We will break the backbone of terrorism in Jammu and Kashmir and fight it with all our might: PM Modi
Our government is committed to restore dignity of displaced Kashmiri Pandits: PM Modi
PM Modi congratulates people of Jammu Kashmir for making the state Open Defecation Free

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে জম্মু আৰু কাশ্মীৰত সন্ত্ৰাস বিয়পাবলৈ চেষ্টা চলাই থকা অপশক্তিক দেশে যোগ্য প্ৰত্যুত্তৰ দিব৷ শ্ৰীনগৰত এখন জনসভাত তেওঁ আজি কয়, ‘আমি প্ৰতিগৰাকী সন্ত্ৰাসবাদীক যোগ্য প্ৰত্যুত্তৰ দিম৷ জম্মু আৰু কাশ্মীৰত আমি সন্ত্ৰাসবাদৰ মেৰুদণ্ড ভাঙি দিম আৰু পূৰ্ণশক্তিৰে আমি ইয়াৰ বিৰুদ্ধে যুঁজ দি যাম৷’

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ ত্যাগ কৰা শ্বহীদ নাজিৰ আহমেদ ৱানিৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে৷

প্ৰধানমন্ত্ৰীয়ে নৱনিৰ্বাচিত পঞ্চায়ত মূৰব্বীসকলক সাক্ষাৎ কৰে৷ বহু বছৰৰ মূৰত ৰাজ্যখনত স্থানীয় নিকায়ৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ বাবে তেওঁ সন্তুষ্টি ব্যক্ত কৰে৷ প্ৰতিকূল পৰিস্থিতিৰ মাজতো ভোট দিবলৈ ওলাই অহাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ শলাগ লয়৷ ইয়ে গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ আস্থাক প্ৰতিফলিত কৰে৷

প্ৰধানমন্ত্ৰীয়ে নৱনিৰ্বাচিত পঞ্চায়ত মূৰব্বীসকলক সাক্ষাৎ কৰে৷ বহু বছৰৰ মূৰত ৰাজ্যখনত স্থানীয় নিকায়ৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ বাবে তেওঁ সন্তুষ্টি ব্যক্ত কৰে৷ প্ৰতিকূল পৰিস্থিতিৰ মাজতো ভোট দিবলৈ ওলাই অহাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ শলাগ লয়৷ ইয়ে গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ আস্থাক প্ৰতিফলিত কৰে৷

ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘মই ৬০০০ কোটি টকীয়া প্ৰকল্প মুকলি কৰিবলৈ ইয়ালৈ আহিছো৷ এই প্ৰকল্পসমূহে শ্ৰীনগৰ আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব৷’

প্ৰধানমন্ত্ৰীয়ে শ্ৰীনগৰত ৰাজ্যখনৰ বাবে কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ তেওঁ পুলৱামাৰ অৱন্তিপুৰাত এইমছৰ আধাৰশিলা স্থাপন কৰে৷ ইয়ে ৰাজ্যখনৰ স্বাস্থ্য আন্তঃগাথনি উন্নত কৰিব৷ ইয়াৰ সৈতে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য আঁচনি আয়ুষ্মান ভাৰতক সংযুক্ত কৰা হ’ব৷ এই আঁচনিখনে জম্মু কাশ্মীৰৰ প্ৰায় ৩০ লাখ লোকক সাঙুৰি ল’ব৷

প্ৰধানমন্ত্ৰীয়ে বান্দিপুৰাত ৰাজ্যৰ প্ৰথমটো গ্ৰাম্য বিপিঅ’ কেন্দ্ৰ উদ্বোধন কৰে৷ ইয়ে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ বাবে সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে কাশ্মীৰী প্ৰব্ৰজনকাৰীসকলক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰিব, যদিহে তেওঁলোকে উভতি আহি ইয়াত জীৱননিৰ্বাহ কৰিব বিচাৰে৷ কাশ্মীৰী প্ৰব্ৰজনকাৰী কৰ্মচাৰীৰ থকা-খোৱাৰ বাবে প্ৰায় ৭০০ আৱাসগৃহ নিৰ্মাণ কৰা হ’ব৷ লগতে ৩০০০ পদত কাশ্মীৰী পণ্ডিতসকলক সংস্থাপন দিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে এই অনু্ষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ কলেজীয়া শিক্ষাৰ্থীৰে মতবিনিময় কৰে৷

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অধীনত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন প্ৰকল্পৰ বুটাম টিপি ডিজিটেল উদ্বোধন কৰে৷ তেওঁ লগতে জম্মু আৰু কাশ্মীৰৰ কিশৱাৰ, কুপৱাৰা আৰু বাৰামুল্লাত ৩খন মডেল ডিগ্ৰী কলেজৰ আধাৰশিলা স্থাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে লগতে জলন্ধৰ-ছাম্বা-ৰাজৌৰী-শ্বপিয়ান-অমৰগড় ট্ৰান্সমিছন লেনো মুকলি কৰে৷ এই প্ৰকল্পই জম্মু আৰু কাশ্মীৰৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব৷

জম্মু আৰু কাশ্মীৰক মুকলিত শৌচমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে৷ নতুন উদ্ভাৱন, আৱিস্কাৰ আৰু ষ্টাৰ্ট আপ অভিযানে দেশত এক গতি লাভ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ৩-৪ বছৰত ভাৰতত প্ৰায় ১৫০০০ ষ্টাৰ্ট আপ কাৰ্যক্ষম হৈছে আৰু ইয়াৰে অৰ্ধাংশ টায়াৰ ১ আৰু ২ চহৰৰ৷

প্ৰধানমন্ত্ৰীয়ে গান্ধীৰবলৰ ছিফোৰাত ইনড’ৰ স্প’ৰ্টছ প্ৰকল্পও উদ্বোধন কৰে৷ এই প্ৰকল্পই যুৱ প্ৰজন্মক ইনড’ৰ গেম খেলাত সহায় কৰিব ৷ তেওঁ কয় যে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাথনি উন্নত কৰিবলৈ আৰু প্ৰতিভা সন্ধানৰ বাবে সকলো ২২ জিলাক খেলো ইণ্ডিয়া অভিযানত অন্তৰ্ভুক্ত কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে ইতিহাসপ্ৰসিদ্ধ ডাল হ্ৰদ ভ্ৰমণ কৰে আৰু তাৰ সা-সুবিধাসমূহৰ বুজ লয়৷
এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ দিনজোৰা জম্মু ভ্ৰমণ৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi