাৰ গৃহ হিচাপে পৰিগণিত হৈছে, আয়ুষ্মান ভাৰতে ৫০০ মিলিয়ন ভাৰতীয়ক স্বাস্থ্য সুৰক্ষা প্ৰদান কৰিছে৷ ভাৰতত বিশ্বৰ ভিতৰতে কম খৰচী ডাটা সংযোগৰ সুবিধা আছে যি প্ৰত্যক্ষভাৱে তথা পৰোক্ষভাৱে লক্ষাধিক লোকক সৱলীকৰণ কৰিছে৷ ভাৰত বিশ্বৰ ভিতৰতে ষ্টাৰ্ট-আপ-পৰিবেশ তন্ত্ৰৰ বৃহত্তম গৃহলৈও পৰিৱৰ্তিত হৈছে৷ ভাৰতত উদ্ভাৱনৰ বাবে এয়াই উত্তম সময়! এইসমূহ আৰু বহুতো পৰিৱৰ্তনে ভাৰতৰ যুৱ প্ৰজন্মৰ সপোন আৰু প্ৰত্যাশা পূৰণ কৰিবলৈ সমৰ্থ হৈছে৷

বন্ধুসকল,

আজি, মই ভুটানৰ সৰ্বশ্ৰেষ্ঠ তথা উজ্বল প্ৰতিভাসমূহৰ মাজত উপস্থিত আছো৷ মাননীয় ৰজাই মোক কালি ক’লে যে তেওঁ আপোনালোকৰ সৈতে নিয়মীয়াকৈ কথা পাতে আৰু শেষৰটো অভিৱৰ্তনত আপোনালোকক সাক্ষাৎ কৰিছিল৷ আপোনালোকৰ মাজৰ পৰাই ভুটানৰ ভৱিষ্যতৰ নেতা, উদ্ভাৱক, ব্যৱসায়ী, ক্ৰীড়াবিদ, শিল্পী আৰু বিজ্ঞানী উদ্ভাসিত হৈ উঠিব৷

কিছুদিন পূৰ্বে মোৰ ভাল বন্ধু প্ৰধানমন্ত্ৰী ডঃ শ্বেৰিঙে ফে’চবুকত লিখা এটা পোষ্টে মোৰ হৃদয় স্পৰ্শ কৰিলে৷ সেই পোষ্টটোত তেওঁ এগজাম ৱাৰিয়ৰ্ছৰ বিষয়ে উল্লেখ কৰিছিল আৰু অলপতে আন এজন বিদ্যাৰ্থীয়েও সেই কিতাপখনৰ বিষয়ে উল্লেখ কৰিলে৷ এগজাম ৱাৰিয়ৰ্ছ কিতাপখনত মই উদ্বিগ্নবিহীনভাৱে কিদৰে পৰীক্ষাত বহিব পাৰি সেই বিষয়ে লিখিছিলো৷ সকলোৱেই বিদ্যালয়, মহাবিদ্যালয় আৰু জীৱনৰ বৃহৎ শ্ৰেণীকোঠাত পৰীক্ষাৰ সন্মুখীন হৈছে৷ মই আপোনালোকক এটা কথা ক’ব পাৰোনে? এগজাম ৱাৰিয়ৰ্ছ কিতাপখনত লিখা অধিকাংশ কথায়েই ভগৱান বুদ্ধৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে৷ বিশেষকৈ ধনাত্মকৰ গুৰুত্ব, উদ্বেগ-পৰিহাৰ আৰু অনন্য জীৱন-যাপন, বৰ্তমানৰ মুহূৰ্ত জীৱন-যাপন অথবা প্ৰকৃতিৰ সৈতে জীৱন-যাপন আদিসমূহ৷ আপোনালোকে এই মহান ভূমিত জন্ম গ্ৰহণ কৰিছে৷

