PM Modi interacts with members of RWA and unauthorized colonies of Delhi
In a way a new rise of Delhi will be started through PM Uday Yojana: PM Modi
The government is committed to ensure a better future for the residets of Delhi: PM Modi

দিল্লীৰ অকৰ্তৃত্বশীল কলনিসমূহৰ সদস্যবৃন্দ তথা আবাসিক কল্যাণ সংস্থাৰ কর্মকর্তাসকলে কেন্দ্রীয় কেবিনেটে শেহতীয়াকৈ গ্ৰহণ কৰা এক ঐতিহাসিক সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্রীক সম্বর্ধনা জনায়। এই সিদ্ধান্ত অনুসৰি দিল্লীৰ এই অকৰ্তৃত্বশীল কলনিত বসাবাস কৰা চল্লিশ লাখ বাসিন্দাই বসবাসৰ স্বত্ব লাভ কৰাৰ লগতে সেয়া বন্ধক আৰু হস্তান্তৰৰ অধিকাৰ পাব৷

এই অনুষ্ঠানত কেন্দ্রীয় আবাস আৰু নগৰোন্নয়ন মন্ত্রী শ্রী হৰদীপ সিং পুৰী, দিল্লীৰ তিনিগৰাকী সাংসদ ক্ৰমে মনোজ তিৱাৰী, হংস ৰাজ হংস, বিজয় গোৱেলকে ধৰি একাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্রীয়ে কয় যে “সবকা সাথ সবকা বিকাশ”- এই উদ্দেশ্য লৈয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে ৰাজনীতিৰ ঊৰ্ধ্বত থাকি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজনৈতিক আনুগত্য, ধর্মীয় ভেদাভেদৰ ঊৰ্ধ্বত থাকি এই সিদ্ধান্ত কার্যকৰী কৰা হ’ব৷ স্থানীয় সাংসদ, বিধায়ক, কলনীৰ বাসিন্দাকে ধৰি সমাজৰ সকলোৰে সৈতে আলোচনা কৰি পিএম–উদয় প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে৷

প্ৰধানমন্ত্রীয়ে ইয়াক দিল্লীৰ সেই অঞ্চলবোৰৰ বাসিন্দাৰ জয় বুলি বর্ণনা কৰে৷ এই লোকসকলে তেওঁলোকৰ জীৱনলৈ পৰিৱর্তন অহাৰ আশাৰে অতীতত সকলো চৰকাৰৰ সৈতে সহযোগিতাৰ চেষ্টা কৰিছে৷ তেওঁ কয় যে চৰকাৰে এই সকল নাগৰিকৰ জীৱনত অনিশ্চয়তা বা অস্থায়ীত্ব অহাটো নিবিচাৰে৷ সেয়েহে তেওঁলোকে যেন স্বত্ব আৰু হস্তান্তৰৰ অধিকাৰ লাভ কৰে সেই লক্ষ্যৰে আইন গৃহীত কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত যুগ যুগ ধৰি তেওঁলোকে যি অনিশ্চয়তাত ভুগিছিল তাৰ অৱসান হ’ব আৰু তেওঁলোকৰ মনৰ পৰা উচ্ছেদৰ আশংকা নাইকিয়া হ’ব৷ তেওঁলোকৰ জীৱনত শান্তি বিৰাজ কৰিব। প্ৰধানমন্ত্রীয়ে কয়,” ইয়াৰ ফলত সমগ্ৰ দিল্লীৰ ভাগ্য সলনি হ’ব। দিল্লীৰ ভাগ্য যেতিয়ালৈকে সলনি নহয়, দেশৰ ভাগ্যও তেতিয়ালৈকে সলনি নহয়৷ “

কেইবা দশকৰ পাছত দেশৰ অৱক্ষয়ৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে স্বাধীনতাৰ পাছত দেশত সিদ্ধান্তহীনতা, সিদ্ধান্ত গ্ৰহণ নকৰা অথবা প্ৰসংগৰ পৰা আঁতৰি থকাৰ সংস্কৃতি চলিছিল। ইয়াৰ ফলত আমাৰ জীৱনত অনিশ্চয়তাই দেখা দিয়ে৷

