PM Modi pays floral tributes to Sant Kabir Das at Maghar, Uttar Pradesh
Sant Kabir represents the essence of India's soul: PM Modi in Maghar
Sant Kabir broke the barriers of caste and spoke the language of the ordinary, rural Indians: PM Modi in Maghar
Saints have risen from time to time, in various parts of India, who have guided society to rid itself of social evils: PM Modi

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ সন্ত কবীৰ নগৰৰ মঘৰ পৰিদৰ্শন কৰে৷

মহান সন্ত তথা কবি কবীৰৰ ৫০০তম মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁৰ সমাধিত প্ৰধানমন্ত্ৰীয়ে পুষ্পাঞ্জলি অৰ্পণ কৰে৷ ইয়াৰোপৰি তেওঁ সন্ত কবীৰৰ মাজাৰত চাদৰ তৰ্পণো কৰে৷ তেওঁ সন্ত কবীৰ গুহা পৰিদৰ্শন কৰে আৰু সন্ত কবীৰ একাডেমীৰ আধাৰশিলা স্থাপনৰ চিহ্ন হিচাপে এখন ফলক উন্মোচন কৰে যিয়ে মহান সন্ত গৰাকীৰ শিক্ষা আৰু চিন্তাধাৰাক প্ৰজ্বলিত কৰিব৷

এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে কয় যে মঘৰৰ পৱিত্ৰ ভূমিত য’ত সন্ত কবীৰ, গুৰু নানক আৰু বাবা গোৰখনাথে আধ্যাত্মিক আলোচনা কৰিছিল বুলি কোৱা হয়, সেই স্থানত সন্ত কবীৰক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিবলৈ তেওঁৰ বিগত চাৰি বছৰে ধৰি ইচ্ছা পুহি ৰাখিছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সন্ত কবীৰ একাডেমী ২৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব যি সন্ত কবীৰৰ মহান গাঁথা উজ্বীৱিত কৰাৰ উপৰিও উত্তৰ প্ৰদেশৰ আঞ্চলিক তথা লোক কলাসমূহকো সংৰক্ষিত কৰিব৷ 

 

তেওঁ কয় যে সন্ত কবীৰে ভাৰতীয় আত্মাক প্ৰতিনিধিত্ব কৰে৷ ইয়াৰোপৰি সন্ত কবীৰে জাতিৰ অন্তৰাল অতিক্ৰমী সাধাৰণ আৰু গ্ৰামীণ জনসাধাৰণৰ ভাষা কৈছিল বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বিভিন্ন প্ৰান্তত সন্তসকলৰ সময়ে সময়ে জন্ম হয় আৰু তেওঁলোকে সামাজিক বিনাশক প্ৰতিৰোধ কৰিহলৈ সমাজক পথ দেখুৱায়৷ ভাৰতৰ বিভিন্ন যুগৰ বিভিন্ন স্থানৰ সন্তসকলৰ নাম প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে বাবাচাহেব আম্বেদকাৰৰ নাম উল্লেখ কৰি তেওঁ সমগ্ৰ ভাৰতৰ নাগৰিকসকলৰ সংবিধানৰ জৰিয়তে সমতা স্থাপনৰ হকে কাম কৰিছিল বুলি কয়৷

ৰাজনৈতিক সুবিধাবাদৰ বিপক্ষে শক্তিশালী বিবৃতি প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে সন্ত কবীৰৰ শিকনি- এজন আদৰ্শ শাসকে জনসাধাৰণৰ আবেগ অনুভৱ কৰিব পাৰে বুলি স্মৰণ কৰে৷ তেওঁ কয় যে সন্ত কবীৰে জনসাধাৰণৰ বিভাজিত কৰাৰ সামাজিক আন্তঃগাঁথনিক সমালোচনা কৰিছিল৷ ভাষণৰ শেষত, প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ দুখীয়া আৰু সমাজৰ পিছপৰা শ্ৰেণীক সৱলীকৰণ কৰা বিভিন্ন আঁচনি যেনে জন ধন যোজনা, উজ্বলা যোজনা, বীমা আঁচনি, শৌচাগাৰ নিৰ্মাণ আৰু প্ৰত্যক্ষ লাভ স্থানান্তৰৰ বিষয়ে উল্লেখ কৰে৷ ইয়াৰোপৰি তেওঁ বিভিন্ন ক্ষেত্ৰ যেনে পথ, ৰে’লৱে আৰু অপ্টিকেল ফাইবাৰ নেটৱৰ্ক আদিত বৃদ্ধি হোৱা আন্তঃগাঁথনিসমূহৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ সকলো প্ৰান্ততে যাতে বিকাশ প্ৰাপ্ত হয় তাৰ নিশ্চিতি প্ৰদানৰ বাবে কাম কৰি আছে৷

সন্ত কবীৰৰ শিকনিয়ে যাতে নতুন ভাৰতক মাত্ৰা প্ৰদান কৰিব পাৰে তেওঁ সেয়া আশা কৰে৷

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cotton duty relief: Textile industry welcomes import tax waiver, sees boost for exports and MSMEs

Media Coverage

Cotton duty relief: Textile industry welcomes import tax waiver, sees boost for exports and MSMEs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 মে’ 2026
May 31, 2026

India’s Golden Chapter: Maritime Might, Digital Revolution & Nari Shakti Under PM Modi