গতিকে এই স্বকীয়তাসমূহ আপোনালোকৰ তাত স্বাভাৱিকতেই বিদ্যমান আৰু ইয়েই আপোনালোকৰ ব্যক্তিত্ব গঢ়িছে৷ যেতিয়া মই তৰুণ আছিলো, এই স্বকীয়তাৰ সন্ধানত হিমালয়লৈ গৈছিলো! এই আশীৰ্বাদপুষ্ট ভূমিৰ সন্তান হিচাপে, মই নিশ্চিত যে আপোনালোকে আমাৰ বিশ্বক সমাধান সন্ধান কৰাৰ পথ প্ৰদৰ্শিত কৰিব পাৰিব৷ হয়, আমাৰ প্ৰত্যাহ্বানসমূহ আছে৷ কিন্তু প্ৰত্যেক প্ৰত্যাহ্বানৰ বাবে আমাৰ তৰুণ মানসিকতা আছে যিয়ে উদ্ভাৱনী সমাধান সন্ধান কৰে আৰু ইয়াক অতিক্ৰম কৰে৷ কোনো প্ৰতিবন্ধকতাই আপোনালোকক বাধা দিব নোৱাৰে৷ মই আপোনালোকক ক’ব বিচাৰিছো যে এই সময়চোৱাতকৈ অধিক উন্নত সময় আৰু নাই! আজি বিশ্বই পূৰ্বৰ তুলনাত অধিক সুবিধা প্ৰদান কৰিছে৷ আপোনালোকৰ অনন্য কাম কৰাৰ শক্তি আৰু সম্ভাৱনীয়তা আছে যি অনাগত প্ৰজন্মক প্ৰভাৱান্বিত কৰিব৷ আপোনালোকে প্ৰকৃত আহ্বান সন্ধান কৰক আৰু সম্পূৰ্ণ অনুৰাগেৰে ইয়াক পূৰ্ণ কৰক৷

বন্ধুসকল,

ভাৰত-ভুটানৰ হাইড্ৰ’-পাৱাৰ আৰু শক্তিৰ সহযোগিতা আদৰ্শমূলক৷ কিন্তু শক্তিৰ মূল সহযোগিতা আমাৰ জনতাৰ সম্পৰ্কৰ মাজত আছে৷ সেয়ে প্ৰথমে জনসাধাৰণ আৰু জনসাধাৰণে সদায়েই এই সম্পৰ্কত প্ৰাধান্য পাব৷ এই ভ্ৰমণৰ সময়চোৱাত এই জ্যোতি দেখিবলৈ পোৱা হৈছে৷ পৰম্পৰাগত ক্ষেত্ৰীয় সহযোগিতাৰ ঊৰ্ধলৈ গৈ আমি নতুন সীমা, বিদ্যালয়ৰ পৰা মহাকাশলৈ, ডিজিটেল লেনদেনৰ পৰা দুৰ্যোগ প্ৰশমনলৈ আমি সহযোগিতা সন্ধান কৰিছো৷ এই ক্ষেত্ৰসমূহত আমাৰ সহযোগিতাই আপোনালোকৰ দৰে তৰুণসকলক প্ৰত্যক্ষভাৱে প্ৰভাৱান্বিত কৰিব৷ মোক কিছু উদাহৰণ দিবলৈ দিয়ক৷ এই সময়চোৱাত পণ্ডিত আৰু শিক্ষাবিদসকলৰ সৈতে সীমাৰ ঊৰ্ধলৈ গৈ সংযোগ কৰাটো আৱশ্যক যাতে আমাৰ বিদ্যাৰ্থীসকলৰ সৃজনীশীলতা আৰু প্ৰতিভাই বিশ্বত সৰ্বশ্ৰেষ্ঠ হৈ উদ্ভাসিত হ’ব পাৰে৷ কালি বাস্তৱায়িত হোৱা ভাৰতৰ নেচনেল নলেজ নেটৱৰ্ক আৰু ভুটানৰ ড্ৰাকৰেনৰ সহযোগিতাই এই উদ্দেশ্য সাধন কৰিব৷ ইয়াৰ জৰিয়তে আমাৰ বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান, পুথিভঁৰাল, স্বাস্থ্য সেৱা আৰু কৃষি প্ৰতিষ্ঠানসমূহৰ মাজত সুৰক্ষিত আৰু দ্ৰুত সংযোগ স্থাপন হ’ব৷