জম্মু আৰু কাশ্মীৰৰ প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে সংবিধানৰ ধাৰা ৩৭০ৰ বাবে সেই অঞ্চলত সুস্থিৰতা নাছিল, বৰঞ্চ বিভ্রান্তিয়ে দেখা দিছিল৷ একেদৰে তিনি তালাকৰ বাবে বোৱাৰীসকলৰ জীৱন দুর্বিষহ হৈ পৰিছিল। চৰকাৰে এই ধৰণৰ বিসংগতি দূৰ কৰাৰ দৰে এই কলনিসমূহৰ চল্লিশ লাখ বাসিন্দাৰ উচ্ছেদিত হোৱাৰ আশংকা দূৰ কৰাৰ লক্ষ্যৰে কাম কৰিছে৷

প্ৰধানমন্ত্রীয়ে লগতে কয় যে মধ্যবিত্তৰ বাবে পলম হৈ থকা আবাস আঁচনি পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ফলত দেশৰ চাৰে চাৰি লাখ গৃহ ক্রেতাৰ সুবিধা হ’ব। তেওঁলোকে এতিয়া শান্তিত জীৱন নির্বাহ আৰম্ভ কৰিব পাৰিব৷

তেওঁ কয় যে পিএম–উদয় প্ৰকল্পই দিল্লীৰ এই সকল বাসিন্দাৰ জীৱনলৈ নতুন প্ৰভাত লৈ আনিব৷

 

প্ৰধানমন্ত্রীয়ে প্ৰসংগক্ৰমে ২০২২ চনৰ ভিতৰত সকলোৰে বাবে আবাসৰ ব্যৱস্থা কৰাৰ লক্ষ্যৰে তেওঁৰ চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে৷

পিএম –উদয়ৰ পটভূমিঃ

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটে ২৩ অক্টোবৰৰ বৈঠকত দিল্লীৰ অকৰ্তৃত্বশীল কলোনিসমূহৰ বাসিন্দাসকলৰ বসবাসৰ স্বীকৃতিৰ প্ৰস্তাৱ অনুমোদন জনায়। সেই হিচাপেয ২৯ অক্টোবৰত বিজ্ঞপ্তি জাৰি কৰা হয়।

কেন্দ্রীয় কেবিনেটে এই সম্পত্তিৰ মালিকীস্বত্বক স্বীকৃতি দিবলৈ আইনসন্মত প্ৰতিনিধিৰ সাধাৰণ ক্ষমতা, ইচ্ছাপত্ৰ, বিক্ৰয়ৰ চুক্তি, প্ৰদত্ত অর্থ আৰু অধিকাৰ সংক্রান্তীয় নথি–পত্ৰক মান্যতা দিয়াৰ লক্ষ্যৰে সংসদত এখন বিধেয়ক উত্থাপন কৰাৰ অনুমোদন জনাইছে৷

প্ৰস্তাৱিত বিধেয়কত বর্তমান আইনৰ আওতাত এলেকাভিত্তিক কৰৰ পৰিৱর্তে পঞ্জীয়ন মাচুল আৰু ষ্টাম্প ডিউটি বাবদ কম মূল্য চৰকাৰে ধার্য কৰিব পাৰিব। ইয়াৰ ফলত সেই সকলো অকৰ্তৃত্বশীল কলনিৰ বাসিন্দাৰ বিশেষ পৰিস্থিতি বিবেচনা কৰে তেওঁলোকৰ এককালীন ৰেহাই প্ৰদন কৰা হ’ব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Now, you can port FASTag from one bank to another

Media Coverage

Now, you can port FASTag from one bank to another
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Rosh Hashanah to PM Netanyahu, people of Israel and Jewish communities worldwide
September 12, 2026

The Prime Minister, Shri Narendra Modi has extended greetings on the occasion of Rosh Hashanah to Prime Minister of Israel, Benjamin Netanyahu, the people of Israel and Jewish communities across the globe.

The Prime Minister wished that the new year be filled with peace, hope, good health and continued progress for all.

In a post on X, Shri Modi wrote;

“‎Shana Tova!

‎Wishing a very happy Rosh Hashanah to Prime Minister Netanyahu, the people of Israel and Jewish communities across the globe.

‎May the new year be filled with peace, hope, good health and continued progress for all.

‎שנה טובה!

 

‎ מאחל שנה טובה ושמחה לראש הממשלה נתניהו, לעם ישראל ולקהילות היהודיות ברחבי העולם.

 

‎ מי ייתן והשנה החדשה תביא עמה שלום, תקווה, בריאות טובה וקדמה לכולם.


‎ ⁦‪@netanyahu‬⁩”