PM-KISAN scheme will give wings to the aspirations of crores of hardworking farmers of India who feed our nation
NDA government is committed to provide the farmers with all the facilities so that by 2020 his income doubles: PM Modi
Congress along with other parties in Opposition alliance recall the farmers only when polls are near: PM Modi

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি উত্তৰপ্রদেশৰ গোৰখপুৰত ‘প্রধানমন্ত্রী কিষাণ সন্মান নিধি’ (পিএম-কিষাণ) আঁচনিৰ শুভাৰম্ভ কৰে।

এই আঁচনিৰ শুভাৰম্ভণিৰ লগে লগে একাংশ হিতাধিকাৰী কৃষকৰ বেংক একাউণ্টত প্রথম কিস্তিৰ ২,০০০ টকাকৈ হস্তান্তৰ কৰা হ’ব৷

প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিখন শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে কৃষকসকলক অভিনন্দন জনায়। দুগ্ধপাম আৰু মীনপালনৰ সৈতে জড়িত পৰিয়ালসমূহকো অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়াৰে পৰা তেওঁলোকেও কিষাণ ক্রেডিট কার্ডৰ সুবিধা লাভ কৰিব।

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্রধানমন্ত্রীয়ে কয় যে আজিৰ দিনটো ইতিহাসৰ পাতত সদায়ে স্মৰণীয় হৈ থাকিব, কাৰণ স্বাধীনতাৰ পাছত আজি প্রথমবাৰলৈ কৃষক সমাজৰ কল্যাণৰ স্বাৰ্থত সর্ববৃহৎ আঁচনি শুভাৰম্ভ কৰা হৈছে৷

কৃষকসকলক সক্ষম কৰি তোলাৰ লগতে তেওঁলোকক সবলীকৰণ কৰাৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোঁহাৰি প্রধানমন্ত্রীয়ে কয় যে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰিবলৈ চৰকাৰে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিছে।

‘পিএম-কিষাণ’ আঁচনিৰ অধীনত প্রায় ১২ কোটি কৃষক লাভবান হ’ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ জৰিয়তে প্রতি বছৰে কৃষকসকলৰ একাউণ্ট ৭৫,০০০ কোটি টকা হস্তান্তৰ কৰা হ’ব৷ তেওঁ ৰাজ্য চৰকাৰসমূহক হিতাধিকাৰী কৃষকসকলৰ নামৰ তালিকা অতি শীঘ্ৰে কেন্দ্রীয় চৰকাৰৰ ওচৰলৈ প্ৰেৰণৰ আহ্বান জনায়। আঁচনিৰ সা-সুবিধা নিৰ্দিষ্ট সময়ত কৃষকসকলৰ ওচৰত পোৱাবৰ বাবেই এই প্ৰচেষ্টা হাতত লোৱা বুলি তেওঁ সদৰি কৰে৷

প্রধানমন্ত্রীয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহে নির্দিষ্ট ম্যাদৰ ঋণ ৰেহাইৰ কথা ঘোষণা কৰি থাকিলেও কৃষকসকলে দীর্ঘদিনে সেই সুবিধা লাভত ব্যর্থ হৈছে। ‘পিএম-কিষাণ’ আঁচনিয়ে তেওঁলোকৰ আর্থিক বোজা লাঘৱ কৰাৰ উপৰি গ্রামীণ অর্থনীতিতো ব্যাপক বিনিয়োগৰ পথো প্রশস্ত কৰিব।

‘পিএম-কিষাণ’ আঁচনিৰ সা-সুবিধা পোনপটীয়াকৈ হস্তান্তৰ কৰা হ’ব। ইয়াৰ ফলত আর্থিক সাহাৰ্যৰ সকলো ধনেই পোনপটীয়াকৈ হিতাধিকাৰীয়ে লাভ কৰিব।