বন্ধুসকল,

অন্য এটা উদাহৰণ হ’ল মহাকাশৰ অভিগমন৷ অলপতে ভাৰতে দ্বিতীয়টো চন্দ্ৰ অভিযান, চন্দ্ৰায়ন-২ চন্দ্ৰলৈ প্ৰেৰণ কৰিলে৷ ২০২২ চনৰ ভিতৰত আমি এখন ভাৰতীয় মহাকাশ যানত এজন ভাৰতীয়ক মহাকাশলৈ প্ৰেৰণৰ পৰিকল্পনা কৰিছো৷ এই সকলোবোৰ ভাৰতৰ নিজা সাফল্যৰ পৰিণাম৷ আমাৰ বাবে এই মহাকাশ অভিযান কেৱল ৰাষ্ট্ৰৰ গৌৰৱৰ কথা নহয়, ই ৰাষ্ট্ৰৰ বিকাশ আৰু বিশ্ব সহযোগিতাৰ বাবেও সমানেই গুৰুত্বপূৰ্ণ৷

বন্ধুসকল,

কালি প্ৰধানমন্ত্ৰী শ্বেৰিং আৰু মই দক্ষিণ এছিয়া উপগ্ৰহৰ থিম্ফু ভূমি কেন্দ্ৰ মুকলি কৰিলো আৰু আমাৰ মহাকাশ সহযোগিতাৰ সম্প্ৰসাৰণ কৰিলো৷ উপগ্ৰহৰ জৰিয়তে দুৰ্গম অঞ্চললৈ টেলি-মেডিচিন, দূৰ শিক্ষা, সম্পদ মেপিং, বতৰৰ আগজাননী আৰু প্ৰাকৃতিক দুৰ্যোগৰ আগলী বতৰাৰ বিষয়ে জানিব পৰা হ’ব৷ এয়া অতিশয় আনন্দৰ কথা যে ভুটানৰ তৰুণ বিজ্ঞানীসকলে ভাৰতলৈ ডিজাইনিঙৰ বাবে ভ্ৰমণ কৰি নিজৰ সৰু উপগ্ৰহ উৎক্ষেপন কৰিব৷ মই আশা কৰিছো, আপোনালোকৰ মাজৰ পৰা বিজ্ঞানী, অভিযন্তা আৰু উদ্ভাৱক উদ্ভাসিত হৈ ওলাব৷

বন্ধুসকল,

শতিকাজুৰি ভাৰত আৰু ভুটানৰ মাজত শিক্ষাই সম্পৰ্ক সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ পুৰণি সময়ত বৌদ্ধ শিক্ষাবিদ আৰু পণ্ডিতসকলে আমাৰ জনসাধাৰণৰ মাজত শিক্ষাৰ সাঁকোৰ সৃষ্টি কৰিছিল৷ এয়া অমূল্য পৰম্পৰা যাক আমি সংৰক্ষণ আৰু প্ৰচাৰ কৰিব লাগে৷ গতিকে আমি ভুটানৰ পৰা বৌদ্ধ শিক্ষাৰ্থীসকলক ঐতিহাসিক বৌদ্ধ পৰম্পৰাৰ শিক্ষণ স্থান নালন্দা বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ জনাইছো যি পোন্ধৰশ বছৰ পূৰ্বে স্থাপিত হৈছিল৷ আমাৰ মাজৰ শিক্ষণৰ এই বান্ধোন পুৰণিৰ দৰেই এতিয়াও প্ৰাসংগিক হৈ আছে৷ বিংশ শতিকাত বহু ভাৰতীয়ই ভুটানলৈ শিক্ষক হিচাপে আহিছিল৷ ভুটানৰ অধিকাংশ পুৰণি নাগৰিকেই অতি কমেও এজনকৈ ভাৰতীয় শিক্ষক লাভ কৰিছে৷ ইয়াৰে কিছুমানক যোৱা বৰ্ষত মাননীয় ৰজাই সন্মানিত কৰিছে৷ আমি তেওঁৰ এই মহান কাৰ্যত কৃতজ্ঞতা প্ৰকাশ কৰিছো৷

