প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ আমেথিৰ কৌহাৰ ভ্ৰমণ কৰে৷ এই উপলক্ষে তেওঁকালাছনিকভ এছল্ট ৰাইফল উৎপাদনৰ বাবে ভাৰত–ৰাছিয়া ৰাইফল প্রাইভেট লিমিটেড শীৰ্ষক যৌথ উদ্যোগদেশবাসীৰ নামত উচর্গা কৰে৷

 

আমেথিত তেওঁ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামতো উচৰ্গা কৰে৷

 

এই উপলক্ষে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন প্ৰেৰণ কৰা বাৰ্তা পাঠ কৰি শুনায় প্ৰতিৰক্ষা মন্ত্রী নির্মলা সীতাৰমনে৷বার্তাটোত ৰাষ্ট্ৰপতি পুটিনে কয়, “ৰাছিয়া–ভাৰতৰ নতুন এই যৌথ উদ্যোগৰ জৰিয়তে অত্যাধূনিক ২০০ ছিৰিজৰবিশ্ববিখ্যাত কালাছনিকভ এছল্ট ৰাইফল  নিৰ্মাণ কৰা হ’ব৷ থলুৱা প্ৰযুক্তিৰে ইয়াৰ উৎপাদন হ’বলৈ গৈ আছে৷ এইউদ্যোগৰ জৰিয়তে ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগ ক্ষেত্রত ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ চাহিদা পূৰণ কৰাটো সম্ভৱহৈ পৰিব৷ একেদৰে, ৰাছিয়াৰ আধুনিক প্ৰযুক্তিৰ ভিত্তিত সৰু জোখৰ অস্ত্ৰ–শস্ত্ৰও নিৰ্মাণ কৰা হ’ব৷”

এই উপলক্ষে আয়োজিত সভাত সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্রীয়ে এই যৌথ উদ্যোগৰ বাবে ৰাষ্ট্ৰপতিপুটিনক ধন্যবাদ জনায়৷ তেওঁ কয় যে আমেথিৰ এই কাৰখানাৰ পৰা লাখ লাখ ৰাইফল নিৰ্মাণ কৰা হ’ব, যি দেশৰনিৰাপত্তা বাহিনীসমূহক আৰু অধিক শক্তিশালী কৰিব৷

 

প্ৰধানমন্ত্রীয়ে লগতে কয় যে এই উদ্যোগ বিভিন্ন কাৰণত বিলম্ব হৈছিল৷ দেশৰ সেনাবাহিনীৰ বাবে আধুনিকৰাইফলৰ উৎপাদনত বিলম্ব কৰাটো প্ৰকৃতাৰ্থত জোৱানসকলৰ প্ৰতি কৰা এক চৰম অন্যায়৷ ২০০৯তজোৱানসকলৰ বাবে বুলেট প্রুফ জেকেটৰ প্ৰয়োজনীয়তাৰ কথা দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪লৈকেএই ধৰণৰ জেকেট সংগ্ৰহ কৰাই হোৱা নাছিল৷ বর্তমান কেন্দ্রীয় চৰকাৰে জোৱানসকলৰ এই চাহিদা পূৰণকৰিছে৷ তেওঁ লগতে কয় যে পূৰ্বতে বহু ক্ষেত্রত গুৰুত্বপূর্ণ অস্ত্ৰ–শস্ত্ৰ আৰু সা–সৰঞ্জাম সংগ্ৰহতো এনে ধৰণৰপলম কৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে ৰাফেল যুদ্ধ বিমানৰ কথা উল্লেখ কৰি কয় যে অহা কেইমাহ মানৰভিতৰতে বায়ু সেনাবাহিনীত অত্যাধুনিক এই যুদ্ধ বিমান অন্তৰ্ভূক্ত কৰা হ’ব৷ বর্তমান কেন্দ্রীয় চৰকাৰৰ আন্তৰিকপ্ৰচেষ্টাৰ ফলতেই এই সফলতা লাভ কৰা বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷

আমেথিত একাধিক উন্নয়নমূলক প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে এই প্ৰকল্পসমূহ ৰূপায়ণৰক্ষেত্রত বিভিন্ন বাধা–বিঘিনিয়ে দেখা দিছিল৷ এতিয়া এই সমস্যাসমূহ দূৰ কৰা হৈছে যাতে এইবোৰৰ দ্ৰতগতিতৰূপায়ণ কৰিব পৰা যায়৷ প্ৰকল্পসমূহ কাৰ্যকৰী হ’লে ব্যাপক হাৰত কর্মসংস্থাপনৰো সুযোগ সৃষ্টি হ’ব৷প্ৰধানমন্ত্রীয়ে কয় যে আমেথিত প্ৰধানমন্ত্রী আবাস যোজনা, উজ্জ্বলা যোজনা, সৌভাগ্য যোজনা আৰু শৌচাগাৰনির্মাণৰ ফলত সাধাৰণ লোকসকলৰ জীৱনধাৰণৰ মান উন্নত কৰিছে৷

কেন্দ্রীয় চৰকাৰে দৰিদ্ৰ লোকসকলক সবলীকৰণ আৰু দাৰিদ্র্যতা দূৰীকৰণৰ কাম কৰিছে বুলি উল্লেখ কৰিপ্ৰধানমন্ত্রীয়ে কয় যে কৃষক সমাজৰ কল্যাণৰ ক্ষেত্ৰতো একে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷ প্ৰসংগক্ৰমে তেওঁপ্ৰধানমন্ত্রী কিষাণ সন্মান নিধি শুভাৰম্ভ কৰাৰ কথাও উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই আঁচনিৰজৰিয়তে অহা ১০ বছৰত কৃষকসকলে ৭.৫০হাজাৰ কোটি  টকা লাভ কৰিব৷


 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List

Media Coverage

Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses gratitude to brave soldiers on Kargil Vijay Diwas
July 26, 2026

Prime Minister Shri Narendra Modi today stated that on Kargil Vijay Diwas, our nation expresses gratitude to the brave soldiers for their extraordinary courage and commitment towards securing India.

The Prime Minister noted that their valour in the face of the most formidable conditions will forever remain a source of national pride. He observed that their unwavering patriotism and devotion to duty will continue to inspire generations.

In a post on X, the Prime Minister shared:

"On Kargil Vijay Diwas, our nation expresses gratitude to the brave soldiers for their extraordinary courage and commitment towards securing India. Their valour in the face of the most formidable conditions will forever remain a source of national pride. Their unwavering patriotism and devotion to duty will continue to inspire generations."