প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ তালকাটৰা ষ্টেডিয়ামত পৰীক্ষা পে চৰ্চা ২.০ৰ কাৰ্যসূচীৰ অধীনত শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ নব্বৈ মিনিটজোৰা এই আলোচনাত শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকলে যথেষ্ট সপ্ৰতিভভাৱে তথা হাঁহি–আনন্দৰে পাৰ কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ দূৰদৃষ্টিক যথেষ্ট প্ৰশংসাও কৰে৷

 

এই বৰ্ষত এই অনুষ্ঠানত দেশৰ লগতে বিদেশৰো শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে৷

তেওঁ পৰীক্ষা পে চৰ্চা টাউনহ’লক মিনি–ইণ্ডিয়া বুলি অভিহিত কৰে৷ ই ভাৰতৰ ভৱিষ্যতক প্ৰতিনিধিত্ব কৰিছে বুলিও তেওঁ মন্তব্য কৰে৷ অভিভাৱক তথা শিক্ষকসকল এই কাৰ্যসূচীৰ অংশীদাৰ হোৱা বাবে তেওঁ সন্তোষ প্ৰকাশ কৰে৷

এগৰাকী শিক্ষকে প্ৰধানমন্ত্ৰীক এই বিষয়ে প্ৰশ্ন সোধে যে যিসকল অভিভাৱকে তেওঁলোকৰ সন্তানৰ পৰীক্ষাক লৈ উদ্বিগ হয় তথা অবাস্তৱ প্ৰত্যাশা পুহি ৰাখে, সেই সন্দৰ্ভত শিক্ষকসকলে তেওঁলোকক কি কোৱা উচিত৷ ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা এগৰাকী শিক্ষাৰ্থীয়েও তেওঁক একে ধৰণৰেই প্ৰশ্ন সোধে৷ ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ পৰীক্ষাৰ দ্বাৰা সম্পূৰ্ণভাৱে প্ৰভাৱান্বিত নহ’বলৈ উপদেশ নিদিয়ে, পৰীক্ষাৰ বিষয় সন্দৰ্ভত জ্ঞান থকাটো অতি আৱশ্যক বুলি তেওঁ কয়৷ তেওঁ উপস্থিতসকলক প্ৰশ্ন কৰে যে এই পৰীক্ষা জীৱনৰ পৰীক্ষা নে দশম অথবা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা? তেওঁ কয় যে এবাৰ বিষয়বস্তু অনুধাৱন কৰাৰ পিছত এই উদ্বিগ্নতা হ্ৰাস হয়৷

প্ৰধানমন্ত্ৰীয়ে অভিভাৱকসকলক তেওঁলোকৰ সন্তানৰ পৰা নিজৰ অপূৰ্ণ সপোন বাস্তৱায়িত কৰাৰ বাবে আশা নকৰিবলৈ আহ্বান কৰে৷ প্ৰত্যেক শিশুৰে নিজা কাৰ্যদক্ষতা আৰু শক্তি আছে আৰু ইয়াক অনুধাৱন কৰাটো অতিশয় প্ৰয়োজনীয়, প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰত্যাশা আৱশ্যম্ভাৱী৷ আমি অসুখী পৰিবেশত বাস কৰিব নোৱাৰো৷

উদ্বেগ সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে শিশুসকলৰ দক্ষতা অভিভাৱকৰ বাবে ভিজিটিং কাৰ্ডস্বৰূপ হোৱা অনুচিত৷ এই ধৰণৰ লক্ষ্যৰ দ্বাৰা প্ৰত্যাশাসমূহ অবাস্তৱ হৈ উঠে বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ কয়, কিছুমান মানুহে ভাবে যে মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে প্ৰত্যাশা বৃদ্ধি কৰিছে৷ ১.২৫ বিলিয়ন ভাৰতীয়ৰ ১.২৫ বিলিয়ন প্ৰত্যাশা থকাটো উচিত বুলি তেওঁ মন্তব্য কৰে৷ এই ধৰণৰ প্ৰত্যাশাসমূহ প্ৰকাশ কৰা উচিত আৰু সেই প্ৰত্যাশাসমূহ পূৰণৰ দিশত আমি আমাৰ সামৰ্থ বৃদ্ধি কৰা উচিত বুলি তেওঁ কয়৷

এগৰাকী অভিভাৱকে এসময়ত পঢ়াত ভাল তেওঁ সন্তানে এতিয়া অনলাইন গেমছত ব্যস্ত বুলি উদ্বেগ প্ৰকাশ কৰে৷ ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় প্ৰযুক্তিৰ সংস্পৰ্শ শিক্ষাৰ্থীৰ বাবে বেয়া বুলি তেওঁ বিশ্বাস নকৰে৷ বৰঞ্চ তেওঁ ইয়াক ভাল বুলিহে প্ৰকাশ কৰে৷ কিন্তু প্ৰযুক্তি মনৰ প্ৰসাৰণৰ বাবে ব্যৱহাৰ হোৱা উচিত বুলি তেওঁ মন্তব্য কৰে৷ ই উদ্ভাৱনমূলক হোৱা উচিত৷ প্লে’ষ্টেচন ভাল কিন্তু আমি খেল পথাৰখনকো পাহৰিব নালাগে বুলি তেওঁ মন্তব্য কৰে৷

সময় ব্যৱস্থাপনা আৰু অৱসাদ সন্দৰ্ভত উত্থাপিত হোৱা এটা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে ১.২৫ বিলিয়ন ভাৰতীয়ই তেওঁৰ পৰিয়ালৰ দৰে৷ তেওঁ কয় যে যেতিয়া এজনে ভাবে আৰু পৰিয়ালৰ বাবে কাম কৰে, তেন্তে তেওঁ কিদৰে অৱসাদ অনুভৱ কৰিব পাৰে? প্ৰতিটো নতুন দিনেই নতুন উদ্দীপনাৰ সঞ্চাৰ কৰে বুলি তেওঁ মন্তব্য কৰে৷

শিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰে যে অধ্যয়ন কিদৰে আমোদজনক হ’ব পাৰে আৰু পৰীক্ষাই কিদৰে কাৰোবাৰ ব্যক্তিত্ব উত্তৰণ কৰিব পাৰে? প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰকৃতাৰ্থত পৰীক্ষণ আৰু পৰীক্ষা লোৱাটো গুৰুত্বপূৰ্ণ৷ পৰীক্ষাই এজন ব্যক্তিক শক্তিশালী কৰে আৰু ইয়াক অৱজ্ঞা কৰাটো উচিত নহয় বুলি তেওঁ কয়৷

 

বিষয় আৰু কেৰিয়াৰ সন্দৰ্ভত শিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰীৰ পৰা উপদেশ বিচাৰে৷ তাৰোপৰি তেওঁলোকে কয় যে প্ৰত্যেক শিক্ষাৰ্থীৰেই ভিন্ন দক্ষতা আছে, তেন্তে প্ৰতিজন শিক্ষাৰ্থীয়ে কিদৰে অংক আৰু বিজ্ঞানত সমানে ভাল হ’ব পাৰে? ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে চিন্তা আৰু আস্থা স্পষ্ট হোৱা উচিত৷ হয়, বিজ্ঞান আৰু অংক গুৰুত্বপূৰ্ণ, কিন্তু এনে আন বহু বিষয় আছে য’ত বুৎপত্তি লাভ কৰিব পাৰি৷ এনে বহু ক্ষেত্ৰ আছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷

এগৰাকী শিক্ষাৰ্থীয়ে পূৰ্বৰ টাউন হ’লৰ বাৰ্তালাপৰ কথা সোঁৱৰণ কৰি কয় যে ইয়াৰ পিছত তেওঁৰ অভিভাৱক যথেষ্ট চিন্তামুক্ত হৈছে৷ তেওঁ কয় যে অভিভাৱকৰ ধনাত্মক আচৰণে সন্তানক বৃহৎ ধৰণে উপকৃত কৰিব পাৰে৷

শিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰীক সন্তানসকলক উৎসাহিত কৰাৰ প্ৰয়োজনীতাৰ বিষয়ে উল্লেখ কৰে৷ ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিযোগিতা আনৰ সৈতে নহয়, নিজৰ সৈতে কৰা উচিত৷ তেওঁ কয় যে যেতিয়া নিজে নিজৰ পুৰণা অভিলেখৰ সৈতে প্ৰতিযোগিতা কৰে তেতিয়া নিৰাশাবাদ আৰু ঋণাত্মকতা নিজেই আঁতৰি যাব৷

শিক্ষাৰ্থীসকলে শিক্ষা ব্যৱস্থাৰ উত্তৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোকপাত কৰাৰ লগতে পৰীক্ষা কেৱল শিক্ষাৰ্থীৰ মুখস্থৰ আহিলা হোৱাৰ পৰিৱৰ্তে শিক্ষাৰ্থীয়ে কি শিকিছে সেয়া প্ৰদৰ্শিত কৰাৰহে আহিলা হোৱা সম্পৰ্কে মতামত প্ৰদান কৰে৷

ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ শিক্ষা কেৱল পৰীক্ষাতেই সীমাৱদ্ধ নহয়৷ আমাৰ শিক্ষাই জীৱনৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’ব পৰাকৈ সজ্বিত হ’ব লাগে বুলি তেওঁ মন্তব্য কৰে৷

 

উদ্বেগ সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে আমাৰ দৰে ৰাষ্ট্ৰত এয়া চিন্তাৰ বিষয় হৈ পৰিছে বুলি কয়৷ তেওঁ কয় যে ভাৰতীয় সংস্কৃতিয়ে ইয়াৰ সৈতে সহযোগিতা প্ৰকাশ কৰিলৈ শিকাইছে৷ যিমানেই আমি ইয়াৰ বিষয়ে মুকলিকৈ আলোচনা কৰিম সিমানেই আমি ইয়াৰ পৰা মুক্ত হ’ব পাৰিম বুলি তেওঁ কয়৷

তেওঁ কয় যে এজন ব্যক্তি হঠাতে হতাশ হৈ নপৰে৷ হতাশাৰ দিশলৈ অগ্ৰসৰ হোৱাৰ কিছুমান সংকেত আছে৷ সেই সংকেতসমূহ অৱজ্ঞা কৰাটো ভাল কথা নহয়৷ ইয়াৰ পৰিৱৰ্তে আমি এই বিষয়ে কথা পাতিব লাগে, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ এই ক্ষেত্ৰত পৰামৰ্শ সেৱাই সমস্যাসমূহ আঁতৰ কৰাত সহায় কৰিব পাৰে বুলি তেওঁ কয়৷     

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi calls upon people to celebrate National Handloom Day by showcasing India's rich handloom heritage
August 06, 2026

The Prime Minister, Shri Narendra Modi, has called upon citizens to celebrate National Handloom Day on 7th August by promoting India's rich and diverse handloom traditions.

“Share your videos with your favourite handloom products, including GRWM videos on social media”, Shri Modi said.

Shri Modi posted on X;

Tomorrow, 7th August is National Handloom Day. Let’s make India’s handloom diversity popular.

Share your videos with your favourite handloom products, including GRWM videos on social media.

Don’t forget to use #NationalHandloomDay.