বন্ধুসকল,

ভুটানৰ চাৰি হাজাৰতকৈও অধিক শিক্ষাৰ্থীয়ে ভাৰতত শিক্ষা গ্ৰহণ কৰি আছে৷ এই সংখ্যা আৰু অধিক বৃদ্ধি হোৱা উচিত৷ আমি দেশৰ উত্তৰণৰ দিশলৈ আগুৱাই যোৱাৰ মুহূৰ্তত সদা-পৰিৱৰ্তনীয় প্ৰযুক্তিৰ কথাও মনত ৰখা উচিত৷ সেইবাবে এয়া গুৰুত্বপূৰ্ণ যে আমি প্ৰযুক্তি তথা শিক্ষাৰ সকলো ক্ষেত্ৰতে সহযোগিতা প্ৰদান কৰা উচিত৷ মই সুখী যে কালি আমি এই প্ৰখ্যাত বিশ্ববিদ্যালৰ সৈতে ভাৰতৰ প্ৰিমিয়াৰ আই আই টিৰ সংযোগৰ নতুন অধ্যায় মুকলি কৰিলো৷ আমি আশা প্ৰকাশ কৰিছো যে ই গৱেষণা আৰু শিক্ষাৰ সহযোগিতাক নতুন দিশ প্ৰদান কৰিব৷

বন্ধুসকল,

বিশ্বৰ যিকোনো প্ৰান্ততে যদি আমি এনেদৰে প্ৰশ্ন কৰো যে ভুটানৰ সৈতে আপুনি কিহত সহযোগিতা প্ৰদান কৰিব, ইয়াৰ উত্তৰ হ’ব মুঠ ৰাষ্ট্ৰীয় সুখ (Gross National Happiness)৷ মই আচৰিত হোৱা নাই৷ ভুটানে সুখৰ মাহাত্ম বুজ পাইছে৷ ভুটানে সমন্বয়, সহযোগিতা আৰু সহানুভূতিশীলতাৰ মাহাত্ম অনুধাৱন কৰিব পাৰিছে৷ এই মাহাত্ম প্ৰতিফলিত হৈছে সেই মৰম লগা শিশুকেইটাৰ মুখত যি কালি মোক আদৰণি জনাবলৈ পথত শাৰী শাৰীকৈ থিয় দিছিল৷ মই সদায়েই তেওঁলোকৰ সেই হাঁহিটো মনত ৰাখিম৷

বন্ধুসকল,

স্বামী বিবেকানন্দই কৈছিল, ‘‘প্ৰত্যেকখন দেশৰে এটা বাৰ্তা থাকে, পূৰণ কৰিবলৈ এটা অভিযান থাকে, প্ৰাপ্ত কৰিবলৈ ভাগ্য থাকে৷’’ ভুটানৰ মানৱীয়তাৰ বাৰ্তা হ’ল সুখ৷ সুখে সমন্বয় বিলায়৷ সুখী বিশ্বই বহু কাম কৰিব পাৰে৷ সুখে মনৰ তিক্ততা দূৰ কৰে৷ যদি জনসাধাৰণ সুখী তেন্তে তাত সমন্বয় থাকিব আৰু য’ত সমন্বয় থাকিব তাত শান্তি থাকিব৷ আৰু ইয়াৰ জৰিয়তে সমাজ এখনে বহনক্ষম উন্নতি লাভ কৰিব৷ য’ত প্ৰায়েই দেখা যায় যে বিকাশে পৰম্পৰা আৰু পৰিবেশৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে, এনেক্ষেত্ৰত বিশ্বই ভুটানৰ পৰা শিকিবলগীয়া যথেষ্ট আছে৷ ইয়াত বিকাশে পৰিবেশ আৰু পৰম্পৰাৰ মাজত সংঘাতৰ সৃষ্টি কৰা নাই, সহযোগিতাহে প্ৰদান কৰিছে৷ এই সৃজনীশীলতা, শক্তি আৰু আমাৰ তৰুণসকলৰ প্ৰতিশ্ৰুতিৰ সৈতে আমাৰ ৰাষ্ট্ৰই বহনক্ষম ভৱিষ্যতৰ প্ৰয়োজনীয় সকলো সিদ্ধি লাভ কৰিব পাৰিব- লাগিলে সেয়া জল সংৰক্ষণেই হওক অথবা বহনক্ষম কৃষি অথবা আমাৰ সমাজক প্লাষ্টিকমুক্ত কৰাই হওক৷

