প্ৰধানমন্ত্ৰীৰ ইটানগৰ ভ্ৰমণ

Published By : Admin | February 9, 2019 | 12:16 IST
In an effort to connect all the capitals of North East states, Itanagar has also been connected with the Railways: PM
Not just airports, the lives of people in Arunachal Pradesh will improve vastly with new and improved rail and road facilities: PM Modi
Arunachal Pradesh is India's pride. It is India's gateway, Centre will not only ensure its safety and security, but also fast-track development in the region: PM

প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশ, অসম আৰু ত্ৰিপুৰা ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ইটানগৰ ভ্ৰমণ কৰে৷ তাতে তেওঁ গ্ৰীণফিল্ড বিমানবন্দৰ আৰু ছেলা টানেলৰ আধাৰশিলা স্থাপন কৰে৷ তেওঁ ডিডি অৰুণ প্ৰভা চেনেল মুকলি কৰে৷ তাৰোপৰি তেওঁ ইটানগৰৰ আইজি পাৰ্কৰ পৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্পও মুকলি কৰে৷ প্ৰধানমন্ত্ৰীয়ে তাতে লইন লুমৰ সঞ্চালনো প্ৰত্যক্ষ কৰে৷

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে অৰুণাচলক উদিত সূৰ্যৰ দেশ বুলি অভিহিত কৰি কয় যে ই দেশৰ আত্মবিশ্বাসৰ প্ৰতীক৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আজি মই ৪০০০ কোটি টকাতকৈও অধিক টকাৰ প্ৰকল্প মুকলি কৰাৰ সৌভাগ্য লাভ কৰিছো৷ আনহাতে ১৩০০০ কোটি টকাৰ অতিৰিক্ত প্ৰকল্প ৰাজ্যখনত চলি আছে৷’’ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যবাসীক তেওঁৰ ৫৫ মাহৰ কাৰ্যকলাপ আৰু পূৰ্বৰ চৰকাৰৰ ৫৫ বছৰীয়া কাৰ্যকলাপৰ সৈতে তুলনা কৰিবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যি ধৰণে অঞ্চলটোৰ বিকাশ হ’ব লাগিছিল তেনে ধৰণৰ হোৱা নাছিল৷ পূৰ্বৰ চৰকাৰে অৰুণাচল প্ৰদেশক অৱজ্ঞা কৰিছিল৷ তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ দ্বাৰাহে নতুন ভাৰতৰ নিৰ্মাণ সম্ভৱ৷ আমাৰ চৰকাৰে অৰুণাচল প্ৰদেশলৈ ৪৪০০০ কোটি টকাৰ আৱণ্টন দিছে যি পূৰ্বৰ চৰকাৰৰ পৰিমাণৰ তুলনাত দুগুণ৷

প্ৰধানমন্ত্ৰীয়ে হলংগিত গ্ৰীণফিল্ড বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰে আৰু নতুনকৈ পুনৰ্নিমাণ কৰা তেজু বিমানবন্দৰটো মুকলি কৰে৷ হলংগিৰ টাৰ্মিনেলটোত ৯৫৫ কোটি টকা ব্যয় হ’ব আৰু ৪১০০ বৰ্গমিটাৰ পৰিধিৰ হ’ব৷ তাৰোপৰি ই প্ৰতিঘণ্টাত ২০০ যাত্ৰী ধাৰণ কৰাৰ ক্ষমতা থাকিব৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থা উন্নত হোৱা বুলি মন্তব্য কৰে৷ বৰ্তমান অৱস্থাত ইটানগৰলৈ যাবলৈ হ’লে গুৱাহাটীৰ বিমানবন্দৰত অৱতৰণ কৰি হয় পথেৰে নতুবা হেলিকপ্টাৰেৰে যাব লাগে৷

তেওঁ কয়স ‘‘তেজু বিমানবন্দৰ ৫০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল কিন্তু কোনো চৰকাৰে ইয়াক দেশৰ অন্য প্ৰান্তৰ সৈতে সংযোজিত কৰিবলৈ সদিচ্ছা প্ৰকাশ কৰা নাছিল৷ আমি এই সৰু বিমাবন্দৰটোৰ বাবে ১২৫ কোটি টকা ব্যয় কৰি ইয়াক সম্প্ৰসাৰিত কৰিছো৷ তেজু বিমানবন্দৰ অৰুণাচল প্ৰদেশৰ জনতালৈ সেৱা প্ৰদানৰ বাবে প্ৰস্তুত৷ উড়ান আঁচনিৰ জৰিয়তে জনতাই কম খৰচতে ভ্ৰমণ কৰিব পাৰিব৷ কেৱল বিমানবন্দৰেই নহয়, অৰুণাচল প্ৰদেশৰ বাসিন্দাৰ জীৱনো উন্নত হ’ব তথা ৰে’ল আৰু পথেৰে সংযোজিত হ’ব৷’’