প্রধানমন্ত্রীয়ে লগতে উল্লেখ কৰে যে দীর্ঘদিন ধৰি বিকল হৈ পৰি থকা কৃষিখণ্ডৰ জলসিঞ্চন প্রকল্পসমূহৰ কামো দ্রুতগতিত সম্পূৰ্ণ কৰিবলৈ চৰকাৰে প্রায় ১ লাখ কোটি টকা ধাৰ্য কৰিছে। ইয়াৰ ফলত দেশৰ বিভিন্ন স্থানৰ কৃষকসকলে স্থায়ীভাৱে লাভবান হ’ব। কৃষক শ্রেণীৰ কল্যাণত ১৭ কোটি ভূমি স্বাস্থ্য কার্ড, নিমৰ প্ৰলেপযুক্ত ইউৰিয়া, উৎপাদন ব্যয়ৰ ৫০ শতাংশ বা তাতকৈ অধিক হাৰত ২২বিধ শস্যৰ ন্যূনতম সমৰ্থন মূল্য ঘোষণা, প্রধানমন্ত্রী ফচল বীমা যোজনা আৰু অনলাইন ৰাষ্ট্ৰীয় কৃষি বজাৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে বুলিও তেওঁ সদৰি কৰে৷

কিষাণ ক্রেডিট কার্ডৰ জৰিয়তে কৃষকসকলে এতিয়াৰে পৰা ১.৬০ লাখ টকালৈকে ঋণ সাহাৰ্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি সদৰি কৰি প্রধানমন্ত্রীয়ে কৃষক সমাজৰ স্বার্থত গ্ৰহণ কৰা অন্যান্য কল্যাণমূলক আঁচনিসমূহৰ কথাও উল্লেখ কৰে।

প্রধানমন্ত্রীয়ে কয় যে সমগ্র পূব উত্তৰপ্রদেশ এতিয়া দ্রুত পৰিৱর্তনৰ দিশে গতি কৰিছে। এই পৰিৱর্তনৰ ভিতৰত উদ্যোগ, যোগাযোগ ব্যৱস্থা আৰু স্বাস্থ্যখণ্ডৰ সৰ্বাংগীন উন্নয়নৰ বিষয়সমূহো স্পষ্টভাৱে প্রতিফলিত হৈছে।

প্রধানমন্ত্রীয়ে কয় যে গোৰখপুৰ আৰু পূব উত্তৰপ্রদেশৰ বাবে আজি প্রায় ১০ হাজাৰ কোটি টকা মূল্যৰ যিবোৰ আঁচনি উদ্বোধন বা আধাৰশিলা স্থাপন কৰা হৈছে, সেইবোৰে সংশ্লিষ্ট অঞ্চলৰ সাধাৰণ জনতাৰ জীৱনযাপনৰ মান উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ প্রধানমন্ত্রী আবাস যোজনা, উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰতকে ধৰি বিভিন্ন কল্যাণমূলক আঁচনিয়ে ‘সবকা সাথ, সবকা বিকাশ’ৰ মানসিকতাৰ প্রতীকি বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Synergy of steel & software: How Indian Railways got on the digital track

Media Coverage

Synergy of steel & software: How Indian Railways got on the digital track
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights youth-led development and India's thriving innovation ecosystem
June 13, 2026
PM emphasizes the remarkable contributions of Yuva Shakti across diverse sectors and their growing impact on the global stage

Prime Minister Shri Narendra Modi today stated that the Government is strongly working towards youth-led development. He noted that one of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Shri Modi highlighted that through initiatives such as Startup India, Digital India, Skill India, and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship, and enterprise. The Prime Minister pointed out that today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti, and that too from smaller towns and villages.

The Prime Minister observed that India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors, and drones. He expressed that it is heartening to see young Indians contributing to areas that will shape the future of the nation and the world.
Shri Modi emphasized that our youth have also brought immense glory to the nation in the field of sports, consistently enhancing national pride in numerous international competitions. He further stated that a stronger sporting ecosystem, better infrastructure, and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

In a series of posts on X, the Prime Minister shared:

"The NDA Government is one that is strongly working towards youth-led development. One of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Through initiatives such as Startup India, Digital India, Skill India and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship and enterprise.

Today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti and that too from smaller towns and villages.

#12YearsOfYuvaShakti”

“India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors and drones. It is heartening to see young Indians contributing to areas that will shape the future of our nation and the world.

Our youth have also brought immense glory to the nation in the field of sports. In numerous international competitions, young Indian athletes have consistently enhanced national pride.
At the same time, a stronger sporting ecosystem, better infrastructure and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

#12YearsOfYuvaShakti"