বন্ধুসকল,

মোৰ যোৱাবাৰৰ ভুটান ভ্ৰমণৰ সময়ত মই গণতন্ত্ৰৰ মন্দিৰ ভুটানৰ সংসদ ভৱন পৰিদৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছিলো৷ আজি মই শিক্ষাৰ মন্দিৰ ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছো৷ আজি আমাৰ শ্ৰোতা হিচাপে ভুটানৰ মাননীয় সংসদসকলো উপস্থিত আছে৷ মই তেওঁলোকক বিশেষভাৱে ধন্যবাদ প্ৰদান কৰিছো৷ গণতন্ত্ৰ আৰু শিক্ষাৰ মূল উদ্দেশ্য হ’ল আমাক স্বাধীন কৰা৷ এটা আনটোক বাদ দি সম্পূৰ্ণ নহয়৷ আৰু দুয়োটাই আমাৰ সম্পূৰ্ণ সম্ভাৱনীয়তাক লাভ কৰাত সহায় কৰে৷ শিক্ষাৰ এই মন্দিৰে পুনৰবাৰ আমাৰ উৎসুকতাক স্বাধীনতা প্ৰদান কৰিব আৰু আমাৰ মনৰ মাজৰ শিক্ষাৰ্থীসকলক জীয়াই ৰাখিব৷

ভুটানে এই প্ৰয়াসত উদ্ভাসিত হোৱা সময়ত আপোনালোকৰ ১.৩ বিলিয়ন ভাৰতীয় বন্ধুৱে কেৱল চাই নাথাকি আপোনালোকৰ সৈতে আনন্দত জপিয়াই উঠিব৷ তেওঁলোকে সহযোগিতাও প্ৰদান কৰিব, বিনিময়ো কৰিব আৰু আপোনালোকৰ পৰা শিকিবও৷ এইখিনিৰে সৈতে মই ভুটানৰ ৰয়েল ইউনিভাৰ্ছিটীৰ আচাৰ্য ভুটানৰ মাননীয় ৰজা, উপাচাৰ্য আৰু বিশ্ববিদ্যালয়ৰ শিক্ষকবৃন্দ আৰু মোৰ তৰুণ বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছো৷

আপোনালোকে মোক নিমন্ত্ৰিত কৰি তথা ইমান মনোযোগেৰে আৰু অনুৰাগেৰে শুনি সন্মান প্ৰদৰ্শন কৰিলে৷ মই ইয়াৰ পৰা ইমান ধনাত্মক শক্তি আৰু সুখ লৈ উভতি যামগৈ৷

আপোনালোকলৈ ধন্যবাদ৷

তাশ্বি ডেলেক!        

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Slovak nationals welcome PM Modi with Vande Mataram, folk dance performances

Media Coverage

Slovak nationals welcome PM Modi with Vande Mataram, folk dance performances
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reaffirms commitment to building next-generation infrastructure for Viksit Bharat
June 16, 2026

The Prime Minister, Shri Narendra Modi has said that the last decade has witnessed record infrastructure upgrading. He has reiterated the Government’s commitment to building next-generation infrastructure for the people of the nation to realise the vision of a Viksit Bharat.

In a post on X, the Prime Minister said:

“The last decade has witnessed record infrastructure upgrading. We are committed to building next-generation infrastructure for the people of our nation to realise our vision of a Viksit Bharat.

#12YearsOfNayaBharatNirman”