প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-প্ৰদেশৰ কানপুৰ ভ্ৰমণ কৰে৷ তাত তেওঁ লক্ষ্ণৌ মেট্ৰ’ ৰেল প্ৰকল্প উদ্বোধন কৰে আৰু আগ্ৰা মেট্ৰ’ ৰেল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ তেওঁ পানকী তাপ বিদ্যুৎ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে আৰু নিৰলানগৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷

জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কানপুৰ হৈছে দেশলৈ মূল্যৱান বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও সাহসী নেতাৰ জন্মভূমি৷ আজি মুকলি হোৱা প্ৰকল্পসমূহে কানপুৰ আৰু উত্তৰ-প্ৰদেশৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কানপুৰত বিদ্যুৎ সেৱা উন্নত কৰিবলৈ পৰিশ্ৰমেৰে কাম কৰি আছে৷ এই প্ৰসংগত তেওঁ উল্লেখ কৰে যে পানকী তাপ বিদ্যুৎ প্ৰকল্পই কানপুৰ আৰু উত্তৰ-প্ৰদেশৰ বিজুলী সংকটৰ পৰিৱেশ সলনি কৰিব৷ সৌভাগ্য আঁচনিৰ অধীনত উত্তৰ-প্ৰদেশত প্ৰায় ৭৬ লাখ বিনামূলীয়া বিদ্যুৎ সংযোগ আগবঢ়োৱা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে৷

পবিত্ৰ গংগা নদীৰ পৰিষ্কাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা পদক্ষেপৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে গংগা নদী পৰিষ্কাৰ কৰাতো অসম্ভৱ বুলি পূৰ্বে ভবা হৈছিল, কিন্তু এতিয়া তেওঁৰ চৰকাৰে এই অসম্ভৱক সম্ভৱ কৰি তুলিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-প্ৰদেশত স্থাপিত প্ৰতিৰক্ষা ক’ৰিডৰে কানপুৰৰ জনসাধাৰণক যথেষ্ট পৰিমাণে উপকৃত কৰিব৷ স্থলপথ, ৰেলপথ আৰু বিমানসেৱাত গুৰু্ত্বপূৰ্ণ আন্তঃগাথনি নিৰ্মাণ কৰা হৈছে আৰু ইয়ে উত্তৰ-প্ৰদেশক সলনি কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷

২০২২ৰ ভিতৰত দেশৰ প্ৰতিটো পৰিয়ালৰ এটাকৈ আৱাসগৃহ থকাটো নিশ্চিত কৰিবলৈ তেওঁৰ চৰকাৰ সংকল্পবদ্ধ বুলি প্ৰধানমন্ত্ৰীয়ে পুনৰ এবাৰ সোঁৱৰাই দিয়ে৷ তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশত এতিয়ালৈকে প্ৰায় ১.৫ কোটি আৱাসগৃহ নিৰ্মাণ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে পুলৱামা আক্ৰমণত শ্বহীদ হোৱা কানপুৰৰ বীৰ জোৱানসকললৈ সন্মান যাচে আৰু কয় যে চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত ঐক্য-সংহতিৰ এক পৰিৱেশ সৃষ্টি হোৱাতো অত্যন্ত প্ৰয়োজন৷ অস্থিৰ পৰিৱেশ সৃষ্টি কৰা যিকোনো শক্তিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ তেওঁ ৰাজ্য চৰকাৰসমূহক আহ্বান জনায়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
82 km in less than 1 hour: Delhi-Meerut Namo Bharat corridor set for full opening on Feb 22

Media Coverage

82 km in less than 1 hour: Delhi-Meerut Namo Bharat corridor set for full opening on Feb 22
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 ফেব্ৰুৱাৰী 2026
February 22, 2026

From Hours to Minutes: PM Modi’s Vision Turns Namo Bharat into Atmanirbhar Chips, AI & Global Pride