প্ৰধানমন্ত্ৰীৰ আগৰতলা ভ্ৰমণ

Published By : Admin | February 9, 2019 | 18:51 IST
HIRA model of development - Highway, I Way, Railway, Airway is on in Tripura, says PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসম,অৰুণাচল আৰু ত্ৰিপুৰা ভ্ৰমণৰ তৃতীয় তথা অন্তিমটো কাৰ্যসূচী অনুসৰি আগৰতলা ভ্ৰমণ কৰে৷ তেওঁ গাৰ্জী-বেল’নিয়া ৰেলৱে’ লাইন আৰু আন বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে৷  

প্ৰধানমন্ত্ৰীয়ে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰে৷ মহাৰাজা বীৰ বিক্ৰমৰ ভূমিকাক প্ৰশংসা কৰি তেওঁ কয় যে ত্ৰিপুৰাৰ বাবে মহাৰাজাৰ এক সপোন আছিল আৰু আগৰতলা চহৰক গঢ় দিয়াত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ তেনে এগৰাকী ব্যক্তিৰ প্ৰতিমূৰ্তি উন্মোচন কৰি গৌৰৱান্বিত বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

ত্ৰিপুৰাৰ উন্নয়নক সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত প্ৰগতিয়ে এক নতুন গতি লাভ কৰিছে৷ চৰকাৰে যোৱা চাৰে চাৰি বছৰত ত্ৰিপুৰাৰ বাবে যথেষ্ট ধন আৱণ্টন কৰিছে৷

স্বামী বিবেকানন্দ ষ্টেডিয়ামত এখন ফলক উন্মোচন কৰি প্ৰধানমন্ত্ৰীয়ে গাৰ্জী-বেল’নিয়া ৰেলৱে’ লাইন ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে৷ এই লাইনে ত্ৰিপুৰাক দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে উদগণি যোগাব৷ প্ৰধানমন্ত্ৰী মোদীয়ে নৰসিংহগড়ত ত্ৰিপুৰা কাৰিকৰী শৈক্ষিক প্ৰতিষ্ঠানৰ নতুন চৌহদ উদ্বোধন কৰে৷ অনুষ্ঠানত তেওঁ ইয়াত অনুষ্ঠিত নিৰ্বাচনী সভা এখনৰ কথা স্মৰণ কৰি কয় যে এই স্থানতে তেওঁ উন্নয়নৰ ‘হীৰা’ আৰ্হি অৰ্থাৎ হাইৱে, আইৱে, ৰেলৱে’, এয়াৰৱে’ৰ প্ৰসংগ উল্লেক কৰিছিল৷ আগৰতলা ছাবৰুম ৰাষ্ট্ৰীয় ঘাইপথ, হামছফৰ এক্সপ্ৰেছ, আগৰতলা দেওঘৰ এক্সপ্ৰেছ, নতুন টাৰ্মিণেল আদি হ’ল এই হীৰা আৰ্হিৰ অংশ৷

কৃষক আৰু অনানুষ্ঠানিক খণ্ডৰ প্ৰতি চৰকাৰৰ দৃঢ়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মান্ধান পেঞ্চন যোজনাৰ জৰিয়তে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলে ৬০ বছৰ বয়ৰ পাছত প্ৰতিমাহে ৩০০০টকাৰ পেঞ্চন লাভ কৰিব৷ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ মাধ্যমেৰে  ৫একৰতকৈ কম ভূমি থকা কৃষকে প্ৰতিবছৰে নিজৰ বেংক একাউণ্টত ৬০০০ টকাকৈ লাভ কৰিব৷ মীনৰ বাবে পৃথক বিভাগে মৎস্যজীৱিসকলক যথেষ্ট পৰিমাণে লাভান্বিত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূবৰ তিনিখন ৰাজ্য ভ্ৰমণৰ পাছত সন্ধিয়া নতুন দিল্লীলৈ উভতি যায়৷ কাইলৈ তেওঁ অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটক ভ্ৰমণ কৰিব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists

Media Coverage

Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 আগষ্ট 2026
August 10, 2026

History, Heritage & High Growth: Why India’s Youth Feel Unstoppable Under PM Modi’s Leadership