প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশত ছেলা টানেলৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ দ্বাৰা বছৰৰ সকলো ঋতুতে অৰুণাচলৰ লোকে যাতায়াত কৰিব পাৰিব আৰু টাৱাঙলৈ যাত্ৰা এঘণ্টালৈ হ্ৰাস হ’ব৷ ইয়াৰ ব্যয়ত ৭০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বগীবিলৰ ৰে’ল আৰু পথ দলং মুকলিৰ জৰিয়তে অৰুণাচল অধিকভাৱে মূলসুঁতিৰ সৈতে সংযোজিত হৈছে৷ চৰকাৰে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থা উত্তৰণ কৰাৰ বাবে ১০০০ কোটি টকাৰ প্ৰকল্পৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ তেওঁ কয় যে যোৱা ২ বছৰত প্ৰায় ১০০০খন গাঁৱক পথেৰে সংযোজিত কৰা হৈছে৷ ট্ৰান্স অৰুণাচল হাইৱে’ৰ কাম চলি আছে৷ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজধানীক ৰে’ল পথৰে সংযোজিত কৰাৰ পদক্ষেপৰ জৰিয়তে ইটানগৰো ৰে’লৱে মানচিত্ৰৰ ভিতৰলৈ আহিছে৷ অৰুণাচল এক্সপ্ৰেছ সপ্তাহত নাহৰলগুণলৈ দুবাৰকৈ যাত্ৰা কৰে৷ টাৱাঙকো ৰে’লেৰে সংযোজিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশক সৌভাহ্য আঁচনি অধীনত ঘৰসমূহৰ ১০০% বৈদ্যুতিকীকৰণ হোৱা বুলি ঘোষণা কৰে৷ তেওঁ ৰাষ্ট্ৰলৈ বুলি ১১০ মেগাৱাটৰ পাৰে হাইড্ৰ’ইলেক্ট্ৰিক প্ৰকল্পও উচৰ্গা কৰে৷

তেওঁ কয়, ‘‘কালি মই জনসাধাৰণক উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণৰ আলোকচিত্ৰ বিনিময় কৰিবলৈ আহ্বান জনাইছিলো৷ কেই ছেকেণ্ডমানৰ ভিতৰতে বিদেশৰ লোককে ধৰি প্ৰায় ১০০০খন আলোকচিত্ৰ বিনিময় কৰা হৈছিল৷’’ তেওঁ কয় যে আজি মুকলি কৰা প্ৰকল্পসমূহে কেৱল ইয়াৰ জনতাৰ জীৱন সহজ কৰি তোলাই নহয়, অঞ্চলটোৰ পৰ্যটন উদ্যোগ বিকশিত হৈ নিয়োজনৰ সুবিধাও বৃদ্ধি হ’ব৷

প্ৰধানমন্ত্ৰীয়ে ৫০টা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ মুকলি কৰে৷ তেওঁ কয় যে আয়ুষ্মান ভাৰত আঁচনিৰ দ্বাৰা আমি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ মুকলি কৰি আছো৷ এই কেন্দ্ৰসমূহৰ জৰিয়তে স্বাস্থ্য সেৱাৰ মান উন্নত হ’ব৷ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পিএমজেএৱাই)ৰ জৰিয়তে ১৫০ দিনৰ ভিতৰতে প্ৰায় ১১ লাখ জনতা উপকৃত হৈছে৷

তেওঁ কয় যে এইবাৰৰ বাজেটত ঘোষণা কৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে ৫ একৰতকৈ কম ভূমি থকা কৃষকসকলে বছৰি তেওঁলোকৰ একাউণ্টত তিনিটা কিস্তিৰ জৰিয়তে ৬০০০ টকাকৈ লাভ কৰিব৷ তেওঁ কয় যে তেওঁৰ চৰকাৰে জৈৱিক কৃষিৰ উত্তৰণৰ ক্ষেত্ৰত অৰুণাচল চৰকাৰক পাৰ্যমানে সহায় কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ইটানগৰৰ আইজি পাৰ্কৰ পৰা অৰুণাচল প্ৰদেশৰ বাবে দূৰদৰ্শনৰ ডিডি অৰুণ প্ৰভা শীৰ্ষক এটি ২৪ ঘণ্টীয়া চেনেল মুকলি কৰে৷ তেওঁ কয় যে এই চেনেলৰ জৰিয়তে ৰাজ্যখনৰ দুৰ্গম অঞ্চলৰ খবৰো জনতাই লাভ কৰিব পাৰিব৷ তাৰোপৰি তেওঁ অৰুণাচল প্ৰদেশৰ জোটত ফিল্ম এণ্ড টেলিভিচন ইন্সটিটিউট অব্ ইণ্ডিয়া (এফটিআইআই)ৰ স্থায়ী আৱাস কেন্দ্ৰৰ আধাৰশিলাও স্থাপন কৰে৷

ভাষণৰ শেষত তেওঁ কয়, ‘‘অৰুণাচল প্ৰদেশ ভাৰত গৌৰৱ৷ ই ভাৰতৰ দুৱাৰমুখ আৰু মই কেৱল ইয়াৰ সুৰক্ষা আৰু নিৰাপত্তাৰ নিশ্চিতি প্ৰদান কৰাই নহয়, অঞ্চলটোৰ দ্ৰুত বিকাশৰো নিশ্চিতি প্ৰদান কৰিছো৷’’ 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”